ETV Bharat / state

2021 বৰ্ষৰ পদ্মশ্ৰী বঁটাপ্ৰাপক অসমীয়াসকল - 2021 বৰ্ষৰ পদ্মশ্ৰী বঁটা

2021 বৰ্ষত আঠগৰাকীকৈ অসমীয়াই লাভ কৰিছে পদ্মশ্ৰী সন্মান ৷ ইয়াৰ উপৰিও মৰণোত্তৰভাৱে পদ্মবিভূষণ সন্মানেৰে বিভূষিত কৰা হৈছে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৷

as_ghy_2021_padmashree_awardee_assamses_AS10028
2021 বৰ্ষৰ পদ্মশ্ৰী বঁটাপ্ৰাপক অসমীয়াসকল
author img

By

Published : Jan 26, 2021, 8:46 PM IST

25 জানুৱাৰীত গণৰাজ্য দিৱসৰ প্ৰাক্ মূহুৰ্তত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে মুকলি কৰে দেশৰ পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা প্ৰাপক সকলৰ নামৰ তালিকা ৷ চলিত বৰ্ষত মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান প্ৰদান কৰা হয় প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৷ ইয়াৰ উপৰিও ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা আঠগৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হ’ব পদ্মশ্ৰী সন্মান ৷

2021 বৰ্ষৰ পদ্মশ্ৰী বঁটাপ্ৰাপক অসমীয়াসকল

উল্লেখ্য যে, শিক্ষা আৰু সাহিত্য ক্ষেত্ৰত পদ্মশ্ৰী লাভ কৰিছেপ্ৰাক্তন সভাপতি ইমৰাণ শ্বাহে ৷ ইমৰাণ শ্বাহৰ ছদ্মনাম ঈশান দত্ত ৷ তেখেতে ১৯৩৩ চন ২৩ নৱেম্বৰ, শিৱসাগৰত জন্মগ্ৰহণ কৰে ৷ অসমীয়া সাহিত্য জগতত কথাশিল্পী হিচাপে পৰিচিত ইমৰাণ শ্বাহ এজন সু-সাহিত্যিক, চিন্তাবিদ তথা ২০১০ চনত বৰপেটাৰোডত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল ৷ ১৯৫২ চনত দশম শ্ৰেণীত অধ্যয়নৰত অৱস্থাত লিখা সংগীতৰ সিপাৰে নামৰ উপন্যাস খন তেওঁৰ জীৱনৰ প্ৰথমখন উপন্যাস । তেখেতে সাহিত্য চৰ্চাৰ বাবে অনামিকা বৰুৱাৰ ছদ্মনাম গ্ৰহণ কৰিছিল ২০০৯ চনত অসম উপত্যকা বঁটা ২০১২ চনত আজানপীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা ইমৰাণ শ্বাহ অসমীয়া সাহিত্যৰ জগতৰ এটি উজ্জ্বল তৰা ৷ জয়সাগৰ কলেজৰ পৰা অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে অৱসৰ গ্ৰহণ ৷

as_ghy_2021_padmashree_awardee_assamses_AS10028
ইমৰাণ শ্বাহ

ইয়াৰ উপৰিও ডঃ মংগলসিং হাজোৱাৰীয়ে ৷ ডঃ মংগলসিং হাজোৱাৰীৰ ঘৰ-কোকৰাঝাৰৰ বাগানশালীত ৷ সাহিত্য চৰ্চা আৰু সমাজসেৱাৰ মাজৰে নতুন দিশৰ সূচনা কৰা কোকৰাঝাৰৰ এইগৰাকী ব্যক্তি প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়ত শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট ৷ বহুসংখ্যক গল্প, প্ৰৱন্ধ আৰু গ্ৰন্থৰ ৰচক ডঃ মংগলসিং ব্ৰহ্মৰ সমাজসেৱা আৰু সাহিত্য চৰ্চা তেওঁৰ অন্যতম প্ৰিয় বিষয় ৷ ১৮ খনৰো অধিক দেশ পৰিভ্ৰমণ কৰা বিশিষ্ট সাহিত্যিক,গৱেষক,সাহিত্য একাডেমী বঁটাপ্ৰাপক, সমাজসেৱক তথা সংগঠক ডঃ মংগলসিং ব্ৰহ্মই লাভ কৰিছে এইবাৰৰ ভাৰত চৰকাৰে প্ৰদান কৰা পদ্মশ্ৰী বঁটা ৷

