ETV Bharat / state

Assam Agricultural University: বিশেষ বক্তৃতানুষ্ঠানত অষ্ট্ৰেলিয়াৰ ফিণ্ডাৰ্ছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়া - আজাদী কা অমৃত মহোৎসৱ

অসম কৃষি বিশ্ববিদ্যালয়ত অষ্ট্ৰেলিয়াৰ ফিণ্ডাৰ্ছ বিশ্ববিদ্যালয়ৰ অধ্যাপক (University of Finders of Australia Professor at Assam Agricultural University) । ‘‘পৰিবেশ অৱক্ষয়ৰ বাবে কেৱল জনসংখ্যাৰ হাৰ বৃদ্ধিক দোষাৰোপ কৰা অনুচিত’’ ৷ ড° উদয় শইকীয়া ।

Assam Agricultural University
Assam Agricultural University
author img

By

Published : Jul 21, 2022, 10:00 PM IST

যোৰহাট, ২১ জুলাই : বিশ্বৰ উন্নত দেশসমুহৰ তুলনাত উন্নয়নশীল দেশসমুহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি (Developing countries higher population growth rate)। উন্নয়নশীল দেশসমুহেও পূৰ্বৰ তুলনাত জনসংখ্যা বৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হৈছে । তথাপিও পৰিবেশকেন্দ্ৰিক দৃষ্টিভংগীৰে সমগ্ৰ বিষয়টোত নতুন ধৰণেৰে চিন্তা-চৰ্চা আৰম্ভ হৈছে । যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি বিভাগৰ উদ্যোগত অনুষ্ঠিত বিশেষ বক্তৃতানুষ্ঠানত এই মত ব্যক্ত কৰে ফ্লিণ্ডাৰ্ছ ইউনিভাৰ্ছিটী অষ্ট্ৰেলিয়াৰ সহযোগী অধ্যাপক উদয় শইকীয়াই (Associate Professor Flindars University Australia Uday Saikia) ।

আজাদী কা অমৃত মহোৎসৱৰ (Azadi ka Amrit Mahotsav) লগত সংগতি ৰাখি আয়োজন কৰা 'বিশ্বৰ জনসংখ্যা বৃদ্ধি আৰু পৰিবেশ' (special lecture on World Population Growth and Environment) শীৰ্ষক বিষয়ত বক্তব্যত ড° শইকীয়াই লগতে কয় যে, জনসংখ্যাৰ হাৰৰ সমান্তৰালভাৱে পৰিবেশৰ ভাৰসাম্য কেনেকৈ ৰক্ষা কৰিব পৰা যায় সেই দিশত নিত্যনতুন চিন্তা-চৰ্চা চলি আছে । জনসংখ্যাৰ হাৰ কম হোৱা দেশেও সামগ্ৰিকভাৱে আগবাঢ়ি বিশ্বৰ প্ৰেক্ষাপটত স্থান লাভ কৰিছে যদিও জনসংখ্যাৰ হাৰ বেছি হোৱা দেশেও অগ্ৰগামী চৰিত্ৰ দেখুৱাব পৰা নাই ।

তেওঁ লগতে কয় যে, নগৰীকৰণৰ দ্ৰুত বৃদ্ধি আৰু খাদ্য সুৰক্ষা তথা জীৱনৰ নিৰাপত্তাৰ দিশবোৰো এই দিশত প্ৰাসংগিক । কিন্তু পৰিবেশ অৱক্ষয়ৰ বাবে জনসংখ্যা বৃদ্ধিৰ হাৰক দোষাৰোপ কৰা উচিত নহয় ।

জনসংখ্যা বৃদ্ধিৰ হাৰৰ সমান্তৰালভাৱে বয়সভিত্তিক বিভাজন, জটিল উন্নয়ন পৰিসংখ্যা, স্বাস্থ্য, শিক্ষা,অৰ্থনীতি আদিৰ দিশবোৰৰ পৰ্যালোচনাৰ জৰিয়তেহে পৰিবেশৰ দিশটোৰ কথা ক’ব পাৰি । প্ৰসংগক্ৰমে তেখেতে কয় যে, আমি সচৰাচৰ ভবাৰ দৰে মুছলিম প্ৰধান দেশবোৰৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি বোলা ধাৰণাটো সম্পূৰ্ণ শুদ্ধ নহয় । ইৰাণৰ দৰে দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১.৪ হোৱাটোৱেই এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি । আমাৰ চুবুৰীয়া বাংলাদেশৰো জনসংখ্যা বৃদ্ধিৰ হাৰ আমাতকৈ কম ।

সেয়ে জনসংখ্যা বৃদ্ধিৰ সমান্তৰালভাৱে আমি জৈৱ সক্ষমতা গঢ়ি তুলি এই দিশত আগবাঢ়ি যাব লাগিব । অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি বিভাগৰ (Assam Agricultural University Agri Economy Department) মুৰব্বী ড° নিবেদিতা ডেকাই আঁত ধৰা এই বিশেষ বক্তৃতানুষ্ঠানত বিশ্ববিদ্যালয়ৰ বিশেষ বিষয়াসকলৰ লগতে বহুকেইজন বিভাগীয় মুৰব্বী, অধ্যাপক, বিজ্ঞানী আৰু শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Bangladesh invite Assam CM: ড৹ হিমন্ত বিশ্ব শৰ্মাক বাংলাদেশলৈ আমন্ত্ৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.