ETV Bharat / state

যোৰহাট চহৰৰ মাজমজিয়াত তিনিটাকৈ কণ্টেইনমেন্ট জ'ন

একেটা দিনতে যোৰহাট চহৰৰ মাজভাগতে অৱস্থিত তিনিটাকৈ অঞ্চলক কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষণা জিলা প্ৰশাসনৰ ৷ নগৰখনৰ ভিন্ন ব্যয়সায়িক প্ৰতিষ্ঠানত লোডিঙ-আনলোজিঙৰ কামত ন্যস্ত থকা তিনিগৰাকীকৈ লোকৰ দেহত পোৱা গৈছে COVID-19ৰ অৱস্থিতি ৷

two areas of jorhat declared as containment zone on sunday

author img

By

Published : Jun 28, 2020, 5:36 PM IST

যোৰহাট, 28 জুনঃ দেওবাৰৰ দিনটোতে যোৰহাটৰ তিনিটাকৈ অঞ্চল চিনাক্ত কণ্টেইনমেন্ট জ'ন হিচাপে ৷ চহৰখনৰ মাজভাগতে অৱস্থিত আনন্দ নগৰ-শুৱনিগাঁও, চেম্বাৰ ৰোড-মাৰোৱাৰী পট্টী আৰু বৰপুল অঞ্চলক কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনৰ লোকে ৷

যোৰহাট চহৰৰ মাজভাগত অৱস্থিত দুটাকৈ অঞ্চলক কণ্টেইনমেন্ট জ'ন ঘোষণা

প্ৰশাসনৰ লোকে জানিবলৈ দিয়া অনুসৰি, আনন্দ নগৰ-শুৱনিগাঁও আৰু যোৰহাটৰ ব্যৱসায়িক হাব চেম্বাৰ ৰোড-মাৰোৱাৰী পট্টীৰ চণ্টু সাফি, ৰামদয়াল চাদা আৰু সৰুজ মণ্ডল নামৰ তিনিগৰাকী শ্ৰমিকৰ দেহত পোৱা গৈছে COVID-19ৰ অৱস্থিতি ৷ তিনিওগৰাকীও গৰাকী শ্ৰমিক নগৰখনৰ ভিন্ন ব্যয়সায়িক প্ৰতিষ্ঠানত লোডিঙ-আনলোজিঙৰ কামত ন্যস্ত আছিল ৷ যাৰ বাবে সম্প্ৰতি যোৰহাটত গণ সংক্ৰমণৰ আশংকা কৰিছে স্থানীয় লোকে ৷ আনহাতে যোৰহাটৰ আটাইতকৈ জনপ্ৰিয় মিঠাইৰ প্ৰতিষ্ঠান এভাৰ বেকৰ স্বত্বাধিকাৰীৰ লগতে পৰিয়ালৰ লোকৰ দেহত COVID পজিটিভ পোৱা গৈছে । ইতিমধ্যে যোৰহাট জিলা প্ৰশাসনে এভাৰবেক নামৰ মিঠাইৰ প্ৰতিষ্ঠান খন বন্ধ কৰাৰ লগতে, পূৰ্ব যোৰহাটৰ বৰপুল অঞ্চলত কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷

যোৰহাটৰ আটাইতকৈ জনপ্ৰিয় মিঠাইৰ প্ৰতিষ্ঠান এভাৰ বেকৰ স্বত্বাধিকাৰীৰ লগতে পৰিয়ালৰ লোকৰ দেহত COVID-19

লগতে পঢ়কঃ কোভিড-১৯ : গুজৰাটৰ আহমেদাবাদৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.