ডঃ মংগলসিং হাজোৱাৰী

চলিত বৰ্ষত সমাজ সেৱাৰ বাবে পদ্মশ্ৰী লাভ কৰিছে লখিমী বৰুৱাই ৷ তেখেতৰ জন্ম হয় ১৯৪৯ চনত গোলাঘাট জিলাত ৷ অসমৰ অৰ্থনৈতিক ভাৱে পিছপৰা মহিলা সকলৰ সুবিধাৰ্থে কনকলতা বেংক নামেৰে এটা বেংক স্থাপন কৰি দীৰ্ঘদিনৰ পৰা সেৱা কৰি অহা লখিমী বৰুৱালৈ ভাৰতৰ চৰকাৰে আগবঢ়াইছে 2021 বৰ্ষৰ পদ্মশ্ৰী সন্মান ৷ ২০১৬ চনৰ মাৰ্চ মাহত, আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসত ভাৰত চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা কনকলতা মহিলা আৰবান কোঅপাৰেটিভ বেংকলৈ নাৰী সৱলীকৰণৰ দিশত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰাৰ বাবে নাৰী শক্তি বঁটা প্ৰদান কৰা হয় লখিমী বৰুৱাক ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা দেৱী অহল্যাবাই হোলকাৰ বঁটা গ্ৰহণ কৰিছিল এই গৰাকী মহিলাই ৷

লখিমী বৰুৱা

ইয়াৰ উপৰিও এইটো শিতানতে পদ্মশ্ৰী লাভ কৰিছে আন এগৰাকী সমাজসেৱী বিৰুবালা ৰাভাই ৷ বিৰুবলা ৰাভাৰ ঘৰ অসম-মেঘালয়ৰ সীমান্তৰ ঠাকুৰ ভিলা গাঁৱত ৷ ডাইনী হত্যা,অন্ধবিশ্বাসৰ বিৰুদ্ধে বিৰুৱালা ৰাভাই 2001 চনৰ পৰাই অনগ্ৰসৰ অঞ্চলত সজাগতা সৃষ্টি কৰি আহিছে ৷ অন্ধবিশ্বাসৰ বলি হোৱা নিজ পুত্ৰৰ এক মৰ্মান্তিক ঘটনাৰ পিচতে সাহসিকতাৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে উলাই অহা বিৰুৱালা ৰাভাক 3 বছৰৰ বাবে গাঁওবাসীয়ে এঘৰীয়া কৰি ৰাখিছিল ৷ কুসংস্কাৰৰ বিৰুদ্ধে অকলে যুঁজি অহা বিৰুৱালা ৰাভাক ২০১৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে ২০১০ চনত আই বি এন নেটৱৰ্ক আৰু ৰিলায়েন্সৰ "ৰিয়েল হিৰো" বঁটা প্ৰদান ২০১২ চনত সতী জয়মতী বঁটা আৰু ছিগনেচাৰ এৱাৰ্ডকে বহুকেইটা বঁটা লাভ কৰিছিল এইগৰাকী সাহসী মহিলাই ৷

বিৰুবালা ৰাভা

আনহাতে, কলা-সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী সন্মান লাভ কৰিছে দুলাল মানকী আৰু গোপীৰাম বৰগায়ন বুঢ়াভকতে ৷ গোপীৰাম বৰবায়ন বুঢ়াভকতক বৰবায়ন,অধ্যাপক, বৰ ওজা, নামলগোৱা, বুঢ়াভকত আদি উপাধিৰেও জনা যায় ৷ মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ সাধক গোপীৰাম বুঢ়াভকত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ এগৰাকী স্বনামধন্য গুণী অধ্যাপক তথা বৰবায়ন, 97 বছৰীয়া গোপীৰাম বৰবায়নদেৱে ১৮ খন অসমীয়া ভাওঁনাৰ নাটকৰ গীত ১২ খন অংকীয়া নাটকৰ গীত ১২ টা পালৰ ওজাপালি কন্ঠস্ব শংকৰদেৱ মাধৱদেৱৰ লগতে ১২ জন আতাৰ চৰিত্র পুথি মেলা ৰাগ ৩৪ টা, বন্ধাৰাগ ৩৬ টা অনায়াসে গাব পাৰে তেওঁ ৷ উদাসীন পন্থাৰ ভকতজনে এতিয়াও বহু ভকতক প্ৰদান কৰি আহিছে সত্ৰীয়া সংস্কৃতিৰ প্ৰশিক্ষণ ৷

