তিতাবৰ,24 নৱেম্বৰ: প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰিছে তিতাবৰবাসীয়ে ৷ গগৈৰ বাসস্থান তিতাবৰৰ সমষ্টিবাসীয়ে কংগ্ৰেছ কৰ্মীসকলৰ সৈতে মিলি স্থানীয় ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ৷ তদুপৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক শেষ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে নশ্বৰদেহ তিতাবৰলৈ আনিবলৈ তিতাবৰ ব্লক কংগ্ৰেছ কমিটি, জিলা ক্ৰীড়া সন্থা, চেম্বাৰছ অৱ কমাৰ্চৰ লগতে ব্যৱসায়ী সন্থায়ে অনুৰোধ জনাইছে ৷
লগতে চাওকঃ তৰুণ গগৈৰ মৃত্যুত আৱেগিক প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা