ETV Bharat / state

Ranjit Bora Murder Case: ব্যক্তিগত বিদ্যালয়ৰ স্বত্বাধিকাৰীয়ে গুলীয়াই হত্যা কৰিছিল ৰঞ্জিৎ বৰাক

author img

By

Published : Feb 5, 2023, 7:51 PM IST

গুৱাহাটীৰ চাঞ্চল্যকৰ ৰঞ্জিৎ বৰা হত্যাকাণ্ডত (Ranjit Bora Murder Case) অভিযুক্ত মুঠ 5 জনক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে ৷ অভিযুক্ত আন এজন এতিয়াও পলাতক অৱস্থাত আছে ৷ এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা কেইজনৰ ভিতৰত এজন অভিযুক্ত এখন ব্যক্তিগত বিদ্যালয়ৰ স্বত্বাধিকাৰী ৷

Ranjit Bora Murder Case
গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেল

গুৱাহাটী, ৫ ফেব্ৰুৱাৰী : ছজনীয়া ডকাইতৰ দলে পৰিকল্পিতভাৱে হত্যা কৰিছিল ৰঞ্জিৎ বৰাক (Ranjit Bora Murder Case) ৷ ইতিমধ্যে মহানগৰ আৰক্ষী, কামৰূপ আৰক্ষী আৰু নলবাৰী আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হৈছে মহানগৰীৰ পাঞ্জাৱাৰীত দিন দুপৰতে সংঘটিত হোৱা চাঞ্চল্যকৰ ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ ৫ জনকৈ অভিযুক্তক ৷ বৰ্তমানেও পলাতক এজন (Accused of Ranjit Bora murder case) ৷

ধৃত অভিযুক্তকেইজন ক্ৰমে শ্বাহ আলম তালুকদাৰ(৩৩), সুজল আলী (২৭), জয়দেৱ মহন্ত (৪০), জিতুমণি বৰ্মন(৩৭), হৰেন পাটগিৰি ৷ উদ্ধাৰ হৈছে হত্যাকাণ্ডত ব্যৱহৃত মটৰ চাইকেল, হেলমেট আৰু কাপোৰ ৷ ধৃত ৫ জন অভিযুক্ত সম্প্ৰতি আৰক্ষীৰ জিন্মত আছে ৷ দেওবাৰে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই (Guwahati Police Commissioner IPS Diganta Borah) সংবাদমেলত এই কথা সদৰী কৰে ৷

তেওঁ কয় যে ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ সমগ্ৰ ঘটনাটো ৬ জনীয়া ডকাইতৰ গেংটোৱে প্ৰায় তিনি সপ্তাহ আগৰ পৰা পৰিকল্পনা কৰিছিল ৷ তিনি সপ্তাহ ধৰি পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিৎ বৰাৰ গতিবিধি লক্ষ্য কৰি আছিল ৷ ঘটনা সংঘটিত হোৱা দিনটোত পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিৎ বৰাই আগদিনা সংগ্ৰহ হোৱা ২ লাখ ৪৫ হাজাৰ টকা পাঞ্জাবাৰীৰ ICICI বেংকত জমা দিবলৈ যাওতেই ২১ নৱেম্বৰৰ দিন দুপৰতে পাঞ্জাবাৰীত হত্যা কৰা হৈছিল ৷

