চিৰাঙত আই নদীত জাহ গ'ল শতাধিক লোকৰ ঘৰ বাৰী
আই নদীয়ে কালৰূপ ধাৰণ কৰিছে চিৰাং জিলাত। আই নদীৰ বানপানী আৰু গৰাখহনীয়াত নিশ্চিহ্ন প্ৰায় কেবাখনো গাঁও। চৰকাৰী ভাৱে বান-গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ।
বহিঃৰাজ্যৰ পৰা শ্ৰমিকৰ মাজত কৰ্মৰ সঁজুলি বিতৰণ বিধায়ক মৃণাল শইকীয়াৰ
নিৱনুৱা সমস্যাৰে ভৰপূৰ ৰাজ্যত বৰ্তমান বহিঃৰাজ্যৰ পৰা লোকসকলে কৰ্মবিহীনভাৱে পাৰ কৰিবলগীয়া হৈছে দিন ৷ উক্ত লোকসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে গোলাঘাট জিলাৰ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই নিজববীয়া প্ৰচেষ্টাৰে একাংশ শ্ৰমিকৰ মাজত বিতৰণ কৰে কামৰ সঁজুলি ৷
ফলমূলৰ বিপণীত চোৰে চলালে চাফাই অভিযান
দিনকদিনে গোলাঘাটত বৃদ্ধি পাইছে চুৰিৰ ঘটনা ৷ মঙলবাৰে নগৰখনৰ মাজমজিয়াত অৱস্থিত দুখন ফলমূলৰ বিপণীত চোৰে চুৰিকাৰ্য সংঘটিত কৰি লুটি নিয়ে লক্ষাধিক মূল্যৰ সামগ্ৰীৰ লগতে নগদ ধন ৷ একেটা অঞ্চলত পূৰ্বতেও সংঘটিত হৈছিল চুৰিৰ ঘটনা ৷ ঘটনা প্ৰসংগত কোনো কাণসাৰ নাই আৰক্ষীৰ ৷
1 জানুৱাৰীৰ পৰা উপলব্ধ হ'ব ৰাছিয়াৰ ক'ভিড-19ৰ প্ৰতিষেধক
ক'ভিড-19 ৰ প্ৰতিষেধক উৎপাদনৰ বাবে গেমালেয়া গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠান আৰু ফাৰ্মাচিউটিকেল কোম্পানী বিন্নোফাৰ্ম জে এ চি, এই দুই স্থানৰ ব্যৱহাৰ কৰা হ‘ব ৷
মিছন কম্ৰজিপোৰা: এগৰাকী সন্ত্ৰাসবাদী নিহত
ৰাজ্যখনৰ পুলৱামাৰ কম্ৰজিপোৰাত চলা এক অভিযানত নিহত হৈছে এগৰাকী সন্ত্ৰাসবাদী ৷ মৃত সন্ত্ৰাসবাদী গৰাকীৰ পৰা উদ্ধাৰ হৈছে গ্ৰেনেডৰ উপৰিও যুদ্ধত ব্যৱহৃত বিভিন্ন সামগ্ৰী ৷ এই মুহুৰ্ত পৰ্যন্ত অব্যাহত আছে অভিযান ৷
ৰঙিয়াৰ আশ্ৰয় শিবিৰত বন্যাৰ্তৰ দুৰ্দশা
ৰঙিয়াৰ খন্দিকৰৰ আশ্ৰয় শিবিৰত বানাক্ৰান্তৰ মাজত হাহাকাৰ ৷ বৰ্তমানো বানাক্ৰান্তসকলে লাভ কৰা নাই পৰ্য্যাপ্ত পৰিমাণৰ বান সাহাৰ্য ৷ এদিনৰ বাবে খাদ্যৰ যোগান ধৰি বাক্সা জিলা প্ৰশাসনে দায়িত্ব সামৰাৰ অভিযোগ ৷
অনুষ্টুপীয়াকৈ পালন কৰা হ'ল পদ্মশ্ৰী ৰবীন বেনাৰ্জীৰ 122 সংখ্যক জন্ম দিৱস
ৰবীন বেনাৰ্জী সংগ্ৰাহলয়ত বুধবাৰে ৰবীন বেনাৰ্জী ট্ৰাষ্ট আৰু গোলাঘাট বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ে পালন কৰিলে পদ্মশ্ৰী ৰবীন বেনাৰ্জীৰ 122 সংখ্যক জন্ম দিৱস ৷ কৰ'ণা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে অনুষ্টুপীয়া কাৰ্যসূচীৰে পালন কৰা হ'ল পদ্মশ্ৰী ৰবীন বেনাৰ্জীৰ জন্ম দিৱস ৷
ৰঙিয়া ষ্টেট বেংকৰ দুগৰাকীকৈ বিষয়া আক্ৰান্ত COVID-19ত
ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাত কৰ্মৰত দুগৰাকীকৈ বিষয়াৰ দেহত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি ৷ শীৰ্ষ কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি সাময়িকভাৱে বেংকটো বন্ধ কৰি দিয়াৰ লগতে,চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হৈছে ৷
বিধায়ক বিহীন সমষ্টিত ঠিকাদাৰৰ ব্যাপক অনিয়ম
ৰঙাপৰা-মিছামাৰী সংযোগী গড়কাপ্তানী পথটিৰ সৈতে সংলগ্ন ২.৯৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা পকী পথলৈ নিৰ্মাণৰ বাবে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰে আবন্টন দিছিল ১ কোটি ৫৯ লাখ ২৪ হাজাৰ ১২৪ টকা ৷ কিন্তু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পথছোৱা নিৰ্মাণৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰিছে ঠিকাদাৰে ৷
ছত্তীশগড় : এনকাউন্টাৰত নিহত চাৰি নক্সালবাদী
ছত্তীশগড়ৰ সুকমা জিলাৰ নক্সাল প্ৰভাৱিত অঞ্চলত সুৰক্ষা বাহিনীৰ জোৱানৰ সৈতে সংঘৰ্ষত নিহত হয় চাৰি নক্সালবাদী ৷ বুধবাৰে পুৱা 9.30 বজাত সংঘটিত হয় এনকাউন্টাৰ ৷