যোৰহাট,১৩ মাৰ্চ: যোৰহাটত অনুষ্ঠিত হ'ল এখন ব্যতিক্ৰমী বিয়া । বিবাহস্থলীত আয়োজন কৰা হ'ল ৰক্তদান শিবিৰ । দৰাচলতে দৰা দিব্যজ্যোতি কলিতা 'টীম হিউমেনিটি' নামৰ এক স্বেচ্ছাসেৱী সংগঠনৰ কেন্দ্ৰীয় সম্পাদক । এই স্বেচ্ছাসেৱী সংগঠনটোৰ পঞ্চম বৰ্ষপূৰ্তিৰ অনুষ্ঠানত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে, বিবাহৰ উপযোগী সদস্যসকলে বিয়াত ৰক্তদান শিবিৰৰ আয়োজন কৰিব ।
সেই অনুসৰি, চিকিৎসাৰ সময়ত ৰক্তৰ অভাৱত ভোগা ৰোগীক সহায় কৰাৰ উদ্দেশ্য এই পদক্ষেপ গ্ৰহণ কৰে 'টীম হিউমেনিটি'ৰ কেন্দ্ৰীয় সম্পাদক তথা দৰা দিব্যজ্যোতি কলিতাই । কলিতাই বৰ্তমানলৈকে ৩৬ বাৰ ৰক্তদান কৰিছে । উল্লেখ্য যে, ৰক্তদানৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিয়াৰ দিনা এই পদক্ষেপ গ্ৰহণ কৰে দিব্যজ্যোতিয়ে ।
লগতে পঢ়ক: CAA বাতিলৰ দাবীত আছুৰ বাইক ৰেলী