ETV Bharat / state

তিতাবৰত সাংবাদিকৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ - Titabar police

সান্ধ্য আইনৰ সুযোগ লৈ তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাৰ সভাপতিৰ গাড়ী ভাঙিলে দুস্কৃতিকাৰীয়ে ৷ ঘটনাস্থলীৰ পৰা পলায়ন দুস্কৃতিকাৰীৰ ৷ ঘটনা সন্দৰ্ভত সভাপতিৰ এজাহাৰ দাখিল ৷

Titabar subdivision rural journalists association president vehicle damages by miscreants
তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাৰ সভাপতি বাহনত ক্ষতি দুস্কৃতিকাৰীৰ
author img

By

Published : Jun 13, 2021, 8:13 AM IST

তিতাবৰ, 13 জুন : তিতাবৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ সান্ধ্য আইনৰ সুযোগ লৈ শনিবাৰে তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থা(Titabar Subdivision Rural Journalists Association)ৰ সভাপতিৰ বাহনত আক্ৰমণ কৰি পলায়ন দুস্কৃতিকাৰীৰ ৷ বিগত কেইবা বছৰ ধৰি তিতাবৰত ড্ৰাগছৰ বিৰুদ্ধে সাংবাদিকসকলে সংবাদ পৰিৱেশন কৰি অহাৰ বাবে কোনো দুৰ্বৃত্তই এনেদৰে বাহন ভাঙি সাংবাদিকক ভাবুকি(threat) প্ৰদান কৰাৰ চেষ্টা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে গ্ৰাম্য সাংবাদিক সন্থাৰ সভাপতি গৰাকীয়ে ৷

তিতাবৰত সাংবাদিকৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ

উল্লেখ্য যে, ঘটনা সন্দৰ্ভত তিতাবৰ সাংবাদিক সন্থা(Titabar Journalists Association)ৰ সভাপতি গৰাকীয়ে তিতাবৰ আৰক্ষী চকী(Titabar police station)ত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ৷ তিতাবৰ আৰক্ষী(Titabar police)য়ে এজাহাৰৰ ভিত্তিত দুস্কৃতিকাৰীৰ সন্ধান অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : কলিয়াবৰৰত 20 লক্ষাধিক টকাসহ তিনিজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.