গুৱাহাটী,15ছেপ্তেম্বৰঃ মঙলবাৰে 108 ৰ AMT বিভাগৰ ট্ৰেইনী কৰ্মচাৰীয়ে জালুকবাৰীস্থিত ড৹ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। তিনিমাহৰ প্ৰশিক্ষণ পৰ্যায় সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছতো প্ৰতিষ্ঠানটোৱে কৰ্মচাৰীসকলক কামত নিয়োগ নকৰিলে। ট্ৰেইনাৰ থকাৰ পিছতো অন্য লোকক নিয়োগ কৰাৰ অভিযোগ তুলি প্ৰতিবাদ নামে ট্ৰেইনী কৰ্মচাৰী সকল ।
উল্লেখযোগ্য যে,পূৰ্বে প্ৰশিক্ষণ পৰ্যায় সফলতাৰে সম্পন্ন হ'লে স্থায়ীভাৱে চাকৰিত নিযুক্তি দিয়াৰ কথা আছিল। পিছে প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া এওঁলোকৰ দায়িত্ব গ্ৰহণৰ পৰা হাত দাঙি দিছে ১০৮ৰ AMT বিভাগৰ কৰ্তৃপক্ষই। যাৰ বাবে ন্যায় বিছাৰি প্ৰতিবাদ সাব্যস্ত কৰে এইসকল প্ৰশিক্ষণপ্ৰাপ্ত যুৱকে। ইফালে শীঘ্ৰেই এইসকল 108ৰ ট্ৰেইনী যুৱকক কামত নিয়োগ নকৰিলে আইনৰ আশ্ৰয় ল'ব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে ।
লগতে পঢ়কঃ কোৰ-বেলচা লৈ ব্যতিক্ৰমী ৰূপত বিধায়ক