ETV Bharat / state

Burha biya tradition in Assam : তিতাবৰত একেলগে বুঢ়া বিয়াত বহিল ২০ টাকৈ দম্পতি - Tradition of old wedding ceremony in Titabor

পৰম্পৰা অনুসৰি তিতাবৰত আয়োজন কৰা হ'ল সমূহীয়া বিয়াৰ অনুষ্ঠান (Community wedding ceremony in Titabor)। ২০ টাকৈ দম্পতি একেলগে বহিল বুঢ়াবিয়াত । বুঢ়াবিয়া অনুষ্ঠানক লৈ আনন্দ-উলাহ অঞ্চলটোত ।

Traditional old wedding ceremony
তিতাবৰত একেলগে বুঢ়া বিয়াত বহিল ২০ টাকৈ দম্পতি
author img

By

Published : Feb 8, 2022, 2:05 PM IST

Updated : Feb 8, 2022, 4:26 PM IST

তিতাবৰ,৮ ফেব্ৰুৱাৰী : বিয়ানাম, আয়তীৰ উৰুলি আৰু মঙলধ্বনিৰে মুখৰিত হ'ল তিতাবৰৰ ইকৰাণী চৰাইবাহী ৰাজহুৱা নামঘৰ । এখন দুখন নহয় একেলগে ২০ খনকৈ বিয়াৰ আয়োজন নামঘৰ । হোমক সাক্ষী কৰি একেলগে বিয়াত বহিল ২০ টাকৈ দম্পতি ।

সোমবাৰে নামঘৰত সমূহীয়া বিবাহ কাৰ্যসূচীৰ আয়োজন কৰা হয় (Community wedding ceremony in Titabor)। পূৰ্বে আৰ্থিক অভাৱ বা আন কাৰণত আনুষ্ঠানিকভাৱে বিয়া পাতিব নোৱাৰা ২০ টাকৈ দম্পতিক চৰাইবাহী গাঁৱৰ ৰাইজে সমূহীয়াভাৱে বিয়া পাতি দিয়ে । সম্পূৰ্ণ বৈদিক প্ৰথাৰে সম্পন্ন হোৱা বিবাহ অনুস্থানত নামঘৰৰ চৌহদত সমবেত হয় চৰাইবাহী গাঁৱৰ সকলো ৰাইজ ।

তিতাবৰত একেলগে বুঢ়া বিয়াত বহিল ২০ টাকৈ দম্পতি

উজনি অসমত বুঢ়াবিয়া নামেৰে প্ৰচলিত এই বিবাহকাৰ্য পূৰ্বৰে পৰা এক পৰম্পৰা হিচাপে বিদ্যমান হৈ আহিছে (Burha biya tradition in Assam ) । বুঢ়াবিয়াৰ জৰিয়তে পূৰ্বে বিয়া পাতিব নোৱাৰাসকলক সামাজিক স্বীকৃতি স্বৰূপে এনেদৰে বিয়া পাতি দিয়ে ৰাইজে ।

সোমবাৰে বিয়াত বহা দম্পতি কেইটাক চৰাইবাহী গাঁৱৰ ৰাইজে আৰ্শীবাদ দিয়ে । লগতে নতুন প্ৰজন্মক অসমীয়া সমাজৰ এই পৰম্পৰাৰ আভাস দিয়ে । আমোদজনক বিষয় যে, এই সামূহিক বিবাহ অনুস্থানত এটা দম্পতিৰ লগতে পুত্র বোৱাৰীয়েও একেলগে বুঢ়াবিয়াত অংশগ্ৰহণ কৰে । এই বিবাহ অনুস্থানক লৈ যথেষ্ঠ উৎফুল্লিত দেখা যায় বিবাহত বহা দম্পতিৰ লগতে অঞ্চলটোৰ যুৱক-যুৱতীসকলক ।

লগতে পঢ়ক : চিৰাঙৰ ৰাজপথত সাংবাদিকক প্ৰহাৰ কৰি বীৰত্ব প্ৰদৰ্শন আৰক্ষী জোৱানৰ

Last Updated : Feb 8, 2022, 4:26 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.