গুৱাহাটী, 24 নৱেম্বৰ: বৃহস্পতিবাৰে নিশা খ্ৰীষ্টানবস্তিৰ বাৰত উদ্ভণ্ডালি কৰাৰ অভিযোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কেইগৰাকীমান চিকিৎসক শিক্ষাৰ্থীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে গুৱাহাটী মেডিকেল কলেজ কৰ্তৃপক্ষই । ঘটনাৰ লগত নাম সাঙোৰ খোৱা তিনি ছাত্ৰক GMC ৰ পৰা 6 মাহৰ বাবে বহিষ্কাৰ কৰা হৈছে । লগতে অনিৰ্দিষ্টকাললৈ হোষ্টেলৰ পৰাও বহিষ্কাৰ কৰা হৈছে এই তিনি ছাত্ৰক ।
বহিষ্কাৰ কৰা তিনি ছাত্ৰৰ ভিতৰত এজন কনিষ্ঠ চিকিৎসক আৰু দুজন তৃতীয় বৰ্ষৰ ছাত্ৰ । বহিষ্কৃত এই তিনি ছাত্ৰ হৈছে কনিষ্ঠ চিকিৎসক শুভ্ৰশীষ শইকীয়া (গোলাঘাট) তৃতীয় বৰ্ষৰ ছাত্ৰ ঋষিকেশ বিপাক্ষ (হোজাই) আৰু শশাংক কাশ্যপ (মঙলদৈ) ।
আনহাতে উদ্ভণ্ডালি কৰা আন ১৫জনক তিনি মাহৰ বাবে হোষ্টেলৰ পৰা বহিষ্কাৰ কৰা হয় । এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্যই । ঘটনা সন্দৰ্ভত অধ্যক্ষ অচ্যুত বৈশ্যই কয়, ‘‘বাৰত সুৰাপান কৰিবলৈ যোৱাটো সত্য । এই কথা ছাত্ৰ তিনিজনে মানি লৈছে । সন্ধিয়া প্ৰায় ৭.৩০ বজাত বাৰত সুৰাপান কৰিবলৈ গৈছিল তিনিজন ছাত্ৰই । সুৰাৰ ৰাগীত মাতাল লৈ বাৰৰ ল’ৰাৰ সৈতে কাজিয়াত লিপ্ত হৈছিল চিকিৎসা মহাবিদ্যালয়ৰ তিনি ছাত্ৰ । তিনিজনৰ অভিযোগ অনুসৰি বাৰৰ ল’ৰাই প্ৰথমে তৰ্কা-তৰ্কি কৰিছিল । ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছিল হোষ্টেলৰ আন ১৫ গৰাকী ছাত্ৰ ।’’
উল্লেখযোগ্য যে বৃহস্পতিবাৰে নিশা খ্ৰীষ্টানবস্তিৰ কামাখ্যা টাৱাৰত থকা KEINKO LOUNGE & BARত সুৰাপান কৰি মাৰপিটত লিপ্ত হৈছিল ছাত্ৰ কেইজন । নিশা প্ৰায় ১১:৩০ বজাত সংঘটিত হৈছিল এই ঘটনা । এই মাৰপিটত চিকিৎসা মহাবিদ্যালয়খনৰ ছাত্ৰ শুভ্ৰাংশু শইকীয়াই মূৰ আৰু কপালত আঘাত পোৱাৰ হোৱাৰ লগতে আন এজন চিকিৎসক ছাত্ৰও আঘাতপ্ৰাপ্ত হৈছিল । ইফালে বাৰৰ মেনেজাৰৰ লগতে আৰু এজন কৰ্মচাৰীও আঘাতপ্ৰাপ্ত হয় । আৰক্ষীক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জিএমচি এইছৰ অধ্যক্ষৰ ৷
লগতে পঢ়ক: এ পি এছ চি কেলেংকাৰীৰ অভিযুক্ত বিষয়াৰ ভৱিষ্যৎ এতিয়া চৰকাৰৰ হাতত