ঘটনাৰ বিৱৰণী অনুসৰি ৰঞ্জিৎ বৰাই বেংকত ধনখিনি জমা দিবলৈ যাবৰ বাবে তেওঁৰ গাড়ীখন ৰখোৱাৰ সময়তে AS-01AQ 4064 নম্বৰৰ গ্লেমাৰ বাইকেৰে শ্বাহ আলম তালুকদাৰ আৰু সুজল আলী আহি বৰাৰ পৰা টকাৰ বেগটো কাঢ়িবলৈ চেষ্টা কৰিছিল ৷ কিন্তু বেগটো লৈ যোৱাত বাধা প্ৰদান কৰাত বৰাক 9 MM পিষ্টলেৰে গুলীয়াই হত্যা কৰে শ্বাহ আলমে ৷ ইতিমধ্যে ঘটনাত ব্যৱহৃত গ্লেমাৰ বাইকখন শ্বাহ আলমৰ বায়েকৰ হাজোৰ ঘৰৰ পাকঘৰত লুকাই থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰাৰ লগতে হত্যাকাণ্ডৰ পূৰ্বে সমগ্ৰ ঘটনাটো পৰিকল্পনা কৰি থকা সময়ত চাৰ্ভে কৰা AS-01EY6898 নম্বৰৰ চুপাৰ স্পেল্ডাৰ মটৰ চাইকলখনো উদ্ধাৰ কৰে ৷ এই ৬ জনীয়া ডকাইতৰ দলটোৱে মিলি পৰিকল্পনা কৰি চফ্ট টাৰ্গেট কৰে ৷ সেই পৰিকল্পনা মতেই ডকাইতিৰ ঘটনাবোৰ সংঘটিত কৰে । তাৰ পৰা পোৱা ধন তেওঁলোকৰ মাজত ভগাই লয় ৷ বৰাৰ পৰা ২ লাখ ৪৫ হাজৰ টকা লুটি নি শ্বাহ আলমে ১ লাখ ৫ হাজাৰ , সুজলে ১ লাখ আৰু জিতুমণি বৰ্মনে ৪০ হাজাৰ টকা ভগাই লৈছিল । ইপিনে শ্বাহ আলম তালুকদাৰ পাঞ্জাবাৰীৰ এক্সেল একাডেমিৰ স্বত্বাধিকাৰী । শ্বাহ আলমেই গুলীয়াই হত্যা কৰিছিল ৰঞ্জিৎ বৰাক । ৬ জনীয়া ডকাইতৰ দলটোৰ এজন পলাতক হৈ আছে ৷ তেওঁৰ তাতে ৰঞ্জিৎ বৰা হত্যাকাণ্ডত ব্যৱহাৰ কৰা পিষ্টলটো আছে বুলি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় ।

দিগন্ত বৰাই কয় যে এই ৬ জনীয়া ডকাইতৰ দলটো কেইবাটাও ঘটনাৰ লগত জড়িত ৷ বিগত বৰ্ষৰ ১৯ জানুৱাৰীত পল্টনবজাৰ বেংক অব্ বৰোডাৰ সন্মুখত হোৱা ডকাইতিকাণ্ডৰ লগত জড়িত ৷ সেই ডকাইতিকাণ্ডত বাইকেৰে আহি ৩ লাখ ৪ হাজাৰ ৪২০ টকা লুটি লৈ গৈছিল । আনহাতে ২০১৯ চনৰ ২১ ফেব্ৰুৱাৰীত সাতগাঁৱত সংঘটিত হোৱা ডকাইতিকাণ্ডৰ লগত জড়িত ৷ সেই ডকাইতিকাণ্ডত ৪০ লাখ টকাৰ সোণ-ৰূপৰ অলংকাৰ লুটি লৈ গৈছিল ৷ মুকালমুৱাত ৩১ জানুৱাৰীত সংঘটিত হোৱা ১১ লাখ টকা ডকাইতিৰ লগত এই দলটো জড়িত ৷ আনহাতে বিগত বৰ্ষৰ ৫ ডিচেম্বৰত চাংসাৰিত আৰক্ষীৰ পোচাকত আহি ৩১ লাখ টকা ডকাইতিকাণ্ডতো জড়িত ৷

আনহাতে মহানগৰ আৰক্ষীয়ে পূৰ্বে ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছিল চিন্টু আলি আৰু আমিৰ আলিক । ধৃত দুয়োজন এই ঘটনাত জড়িত আছে নে নাই এতিয়াও সমগ্ৰ বিষয়টো চাই থকা হৈছে বুলি মন্তব্য কৰে দিগন্ত বৰাই ৷

লগতে পঢ়ক: Constituency Delimitation Assam : ডিব্ৰুগড়ত সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত মন্ত্ৰী-বিধায়কৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.