ETV Bharat / state

অভিলেখ: বাণিজ্য শাখাত ১৩ খন জিলাত উত্তীৰ্ণৰ হাৰ 100 শতাংশ

author img

By

Published : Jul 31, 2021, 2:06 PM IST

বিকল্প পদ্ধতিৰে মূল্যায়ন(Alternative Assessment method) কৰি ঘোষণা কৰা মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰীৰ ফলাফলত এটাৰ পাছত আন এটা অভিলেখ সৃষ্টি হৈছে । পোন প্ৰথম বাৰৰ বাবে হায়াৰ ছেকেণ্ডাৰীৰ ফলাফলত বাণিজ্য শাখাত অভিলেখ গঢ়ি ১০০ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হ’ল ৰাজ্যৰ 13 খন জিলাত ৷

13 district came out with 100 percent result in  commerce in HS final year exam
অভিলেখ: বাণিজ্য শাখাত ১৩ খন জিলাত উত্তীৰ্ণৰ হাৰ এশ শতাংশ

গুৱাহাটী, ৩১ জুলাই : শনিবাৰে ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ ফলাফল (HS final result) ৷ এই ফলাফলত বাণিজ্য শাখা(commerce stream)ত অভিলেখ সংখ্যক ১৩ খন জিলাত ১০০ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে । আনহাতে , আচৰিত ধৰণে এইবেলি পূৰ্বতে বিশেষ ৰেকৰ্ড নথকা কেইবাখনে জিলাই শীৰ্ষ জিলা(top scoring districts)ৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ।

পৰীক্ষা অবিহনে বিকল্প পদ্ধতিৰে মূল্যায়ন(Alternative Assessment method) কৰি ঘোষণা কৰা ফলাফলত এটাৰ পাছত আন এটা অভিলেখ সৃষ্টি হৈছে । বাণিজ্য শাখাত ১০০ শতাংশ উত্তীৰ্ণ জিলাকেইখন হৈছে বিশ্বনাথ, চৰাইদেউ, চিৰাং, ধেমাজি, ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, নলবাৰী, দক্ষিণ শালমাৰা, ওদালগুৰি আৰু পশ্চিম কাৰ্বি আংলং । বাণিজ্য শাখাত এইবাৰ মুঠ ১৮৪৪৩ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হৈছে ১৮৩৬৪ গৰাকী পৰীক্ষাৰ্থী ।

বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ (pass percentage ) ৯৯.৫৭ শতাংশ ইয়াৰ বিপৰীতে, বিগত বৰ্ষত বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ আছিল ৮৮.১৮ শতাংশ । বাণিজ্যত ১১,১৮৯ গৰাকীয়ে প্ৰথম বিভাগত, ৫,৪৯৭ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ১,৬৭৮ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৷ আনহাতে, বাণিজ্য শাখাত ৭৯ গৰাকী শিক্ষাৰ্থী অনুত্তীৰ্ণ হয় ।

লগতে পঢ়ক : বৰপেটাৰোডৰ শ্ৰীহিন্দী হাইস্কুলৰ HSLC ৰ ফলাফলে হাহাকাৰ লগাইছে ছাত্ৰ-ছাত্ৰীৰ মাজত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.