যোৰহাট,18 নৱেম্বৰ: যোৰহাট জিলাৰ তিতাবৰত দিনক দিনে বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ ৷ বন্যহস্তীয়ে ক্ষতিগ্ৰস্ত কৰা এলেকাৰ লগতে নিশা বিচৰণ কৰা এলেকাসমূহ পৰ্যবেক্ষণ কৰি খেতিপথাৰ,বাসগৃহ আদি ৰক্ষা কৰিবলৈ ৰাইজৰ মাজত টৰ্চ লাইট বিতৰণ কৰে ঠেঙাল-কছাৰী স্বায়ত্ব শাসিত পৰিষদে ৷ সেই উপলক্ষে বুধবাৰে পৰিষদৰ কাৰ্যালয়ত তিতাবৰ আৰক্ষী থানাৰ অন্তৰ্গত প্ৰায় ১৩৬ টা পঞ্জীয়নভুক্ত গাঁওৰক্ষী বাহিনীৰ দলক তিনিটাকৈ টৰ্চ লাইট প্ৰদান কৰা হয় ৷
এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে তিতাবৰৰ তৃতীয় অসম আৰক্ষী বাহিনীৰ অধিনায়ক ইমদাদ আলী, ঠেঙাল-কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰী,উপ-মুখ্য কাৰ্যবাহী প্ৰতাপ কছাৰী,তিতাবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুহিধৰ টাই,ব্ৰজেন বৰা আদিকে ধৰি পৰিষদৰ অন্য কৰ্মচাৰীসকল ৷
লগতে চাওকঃ কৰিমগঞ্জত বিজেপিৰ মহিলা মৰ্চাৰ প্ৰতিবাদ