ETV Bharat / state

JMCH suicide attempt case: পত্নীয়ে কন্যা সন্তান জন্ম নিদিয়াৰ বাবেই স্বামীৰ আত্মহত্যাৰ চেষ্টা

author img

By

Published : Jan 19, 2023, 11:49 AM IST

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কেণ্টিনৰ ওপৰ মহলাৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা গোলাঘাটৰ এজন যুৱকৰ (Youth attempts to suicide at JMCH)। পত্নীয়ে পুত্ৰ সন্তান জন্ম দিয়াৰ বাবে এনে সিদ্ধান্ত ল'লে যুৱকজনে ! গুৰুতৰভাৱে আহত যুৱকজন । আৰক্ষীয়ে ঘটনা তদন্ত আৰম্ভ কৰিছে ।

JMCH suicide attempt case
পত্নীয়ে কন্যা সন্তান জন্ম নিদিয়াৰ বাবেই স্বামীৰ আত্মহত্যাৰ চেষ্টা

যোৰহাট,১৯ জানুৱাৰী : যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌহদত চাঞ্চল্যকৰ ঘটনা । হাস্পতালৰ কেণ্টিনৰ ওপৰ মহলাৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা এজন যুৱকৰ (Suicide attempt case in JMCH)। গুৰুতৰভাৱে আহত যুৱকজন । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনা ।

বুধবাৰে নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মাডাৰ এণ্ড চাইল্ড তথা প্ৰসূতি বিভাগৰ চৌহদত এই ঘটনাটো সংঘটিত হয় । প্ৰসূতি বিভাগৰ ওচৰতে থকা কেণ্টিনৰ দ্বিতীয় মহলাৰ পৰা যুৱকজনে জঁপিয়াই । যুৱকজনে নিশা প্ৰায় ১০.৫০ বজাত ওপৰ মহলালৈ উঠি যায় আৰু তললৈ জাঁপ মাৰে । জানিব পৰা মতে যুৱকজনৰ নাম জিতুমণি দাস ।

গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ অন্তৰ্গত ৰজাবাৰীৰ বাসিন্দা জিতুমণি নামৰ যুৱকজন । ইফালে যুৱকজনক অট্টালিকাটোৰ ওপৰত দেখি তলত থকা লোকসকলৰ মাজত হুৱাদুৱা লাগিছিল । এক শিহৰণকাৰী দৃশ্যৰ সাক্ষী হৈ ৰ'ল চিকিৎসা মহাবিদ্যালয়ৰ ৰোগী তথা আন আন লোকসকল (Shocking incident at JMCH)। যুৱকজনক তললৈ নামি আহিবলৈ কাতৰ অনুৰোধ জনালে লোকসকলে । বিভিন্ন ধৰণে শান্ত্বনা দিয়াৰ লগতে ভয়-ভাবুকি প্ৰদান কৰাৰ পাছতো যুৱকজন তললৈ নামি নাহিল । আৰু অৱশেষত এটা সময়ত যুৱকজনে অট্টালিকাটোৰ দ্বিতীয় মহলাৰ পৰা জাঁপ মাৰে ।

অৱশ্যে উপস্থিত ৰাইজৰ তৎপৰতাত কথমপি ৰক্ষা পৰে যুৱকজন । কিন্তু গুৰুতৰভাৱে আহত হয় যুৱকজন । লগে লগে তেওঁক হাস্পতালৰ জৰুৰীকালীন কক্ষত ভৰ্তি কৰাই উপস্থিত লোকসকলে (JMCH suicide case)।

কিন্তু যুৱকজনে কিয় আত্মহত্যাৰ চেষ্টা কৰিছিল ? কাৰণ শুনিলে আপুনিও আচৰিত হ'ব । আচলতে গৰ্ভৱতী পত্নীক প্ৰসৱ বেদনাৰ বাবে জিতুমণি দাসে হাস্পতালত ভৰ্তি কৰাইছিল । দীৰ্ঘদিন ধৰি কন্যা সন্তানৰ আশা কৰি আছিল যুৱকজনে । কিন্তু ইয়াৰ বিপৰীতে পুত্ৰ সন্তান জন্ম দিলে তেওঁৰ পত্নীয়ে । পত্নীয়ে কন্যা সন্তান জন্ম নিদিয়াৰ বাবেই এই চৰম সিদ্ধান্ত লয় যুৱকজনে (Patient relative attempts suicide at JMCH)।

অৱশ্যে মাতৃয়ে জনোৱা মতে কেৱল এয়াই নহয় আৰ্থিক অনাটনৰ বাবেও যুৱকজনে এনে সিদ্ধান্ত লোৱা বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে । ইফালে সমগ্ৰ ঘটনাটোক লৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছে । কোনেও সঠিকভাৱে ক'ব পৰা নাই কিয় যুৱকজনে আত্মহত্যাৰ চেষ্টা কৰিছিল । অৱশ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্তৰ লগতে যুৱকজন সুস্থ হৈ উঠিলেহে ক'ব পৰা যাব কিয় এনেদৰে আত্মহত্যাৰ চেষ্টা কৰিছিল যুৱকজনে !

লগতে পঢ়ক :Rangia Sadar police station: কেৱল চমক সৃষ্টিতেই সীমাবদ্ধ নেকি অসম আৰক্ষীৰ আধুনিকীকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.