ETV Bharat / state

Population below poverty line: দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে অসমৰ ৩১.৯৮ শতাংশ লোকে

author img

By

Published : Aug 1, 2023, 9:07 PM IST

ৰাজ্যসভাত উন্মোচিত অসমৰ দৰিদ্ৰতাৰ প্ৰকৃত স্বৰূপ । অসমৰ এক কোটিৰো অধিক লোক দৰিদ্ৰ সীমাৰেখাৰ তলৰ । গ্ৰাম্যাঞ্চলৰ ৩৩.৮৯ শতাংশ লোক অৰ্থাৎ ৯২.০৬ লাখ লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে । চহৰাঞ্চলৰ ২০.৪৯ শতাংশ অৰ্থাৎ ৯.২১ লাখ লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে । চুবুৰীয়া কেইবাখনো ৰ‍াজ্যৰ তুলনাত অসমৰ অৱস্থা শোচনীয় ।

Population below poverty line
দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে অসমৰ ৩১.৯৮ শতাংশ লোকে

গুৱাহাটী, ১ আগষ্ট: অসমৰ মুঠ জনসংখ্যাৰ ১.০১ কোটি লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে । এই তথ্য প্ৰকাশ পাইছে ৰাজ্যসভাৰ মজিয়াত । ৰাজ্যসভাত দাখিল কৰি তথ্য অনুসৰি অসমৰ ৩১.৯৮ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলৰ । তথ্য অনুসৰি অসমৰ গ্ৰাম্যাঞ্চলৰ ৩৩.৮৯ শতাংশ লোক অৰ্থাৎ ৯২.০৬ লাখ লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে । সেইদৰে চহৰাঞ্চলৰ ২০.৪৯ শতাংশ অৰ্থাৎ ৯.২১ লাখ লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে ।

লক্ষণীয় বিষয় যে চুবুৰীয়া কেইবাখনো ৰাজ্যৰ তুলনাত অসমত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ সংখ্যা বেছি । অসমৰ ৩১.৯৮ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলৰ হোৱাৰ বিপৰীতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ১১.৮৪ শতাংশ, মিজোৰামৰ ২০.৪০ শতাংশ, নাগালেণ্ডৰ ১৮.৮৮ শতাংশ, ত্রিপুৰাৰ ১৪.০৫ শতাংশ আৰু পশ্চিমবংগৰ ১৯.৯৮ শতাংশ লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে । ৰাজ্যসভাৰ এই তথ্যই অসম প্ৰকৃত স্বৰূপটো উদঙাই দিছে ।

যিটো সময়ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমক দেশৰ পাঁচখন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে গঢ় দিয়াৰ সপোন দেখিছে সেই সময়তে ৰাজ্যখনে দৰিদ্ৰতাৰে যুঁজ দিবলগীয়া হৈছে । দেশৰ ভিতৰতে এখন দৰিদ্ৰ ৰাজ্য হিচাপে পৰিগণিত হোৱা অসমক দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে গঢ় দিয়াৰ সংকল্পৰ কথা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সততে সদৰি কৰে । কেৱল সেয়াই নহয় আন কেইবাটাও দিশত অসমৰ শোচনীয় অৱস্থাৰ বাস্তৱ ছবিখন উন্মোচিত হৈছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমসহ উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মী বুলি সম্বোধন কৰে। কিন্তু বাস্তৱত অসমক অষ্টলক্ষ্মী হিচাপে প্ৰতিষ্ঠা কৰাত বিজেপি চৰকাৰে কোনো উদ্যোগ গ্ৰহণ কৰা নাই । যাৰ বাবে ৰাজ্যখনৰ প্ৰায় ৩২ শতাংশ লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰিবলগীয়া হৈছে । ইফালে জনমূৰি আয়ৰ ক্ষেত্রতো অসম আন ৰাজ্যৰ তুলনাত বহু পিছপৰি আছে । লক্ষণীয় বিষয় যে জনমূৰি আয়ৰ ক্ষেত্ৰত অসম দেশৰ একেবাৰে শেষৰ ফালে দ্বিতীয় স্থানত আছে । এই তথ্যও শেহতীয়াকৈ ৰাজ্যসভাৰ মজিয়াত উন্মোচিত হৈছে ।

আনহাতে জনমূৰি আয়ৰ ক্ষেত্রত দেশৰ ভিতৰতে একেবাৰে তলৰ দ্বিতীয় স্থানত থকা অসমৰ ঋণৰ বোজা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰতে সৰ্বাধিক । এই তথ্য লোকসভাৰ মজিয়াত উন্মোচিত হৈছে । কিন্তু তথাপিও মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমক দেশৰ শ্ৰেষ্ঠ পাঁচ ৰাজ্যৰ ভিতৰত এখন কৰাৰ কথা সততে উল্লেখ কৰে । কাৰ্যক্ষেত্রত অসমক শ্ৰেষ্ঠ ৰাজ্য কৰাৰ বাবে চৰকাৰখনে কোনো ধৰণৰ উদ্যোগ গ্ৰহণ কৰা নাই । বৰং ঋণৰ ওপৰত ঋণ লৈ চৰকাৰখনে ৰ‍াজ্যবাসীৰ ওপৰত ধাৰৰ বোজা জাপি দিছে ।

একমাত্র ভোটৰ অংকত চৰকাৰে হিতাধিকাৰী সৃষ্টিৰ ওপৰত গুৰুত্ব দি আহিছে আৰু ইয়াৰ বাবে ঋণৰ ওপৰত ঋণ লৈ অভিলেখ সৃষ্টি কৰিছে । চৰকাৰখনে ঋণৰ ধন উৎপাদনমূলক কামত ব্যয় কৰাৰ বিপৰীতে হিতাধিকাৰীমূলক আঁচনিত ব্যয় কৰি আহিছে । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ জনমূৰি আয় নিম্নগামী হোৱাৰ লগতে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যাও বৃদ্ধি প‍াইছে ।

চৰকাৰখন ঋণৰ ওপৰত নিৰ্ভৰশীল হৈ পৰাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে ৰাজ্যৰ অৰ্থনীতি ক্ৰমাৎ শোচনীয় অৱস্থাৰ ফালে গতি কৰিছে । যাৰ বাবে চৰকাৰে চৰকাৰী বিভাগসমূহত খালী হৈ থকা পঞ্চাশ শতাংশ পদ বিলোপ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । যাতে কৰ্মচাৰীৰ দা-দৰমহাৰ বোজা হ্ৰাস পায় । ইফালে চৰকাৰে বিত্তীয় সংকটৰ জোৰা মাৰিবৰ বাবে জনতাৰ ওপৰত জাপি দিছে কৰৰ বোজা । এনে এক পৰিস্থিতিত সাধাৰণ জনতাৰ অৱস্থা আৰু অধিক বেয়াৰ ফালে গতি কৰিছে আৰু বৃদ্ধি পাইছে দৰিদ্ৰত‌াৰ হাৰ ।

লগতে পঢ়ক: AITMC slams Assam CM: হিমন্ত বিশ্ব শৰ্মাই অসমত দৰিদ্ৰতাৰ অভিলেখ সৃষ্টি কৰাৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.