ETV Bharat / state

এখন বিদ্যালয়ৰ সাফল্যঃ 23 গৰাকীয়ে লাভ কৰিলে লেটাৰ নম্বৰ

author img

By

Published : Jun 6, 2020, 5:36 PM IST

চৰকাৰী ভাউৰী দেৱী চৰাউগী মুক-বধিৰ বিদ্যালয়ৰ ২৬ গৰাকী উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ ভিতৰত ২৩ গৰাকীয়েই লেটাৰ নম্বৰসহ উত্তীৰ্ণ হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত । ১২ গৰাকী পৰীক্ষাৰ্থীয়ে এটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰাৰ পৰিবৰ্তে ১১ গৰাকীয়ে এটাকৈ অধিক বিষয়ত লাভ কৰিছে লেটাৰ নম্বৰ।

ভাউৰী দেৱী চৰাউগী মুক-বধিৰ বিদ্যালয়ৰ সাফল্য

গুৱাহাটী, 6 জুনঃ শনিবাৰে ঘোষণা কৰা হ'ল ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা চূড়ান্ত পৰীক্ষাৰ ফলাফল । ৰাজ্যৰ কেইবাখনো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল লাভ কৰি নিজ নিজ বিদ্যালয় সমূহলৈ গৌৰৱ কঢ়িয়াই আনিছে । এই ক্ষেত্ৰত কিন্তু পিছ পৰি ৰোৱা নাই মহানগৰীৰ কাহিলীপাৰাস্থিত চৰকাৰী মুক-বধিৰ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল ।

এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কাহিলীপাৰাৰ চৰকাৰী ভাউৰী দেৱী চৰাউগী মুক-বধিৰ বিদ্যালয়খনৰ পৰা ৩০ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈ ২৬ গৰাকীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে । উত্তীৰ্ণ ২৬ গৰাকী ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত ৩ গৰাকীয়ে প্ৰথম বিভাগত,২২ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ১ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে বিদ্যালয়খনৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত মুঠ ২৩ গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে ১২ গৰাকী পৰীক্ষাৰ্থীয়ে এটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰাৰ পৰিৱৰ্তে ১১ গৰাকীয়ে এটাকৈ অধিক বিষয়ত লাভ কৰিছে লেটাৰ নম্বৰ ।
বিদ্যালয়খনৰ পৰা গুৱাহাটীৰ ৰূপনগৰৰ বিতোপন নাথ নামৰ এগৰাকী ছাত্ৰই উইভিং এণ্ড টেকনলজিত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে । বিতোপন নাথে উইভিং এণ্ড টেকনলজিত ১০০ ৰ ভিতৰত ৯৪ নম্বৰ লাভ কৰিছে ।

লগতে চাওকঃ ডিজিটেল মাধ্যমত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল!

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.