ETV Bharat / state

সৃজনশীল সামগ্ৰী নিৰ্মাণত পেলনীয়া সমগ্ৰী ব্যৱহাৰ কৰিলে এদল শিক্ষাৰ্থীয়ে

author img

By

Published : Dec 15, 2020, 6:45 PM IST

টীয়কৰ ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এক ব্যৰ্তিক্ৰমী পদক্ষেপে এতিয়া সকলোকে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । ছাত্ৰ-ছাত্ৰীসকলে জুইশলা বাঁহ, ডাঠ কাগজ, বটলৰ সাফৰ, আদি সামগ্ৰী সমূহ ব্যৱহাৰ কৰি তৈয়াৰ কৰিছে বিভিন্ন সামগ্ৰী । য'ত আছে শ্ৰেণীকোঠাত সজাই থ'ব পৰাকৈ জেচিপি, ডাম্পাৰ, টেক্টৰৰ আৰ্হিৰ ফুলদানি আদি ।

use of waste materials in creative material making
সৃজনশীল সামগ্ৰী নিৰ্মাণত পেলনীয়া সমগ্ৰী ব্যৱহাৰ কৰিলে এজাক শিক্ষাৰ্থীয়ে

টীয়ক, 15 ডিচেম্বৰ : যোৰহাট জিলাৰ টীয়কৰ ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এক ব্যৰ্তিক্ৰমী পদক্ষেপে এতিয়া সকলোকে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । পেলনীয়া সামগ্ৰীসমূহ আবৰ্জনা হিচাপে পেলাই নিদি সেইসমূহ সামগ্ৰীয়ে বিভিন্ন সৃজনশীল সামগ্ৰী নিৰ্মাণত ব্যৱহাৰ কৰিছে বিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে ।

ছাত্ৰ-ছাত্ৰীসকলে জুইশলা বাঁহ, ডাঠ কাগজ, বটলৰ সাফৰ, আদি সামগ্ৰী সমূহ ব্যৱহাৰ কৰি তৈয়াৰ কৰিছে বিভিন্ন সামগ্ৰী । য'ত আছে শ্ৰেণীকোঠাত সজাই থ'ব পৰাকৈ জেচিপি, ডাম্পাৰ, টেক্টৰৰ আৰ্হিৰ ফুলদানি আদি । তদুপৰি ছাত্র-ছাত্ৰী সকলে বিদ্যালয়ৰ চৌহদতে নিৰ্মাণ কৰিছে এখন ক্ষুদ্ৰ উদ্যান আৰু এই ক্ষুদ্ৰ উদ্যানতে পেলনীয়া সমগ্ৰীয়ে তৈয়াৰ সামগ্ৰী সমূহ সজাই ৰখা হৈছে ৷

চৰকাৰী বিদ্যালয়খনৰ শিক্ষক সকলৰ তত্বাৱধানত ছাত্ৰ-ছাত্ৰীসকলে দেখুওৱা এই শৈল্পিক প্ৰতিভা এতিয়া সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছে । এইসকল প্ৰতিভাবান ছাত্ৰ ছাত্ৰীক উচিত মাৰ্গ দৰ্শনৰ ব্যৱস্থা কৰিলে অনাগত দিনত নিজৰ লগতে সমাজলৈ ইতিবাচক বৰঙণি আগবঢ়াব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় লোকৰ লগতে শিক্ষক সমাজে ৷

লগতে পঢ়ক: প্ৰচাৰ ভাৰতীৰ ডিব্ৰুগড় কেন্দ্ৰ বন্ধ কৰাৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.