ETV Bharat / state

1বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - 1 PM TOP Ten news

1বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

1বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
1বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Jan 28, 2021, 12:47 PM IST

আজি ঐতিহাসিক পথৰুঘাটৰ কৃষক শ্বহীদ দিৱস

১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ ঐতিহাসিক পথৰুঘাটত বৃটিছৰ শোষন আৰু বঞ্চনাৰ প্ৰতিবাদ কৰিবলৈ গৈ ১৪০ জন কৃষকে বৃটিছ সেনাৰ গুলিত নিহত হৈছিল ৷ তেতিয়াৰে পৰা ৰাজ্যৰ কৃষক সকলৰ পৱিত্ৰ স্মৃতিত প্ৰতিবছৰে পালন কৰি আহিছে কৃষক শ্বহীদ দিৱস ৷

ভাৰতে বিশ্বৰ অন্য দেশসমূহক COVID-১৯ প্ৰতিষেধক যোগান ধৰিব

মহামাৰীৰ কালছোৱাত ভাৰতে ১৫০ খনতকৈও অধিক দেশক চিকিৎসা সম্বন্ধীয় সামগ্ৰীৰ যোগান ধৰিছে । আহিবলগীয়া দিনসমূহত অন্য দেশসমূহকো COVID-১৯ প্ৰতিষেধক যোগান ধৰা হ'ব । সামূহিক প্ৰচেষ্টাৰ পৰা বিশ্ব উপকৃত হ'ব এই মন্তব্য বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ ।

অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ এখন জনশূণ্য গাঁও

বিশ্বনাথ চাৰিআলিৰ এখন পাণ্ডৱ বৰ্জিত গাঁও ৰূপান্তৰিত হ'বলৈ গৈছে এখন আদৰ্শ গাঁৱলৈ ৷ বিশ্বনাথ মহাবিদ্যালয়ৰ ৬০ গৰাকী নেশ্যনেল চাৰ্ভিচ স্কীমৰ শিক্ষাৰ্থীৰ প্ৰচেষ্টাত অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ গাঁও খনলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ৷

এজোপা ২৫০ বছৰীয়া গছক কেন্দ্ৰ কৰি গঢ়ি উঠিছে আধ্যাত্মিক পৰম্পৰা

আজিৰ পৰা প্ৰায় দুশ বছৰ পূৰ্ৱে মাঘ মাহৰ পূৰ্ণিমাত মহা প্ৰয়ান ঘটিছিল পাহি আইৰ ৷ বোধ গুৰুৰ পত্নী হোৱা হেতুকে পাহি আইক গছ জোপাৰ তলতে সমাধিস্থ কৰা হয় ৷ পাহি আইক সমাধিস্থ কৰাৰ পিছৰে পৰা গছ জোপাক লৈ গঢ়ি উঠিছে এক আধ্যাত্মিক পৰম্পৰা ৷

কোভিডক লৈ কেন্দ্ৰ চৰকাৰৰ নতুন নিৰ্দেশনা

কোভিড-19 মহামাৰীৰ পিচতেই কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে নতুন নিৰ্দেশনা ৷ দেশত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ প্ৰতিষেধক টীকাকৰণ সম্পন্ন হোৱাৰ পিচতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে এই নিৰ্দেশনা ৷ নিৰ্দেশনাটোত বহুকেইটা দিশত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷

ডিমাচা উৎসৱৰ মাজতে গুলিচালনা, ২ জন নিহত

বুধবাৰে নিশা অসম-নাগালেণ্ড সীমান্তৰ খাৰনাইদিছা গাঁৱত সংঘটিত হোৱা এই ভয়ংকৰ আক্ৰমণে এলেকাতোত ত্ৰাসৰ সৃষ্টি কৰিছে ৷ আহত যুৱকজন বৰ্তমান ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

বিটিআৰ চুক্তিৰ বিৰোধিতা প্ৰাক্তন সাংসদ ছানচুমা খুুংগুৰ বিছুমুতিয়াৰীৰ

ঐতিহাসিক বিটিআৰ চুক্তিৰ বিৰোধিতাৰে বুধবাৰে The All India Bodo People National League for Statehoodৰ ক'লা দিৱস পালন ৷ কোকৰাঝাৰ জিলা উপায়ুক্তৰ যোগেদি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ সংগঠনটোৰ সভাপতি তথা লোকসভাৰ প্ৰাক্তন সাংসদ ছানচুমা খুুংগুৰ বিছুমুতিয়াৰীৰ ৷

ধাৰলৈ লোৱা ধন ঘুৰাই দিয়া নাই বিধায়ক আমিনুল ইছলামে

মৰিগাঁও জিলাৰ মৈৰাবৰীৰ ৰাজপথত আগভেটী ধৰিলে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক ৷ দহ বছৰ পূৰ্বে বিলাসী বাহন ক্ৰয় কৰাৰ বাবে একালৰ সতীৰ্থ তথা এআইইউডিএফৰ জ্যেষ্ঠ নেতা ৰফিকৰ পৰা লোৱা ধন উভতাই দিয়া নাই ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ৷

50 টা বছৰ গৰকিলে অনুৰাধা চিনেপ্লেক্সে

বুধবাৰে সোণালী জয়ন্তী অতিক্ৰম কৰিলে অনুৰাধা চিনেপ্লেক্সে ৷ এই উপলক্ষে চিত্ৰগৃহটিত আয়োজন কৰা হয় বিশেষ অনুষ্ঠানৰ ৷ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

এক কোটি পঞ্চাশ লাখ টকাৰে বৰলীয়া নৈত নিৰ্মাণ হ'ব মঠাউৰি

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ নলবাৰী সংমণ্ডলৰ অধীনস্থ চমুখাৰ পৰা আঢ়ৈ কিঃমিঃ জৰাজীৰ্ণ মঠাউৰিৰ পুনৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰাৰ বাবে বুধবাৰে লহকৰপাৰা বৰদৌল প্ৰাংগণত এখন সভা অনুষ্ঠিত কৰা হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.