যোৰাবাট, 3 নৱেম্বৰঃ বিগত কিছুদিন ধৰি ৰাজ্যত ভয়াৱহ ৰূপ লৈছে কয়লা সৰবৰাহে ৷ প্ৰতিদিনে ইটোৰ পিছত সিটো অবৈধ কয়লা সৰবৰাহৰ ঘটনা সংঘটিত হৈ আহিছে যদিও ইয়াৰ বিৰুদ্ধে সঠিক পদক্ষেপ লোৱাত ব্যৰ্থ আৰক্ষী প্ৰশাসন ৷ কিন্তু ইয়াৰ মাজতে শনিবাৰে নিশাৰ পৰা পুৱতি নিশালৈ যোৰাবাট আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত তিনিখনকৈ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে ৷ ডিমা হাচাও জিলাৰ তিন কিলোৰ পৰা যোগীঘোপা লৈ গৈ থকা সময়ত AS 17 C 2976 ,AS17 B 7872 আৰু AS17 B 6344 27 নম্বৰৰ তিনিখনকৈ অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে আৰক্ষীয়ে ৷ সম্প্ৰতি ট্ৰাক চালক ৰফিউল হক, কমালুদ্দিন শেখ আৰু লালচন মণ্ডল নামৰ চালক কেইজনক শোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
আনহাতে, আটকাধীন ট্ৰাক চালক কেইজনে জানিবলৈ দিয়ে যে, প্ৰতিদিনে ত্ৰিশখনতকৈ অধিক কয়লাভৰ্তি ট্ৰাক ডিমা হাচাওৰ পৰা যোগীঘোপালৈ সৰবৰাহ কৰা হয় যদিও গুৱাহাটী আৰক্ষীয়ে দুইৰ পৰা তিনিখনহে অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ এই ট্ৰাকসমূহৰ পৰা ডিমা হাচাও আৰক্ষীৰ লগতে বন বিভাগে ধন সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপন হৈছে ৷
উল্লেখযোগ্য যে, ৰাজ্যত অবৈধ কয়লা সৰবৰাহ সন্দৰ্ভত অপৰাধ অনুসন্ধান শাখাই যোৱা 29 অক্টোবৰত গোপন সূত্ৰৰ ভিত্তিত খবৰ পাইছিল যে, শ শ অবৈধ কয়লা ভৰ্তি ট্ৰাক অসম মেঘালয় সীমান্তৱৰ্তী 6 নং ৰাষ্ট্ৰীয় ঘাই পথেৰে মহানগৰীত প্ৰৱেশ কৰাৰ বাবে ৰৈ আছে । চি আই ডিৰ এটা দলে 29 অক্টোবৰৰ নিশা খানাপাৰাত এক অভিযান চলাই AS 01 GC 9077 অবৈধ কয়লা ভৰ্তি ট্ৰাকসহ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । অবৈধ কয়লা সৰবৰাহ সন্দৰ্ভত চি আই ডিয়ে গোচৰ নং 8/2018 ভিত্তিত মুঠ 19 জন লোকক গ্ৰেপ্তাৰ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে অবৈধ কয়লা সৰবৰাহ । ইতিমধ্যে যোৰাবাট আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।