গোপীৰাম বৰগায়ন বুঢ়াভকত

আনহাতে, দুলাল মানকিৰ জন্ম হয় 1964 চনত তিনিচুকীয়াৰ বৰহাপজানত ৷ চাহ জনগোষ্ঠীৰ অন্যতম শিল্পী দুলাল মানকিলৈ আগবঢ়োৱা হৈছে 2021 বৰ্ষৰ পদ্মশ্ৰী সন্মান ৷ চাহ জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ গৱেষণাৰ লগতে 22টাতকৈ অধিত চাহ জনগোষ্ঠীৰ পৰম্পৰাগত সংগীতৰ এলবামৰ লগতে তিনিখনকৈ অসমীয়া এলবামৰ সৃষ্টিকৰ্তা দুলাল মানকিয়ে কেবাখনো অসমীয়া চলচ্চিত্ৰত নেপথ্য গায়ক-হিচাপে গীত গাইছে ৷ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ নিয়মীয়া অনাতাঁৰ শিল্পী হিচাপে স্বীকৃতি প্ৰাপ্ত দুলাল মানকিয়ে অসমৰ চাহ জনগোষ্ঠীৰ সংস্কৃতিয়ে নহয়, ৰাষ্ট্ৰীয় পৰ্যায়তো গীত পৰিৱেশ কৰি সুনাম অৰ্জন কৰিছে ৷ বলীউডৰ জনপ্ৰিয় এম টিভিৰ কক ষ্টুডিঅ'তো গীত পৰিৱেশন কৰি সমাদৰ লাভ কৰিছে ৷ অসমৰ ঝুমুৰ সম্ৰাট বুলি কোৱা হয় দুলাল মানকিদেৱক ৷

দুলাল মানকি

একেদৰে জনসম্পৰ্কৰ বাবে পদশ্মী লাভ কৰিছে, ৰাজনীতিবিদ তথা প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে ৷ বিজয়া চক্ৰৱৰ্তীৰ জন্ম হৈছিল 1939 চনত যোৰহাটৰ বালিগাঁৱত ৷ উত্তৰ প্ৰদেশৰ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা চক্ৰৱৰ্তী সু লেখিকা হোৱাৰ লগতে ভাৰতীয় ৰাজনীতিৰ এগৰাকী স্বনামধন্য মহিলা ৰাজনীতিক ৷ ভালেমান চুটি গল্প, কবিতাৰো ৰচক বিজয়া চক্ৰৱৰ্তী ৷ হাজোৰ বৰ্তমানৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ মাতৃ হোৱাৰ লগতে সফল ৰাজনৈতিক নেত্ৰী বিজয়া চক্ৰৱৰ্তীয়ে ২০১৬ চনত হাজো বিধানসভা সমষ্টিৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হয় ৷ ১৯৭৭-৭৮ চনত তেওঁ জনতা পাৰ্টীৰ মঙ্গলদৈ শাখাৰ ৰাজ্যিক সম্পাদিকা ১৯৮৬ চনৰ পৰা ১৯৯২ চনলৈ ৰাজ্যসভাৰ সাংসদ ১৯৯৯ চনৰ নিৰ্বাচনত তেওঁ ১৩ নং লোকসভাৰ পৰা সাংসদ নিৰ্বাচিত হয় ৷ ইয়াৰ উপৰিও জলসম্পদ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্ত হয় বিজয়া চক্ৰৱৰ্তী৷ ২০০৯ আৰু ২০১৪ চনত তেওঁ পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰা সাংসদ নিৰ্বাচিত হয় ৷

বিজয়া চক্ৰৱৰ্তী

শিক্ষা আৰু সাহিত্য আৰু সংবাদ ক্ষেত্ৰখনত আগবঢ়োৱা অবদানৰ বাবে পদ্মশ্ৰী লাভ কৰিছে ৰোমান শৰ্মাই ৷ ৰোমান শৰ্মা পেছাত এগৰাকী বিশিষ্ট অধিবক্তা ৷ গুৱাহাটী উচ্চ গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁ সেৱা আগবঢ়াই আহিছে । আইন সেৱাৰ উপৰিও তেওঁ এগৰাকী লেখক । শিক্ষা আৰু সাংস্কৃতিক বিষয়ক তেওঁৰ লেখা সমূহে পাঠকৰ মন আকৃষ্ট কৰিবলৈ সক্ষম হৈ আহিছে ৷ তদুপৰি তেওঁ এগৰাকী সাংস্কৃতিক সংগঠক ৷ জোতিৰূপা সাংস্কৃতিক গোষ্ঠীৰ তেখেত উদ্যোক্তা এই অনুস্থানটোৱে অসমত দীৰ্ঘদিন ধৰি নাট্যচৰ্চা আৰু সাংস্কৃতিক আন্দোলন আগবঢ়াই নিয়াত বিশেষ উদ্যোগ লৈ আহিছে ।

লগতে পঢ়ক-জয় হিন্দ: ইটিভি ভাৰত আৰু চিআৰপিএফৰ সৈতে গণৰাজ্য দিৱস বিশেষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.