গুৱাহাটী , ১৭ মাৰ্চ : মালিগাঁৱৰ গোশালাত শনিবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা । তীব্ৰবেগী আই ১০ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় দুজন স্কুটী আৰোহী ।
শনিবাৰ নিশা শান্তিপুৰ অভিমুখে আহি থকা AS01 DR 7570 নম্বৰৰ এখন স্কুটীক বিপৰীত দিশৰ পৰা অহা AS 01 DX 9253 নম্বৰৰ আই ১০ বাহনে প্ৰচণ্ড জোৰে খুন্দা মাৰে । দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় স্কুটীত থকা দুজনকৈ যুৱক । পৰৱৰ্তী সময়ত গুৰুতৰভাৱে আহত শান্তিপুৰৰ ছাজিদ হুছেইন শইকীয়া আৰু পিংকু কুমাৰ দাসক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ইপিনে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালক অৰুণভ চৌধুৰীক ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে যদিও আৰক্ষীৰ ভূমিকাত ক্ষুব্ধ আহত যুৱক দুজনৰ পৰিয়াল। কিয়নো দুৰ্ঘটনা সংঘটিত কৰা সুৰাসক্ত অৰুণাভৰ ওপৰত জালুকবাৰী আৰক্ষীয়ে কোনো ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। সম্প্ৰতিপৰিয়ালৰ লোকে চালকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।