ETV Bharat / state

শাসকৰ শোষণ-বঞ্চনাৰ বাবে বাগিছাত আকৌ শুনিব মৃত্যুৰ কিৰিলি ! - soraipani tea garden titabar

তিতাবৰৰ চৰাইপানী চাহ বাগিছাৰ শ্ৰমিক সকলে বিশুদ্ধ খোৱা পানীৰ নামত সেৱন কৰিছে বৰবিহ ৷ বাগিছাখনত নাই খোৱা পানীৰ সু-ব্যৱস্থা ৷ পিয়াহত চাহপাতৰ গুৰি আৰু আৰু নিমখ মিহলোৱা পানী খাইছে বাগিছাৰ শ্ৰমিকে ৷

soraipani tea garden titabar
শাসকৰ শোষণ-বঞ্চনাৰ বাবে বাগিছাত আকৌ শুনিব মৃত্যুৰ কিৰিলি !
author img

By

Published : Jun 29, 2021, 7:35 PM IST

তিতাবৰ, 29 জুন : চাহ বাগিছাৰ শ্ৰমিক সকলক শাসক-মালিক পক্ষৰ দ্বাৰা যিধৰণে শোষণ-বঞ্চনা কৰা হয় তাৰে এক বাস্তৱ ছবি দেখিবলৈ পোৱা গৈছে তিতাবৰৰ চৰাইপানী চাহ বাগিচাত ৷ ক'ভিডৰ এই জটিল সময়তো বাগিচাখনৰ জনস্বাস্থ্যৰ দিশতো একেবাৰে গুৰুত্বহীন হৈ পৰিছে ৷ বিশেষকৈ ৰাজ্যৰ একাংশ চাহ বাগিচাৰ কৰ্তৃপক্ষই আজিও গুৰুত্বসহকাৰে লোৱা নাই বাগিছাৰ শ্ৰমিকসকলৰ জনস্বাস্থ্যৰ বিষয়টোক ।

তিতাবৰৰ চৰাইপানী চাহ বাগিছা কৰ্তৃপক্ষই শ্ৰমিকক বিশুদ্ধ খোৱাপানী যোগানৰ নামত কৰি অহা প্ৰতাৰণাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় দল-সংগঠনসমূহ । বাগিচাখনৰ শ্ৰমিক সকলে এতিয়াও এটুপাল বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে ৷ বাগিচাখনৰ শ্ৰমিকসকলে খোৱাপানীৰ নামত যেনে ধৰণৰ পানী সেৱন কৰিবলগীয়া হৈছে, সেইয়া প্ৰত্যক্ষ কৰিলে চকু কপালত উঠিব আপোনাৰ ৷

এটা লেতেৰা পুখুৰীৰ পৰা মটৰৰ সহায়ত পানী তুলি কেৱল গৰম কৰিয়েই শ্ৰমিকসকলক যোগান ধৰা হয় খোৱা পানী ৷ কোনো বিজ্ঞানসন্মত পৰিশোধন অথবা ফিল্টাৰৰ অবিহনেই বছৰ বছৰ ধৰি এই পানী সেৱন কৰি আহিছে চৰাইপানী বাগিচাৰ শ্ৰমিকসকলে ।

শাসকৰ শোষণ-বঞ্চনাৰ বাবে বাগিছাত আকৌ শুনিব মৃত্যুৰ কিৰিলি !

ইফালে শোষণৰ আন এক কৌশল অৱলম্বন কৰিছে বাগিছখনৰ কৰ্তৃপক্ষই ৷ আপুনি হয়টো শুনি আহিছিল, বাগিছাৰ শ্ৰমিক সকলৰ মানসিক শক্তিক দুৰ্বল কৰিবৰ বাবে ব্ৰিটিছ সকলে লাল চাহৰ লগত মিহলি কৰিছিল নিমখ ৷ অভিযোগ অনুসৰি চৰাইপানী বাগিছাতো শ্ৰমিকসকলৰ খোৱা পানী টেংকীসমূহত বাগিছা কৰ্তৃপক্ষই চতিয়াই দিয়ে নিমখ আৰু চাহপাতৰ গুৰি ।

তদুপৰি বাগিচাখনত নাই খোৱা পানীৰ সু-ব্যৱস্থা ৷ যাৰ পৰিপেক্ষিততে বাগিছাখনৰ শ্ৰমিকৰ পৰিয়ালে নদীৰ বুকুত গাঁত খান্দি খোৱাপানী সংগ্ৰহ কৰি আহিছে। খোৱা পানীৰ সু-ব্যৱস্থা নথকাৰ বাবেই অস্বাস্থ্যকৰ প্ৰদূষিত পানী সেৱন কৰাৰ ফলত প্ৰায়ে ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটে চৰাইপানী চাহ বাগিচা অঞ্চলত । বিশেষকৈ বিগত সময়চোৱাত ডায়েৰীয়াত আক্ৰান্ত হৈ বাগিছাৰ বহুকেইজন শ্ৰমিকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷

এই গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ বাবে স্থানীয় ছাত্ৰ সংগঠন সমূহে বাগিছা কৰ্তৃপক্ষৰ লগতে তিতাবৰ মহকুমা প্ৰশাসনক বহুবাৰ আবেদন-নিবেদন কৰিছিল যদিও আজিকোপতি সুফল লাভ নকৰিলে ৷ উল্লেখ্য যে, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সফলতাই শীৰ্ষস্থানত আৰোহণ কৰাৰ সময়তো এটুপি বিশুদ্ধ খোৱাপানী বিচাৰি চাহ শ্ৰমিকে হাহাকাৰ কৰিব লগা হোৱা বিষয়টো এই সময়ত দুৰ্ভাগ্যজনক ।

লগতে পঢ়ক:ডিব্ৰুগড়ত ক'ভিড প্ৰট'কল ভংগকাৰীৰ বিৰূদ্ধে কঠোৰ আৰক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.