ETV Bharat / state

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি - 11 AM TOP TEN NEWS

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি

11 AM TOP TEN NEWS
পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Sep 10, 2020, 11:02 AM IST

সভাপতিৰ আসন বিচাৰি উচ্চ ন্যায়ালয়লৈ যাব অতুল বৰা

শেহতীয়াকৈ অনুষ্ঠিত হোৱা অগপৰ সাধাৰণ পৰিষদৰ বৈঠকক অসাংবিধানিক হিচাপে গণ্য কৰি কামৰূপ মহানগৰ জিলাৰ দেৱানী আদালতে এক নিৰ্দেশ যোগে স্থগিতাদেশ জাৰী কৰিছিল ৷ সেয়ে উচ্চ ন্যায়াললৈ যোৱাৰ সিদ্ধান্ত লৈছে অগপৰ জ্যেষ্ঠ নেতা গৰাকীয়ে ৷

ব্লেড ফেঞ্চিঙে বিপদ মাতিছে কাজিৰঙাৰ জীৱকূললৈ

জীৱ শ্ৰেষ্ঠ মানুহৰ নিকৃষ্ট কাৰ্য ! নিজৰ স্বাৰ্থ পূৰণৰ বাবে আনক সংকটত পেলাই পৰিচয় দিছে নিকৃষ্ট মানদণ্ডৰ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাৰ্বি পাহাৰৰ মাজত অৱস্থিত জগদম্বা চাহ বাগিচাৰ ব্লেড ফেঞ্চিঙে এতিয়া বিপদ মাতিছে বন্যজীৱলৈ ৷

কংগ্ৰেছে হেৰুৱাইছে নৈতিক অধিকাৰ : বিজেপি নেতা লক্ষ্য কোঁৱৰ

উন্নয়নমূলক আচঁনিক লৈ চৰকাৰক সমালোচনা কৰিবলৈ গৈ কংগ্ৰেছ দলে হেৰুৱাই পেলাইছে নৈতিক অধিকাৰ ৷ বুধবাৰে ধেমাজি জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত ভাৰতীয় জনতা দলৰ অসম প্ৰদেশ সমিতিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰে কলে এইদৰে ৷

মাতাল যুৱকে অপদস্থ কৰিলে ক’ভিড চেন্টাৰৰ স্বাস্থ্য কৰ্মীক

সুৰা পান কৰি যোৰহাটৰ এটা ক’ভিড কেয়াৰ চেন্টাৰত স্বাস্থ্য কৰ্মীক অশালীন ব্যৱহাৰ কৰিলে চেন্টাৰটোত চিকিৎসাধীন কৰ’ণা আক্ৰান্ত এজন যুৱকে ।

উদীয়মান ক্ৰিকেটাৰ বিভাকৰ নাগলৈ সতীৰ্থ খেলুৱৈ আৰু অনুৰাগীৰ শ্ৰদ্ধাঞ্জলি

কাৰ্বি আংলঙৰ কাকচাং কাইফলাংচু জলপ্ৰপাতত সলিল সমাধি ঘটা উদীয়মান ক্ৰিকেটাৰ বিভাকৰ নাগক সতীৰ্থ খেলুৱৈ আৰু অনুৰাগীৰ শ্ৰদ্ধাঞ্জলি ।

সমনীয়াৰ সৈতে গা ধুবলৈ গৈ সলিল সমাধি যুৱকৰ

বকোৰ শিৰাং নৈত সমনীয়াৰ সৈতে গা ধুবলৈ গৈ সলিল সমাধি ঘটিল ধ্ৰুৱ ৰয় নামৰ এজন যুৱকৰ ৷ যুৱকজনে সাঁতুৰিব নজনাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ কথা উল্লেখ কৰিলে যুৱকজনৰ বন্ধুকেইজনে ৷

কিহৰ বাবে লংকাৰ ৰাজপথত আৰক্ষীৰ এই তৎপৰতা !

হোজাই জিলাৰ লংকা আৰক্ষীৰ মাজত বিশেষ তৎপৰতা । ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰে লংকা চহৰলৈ সোমোৱা পথচোৱাত লংকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজ্যোতি শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলৰ অভিযান ৷ প্ৰতিখন সৰু-বৰ বাহনত চলিল এই অভিযান ৷

ক'ৰণাত আক্ৰান্ত হৈ মৃত্যু অগপৰ মহিলা পৰিষদৰ ৰাজ্যিক নেত্ৰীৰ

গোলাঘাটৰ প্ৰতিটো সামাজিক কাৰ্যসূচীত জড়িত গীতাঞ্জলি বৰাৰ মৃত্যুয়ে সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পেলাইছে ৷

অনুষ্ঠিত নহ’ল জামুগুৰিহাটৰ ২৬৫ বছৰীয়া বোকাখেচা ভাওনা

এইবাৰ শ্ৰীকৃষ্ণ জন্মোৎসৱ আৰু বোকাখেচা ভাওনা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে পাতলৰচুক গাঁৱৰ ৰাইজে । কৰ'ণা মহামাৰীৰ বাবেই ২৬৫ বছৰত ভৰি দিয়া জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু বোকাখেচা ভাওনা বাতিল কৰা হয় ।

25 ছেপ্তেম্বৰৰ পৰা 30 টা সংগঠনে ৰূপায়ন কৰিব মানৱ শৃংখল কাৰ্যসূচী

ৰাজ্যত গঠন হ’ব লগা নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন প্ৰক্ৰিয়াটোৱে এক বিশেষ মাত্ৰা লাভ কৰিব ৷ বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ মতে ৰাজনৈতিক দল গঠনৰ পূৰ্বে 30 টা সংগঠনৰ নেতৃত্বৰ সৈতে হোৱা আলোচনাৰ অন্তত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছু সভাপতি দীপাংক কুমাৰ নাথে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.