ETV Bharat / state

Zubeen Garg Birthday : জুবিনৰ সৈতে কটোৱা সময়বোৰ স্মৰণ কৰিলে দুই বন্ধুৱে

author img

By

Published : Nov 17, 2022, 1:15 PM IST

যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জন্মদিন উদযাপনৰ বাবে সাজু অনুৰাগীসকল (Zubeen Garg Birthday)। কিন্তু বাল্যকালত বা কলেজত পঢ়ি থকা সময়চোৱাত কেনে আছিল জুবিন গাৰ্গ ? শিল্পীগৰাকীৰ দুই বন্ধুৱে ইটিভি ভাৰতৰ আগত ক'লে পুৰণি বহু কথা ।

Zubeen
জুৱিনৰ সৈতে কটোৱা সময়বোৰ স্মৰণ কৰিলে দুই বন্ধুৱে

যোৰহাট,১৭ নৱেম্বৰ : কাইলৈ অৰ্থাৎ ১৮ নৱেম্বৰত ৫০ বছৰত ভৰি দিব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে (Zubeen Garg Birthday)। ৰাজ্যজুৰি জুবিন গাৰ্গৰ অনুৰাগীৰ ব্যাপক উছাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে । জুবিনৰ জীৱনৰ স্বৰ্ণ জয়ন্তী উদযাপনৰ বাবে যোৰহাটত ইতিমধ্যে বিশাল আয়োজন কৰা হৈছে । যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত বিস্তৃত কাৰ্যসূচীৰে জুবিনৰ জন্মদিন পালনৰ প্ৰস্তুতি চলি আছে (Zubeen Garg Birthday to celebrate in Jorhat)। য'ত শিল্পীগৰাকী বহু পুৰণি বন্ধু একত্ৰিত হ'ব ।

জুবিনৰ সৈতে কটোৱা সময়বোৰ স্মৰণ কৰিলে দুই বন্ধুৱে

যোৰহাট ক্ৰীড়া সন্থা খেলপথাৰত যুদ্ধকালীন তৎপৰতাৰে নিৰ্মাণ কৰাৰ হৈছে বিশেষ মণ্ডপৰ । বহু শিল্পীৰ আগমন হোৱাৰ লগতে বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হ'ব । অৱশ্যে তাৰ প্ৰাকক্ষণত জুবিন গাৰ্গৰ দুগৰাকী বন্ধুৱে ইটিভি ভাৰতৰ সন্মুখত ক'লে বহু কথা । শিল্পীগৰাকীৰ সৈতে কটোৱা সময়বোৰ স্মৰণ কৰিলে বন্ধু দুগৰাকীয়ে (Two friends reminisce old memories with Zubeen)।

যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত পঢ়ি থকা সময়চোৱাত জুৱিন গাৰ্গ কেনেকুৱা আছিল আৰু অনামিকাৰ পূৰ্বে কি এলবামৰ বাবে গান গাইছিল সকলো কথা বিৱৰি ক'লে বন্ধু দুগৰাকীয়ে । জুবিন গাৰ্গক অনন্য আখ্যা দিলে তেওঁৰ কলেজীয়া বন্ধু তথা চিকিৎসক শংকৰজ্যোতি পৰাশৰে । জুবিন গাৰ্গৰ কথাবোৰ আনতকৈ পৃথক ।

জুবিন গাৰ্গৰ সৃষ্টিৰাজি সম্পৰ্কে চিকিৎসক বন্ধুৱে কয় যে জুবিন গাৰ্গ কেৱল কণ্ঠশিল্পীয়ে নহয় তেওঁ এটা সৃষ্টি আৰু শিল্প । বাল্যকালৰ বহুখিনি সময় একেলগে অতিবাহিত কৰা যোৰহাটৰ সংগীত পৰিচালক মানসজ্যোতি বৰাইও পুৰণি বহু কথা স্মৰণ কৰিলে ।

অনামিকা এলবামত গান গোৱাৰ পূৰ্বে আন এটা এলবামত গান গাইছিল জুবিন গাৰ্গে । সেই সময়ত এদিন ধুমুহা-বৰষুণত কেনেদৰে জুবিন গাৰ্গে পৰিৱেশটোৰ আনন্দ লৈছিল সেই কথাও ক'লে বন্ধুগৰাকীয়ে । ধুমুহা-বৰষুণত বন্ধুগৰাকীয়ে সুৰক্ষিত স্থানত আশ্ৰয় লৈছিল । কিন্তু সেই সময়ত জুবিনে চাইকেল চলায় গৈ পৰিৱেশটোৰ আনন্দ লৈছিল । পূৰ্বৰে পৰা জুবিন গাৰ্গৰ বহু পাগলামি আছিল বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :Zubin Garg Birthday: ৫০ বছৰীয়া জন্মদিন উদযাপনৰ বাবে যোৰহাটত জুবিন গাৰ্গ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.