ETV Bharat / state

বিধ্বস্ত জাঁজী নৈৰ মথাউৰিঃ চিন্তিত নৈপৰীয়া ৰাইজ - আঁচনিৰ ধন হৰলুকী

ৰাইজে গাঁঠিৰ ধন ভাঙি যোৱা দুটা বছৰে মথাউৰিটো মেৰামতি কৰি কোনোমতে অহা-যোৱাৰ পথ সুগম কৰিছে । মুখ্যমন্ত্ৰী আৰু জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীৰ নিৰ্দেশনাকো অংগুষ্ঠ প্ৰদৰ্শন কৰা যোৰহাট জিলা জলসম্পদ বিভাগৰ বিষয়াসকলৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে ।

ভয়াৱহ বানৰ ভাবুকি কঢ়িয়াইছে জাঁজী নৈৰ মথাউৰিয়ে
author img

By

Published : May 12, 2019, 1:49 PM IST

টীয়ক, ১২ মে': টীয়কত জাঁজী নৈৰ বনাই পঠলিয়ালৰ সমীপৰ বিধ্বস্ত মথাউৰিয়ে চিন্তিত কৰিছে নৈপৰীয়া ৰাইজক। বিগত বছৰো জলসম্পদ বিভাগে নৈখনৰ নিচেই কাষতে লাগি থকা মথাউৰিটোৰ সুৰক্ষাৰ বাবে কোনো কাম নকৰাত অসন্তুষ্ট হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । বান নিয়ন্ত্ৰণ আৰু প্ৰাকৃতিক সম্পদ মন্ত্ৰণালয়ৰ আঁচনিৰ অধীনত প্ৰায় পয়ত্ৰিশ লাখ টকা আৱন্টনেৰে নিৰ্মাণ কৰিবলগীয়া মথাউৰিটোৰ কাম আজিকোপতি সম্পূৰ্ণ হৈ নুঠিল । অভিযোগ অনুসৰি কেৱল মথাউৰিটোৰ কাষৰ বন চিকুনাই আঁচনিৰ সমুদায় ধন জলসম্পদ বিভাগৰ একাংশ বিষয়াই হৰলুকী কৰিছে ।

ভয়াৱহ বানৰ ভাবুকি কঢ়িয়াইছে জাঁজী নৈৰ মথাউৰিয়ে

ইয়াৰ ফলত ৰাইজে গাঁঠিৰ ধন ভাঙি যোৱা দুটা বছৰে মথাউৰিটো মেৰামতি কৰি কোনোমতে অহা-যোৱাৰ পথ সুগম কৰিছে । মুখ্যমন্ত্ৰী আৰু জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীৰ নিৰ্দেশনাকো অংগুষ্ঠ প্ৰদৰ্শন কৰা যোৰহাট জিলা জলসম্পদ বিভাগৰ বিষয়াসকলৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে ।

Intro:Body:জাঁজী নদীৰ মথাউৰিৰ প্ৰতি আহিছে ভাবুকি/কাম নকৰাকৈ মোকলাই নিলে আঁচনিৰ ধন
TEOK:যোৰহাট জিলাৰ জলসম্পদ বিভাগৰ একাংশ বিষয়া,ঠিকাদাৰৰ অশুভ মিতিৰালিৰ বাবে জাঁজী নদীৰ পাৰৰ ৰাইজে জীয়াতু ভোগ কৰিব লগা হোৱাৰ উপৰি আগন্তুক বাৰিষা সময়ছোৱাত নদীখনে বনাই পঠলিয়ালৰ সমীপৰ মঠাউৰিটোৰ প্ৰতি চৰম ভাবুকি নমাই অনাৰ আশংকাত উদ্বিগ্ন হৈ পৰিছে ।যোৱা খৰালি সময়চোৱাত জলসম্পদ বিভাগে নদীখনৰ নিচেই কাষতে লাগি থকা মঠাউৰিটোৰ সুৰক্ষাৰ বাবে কোনো কামেই নকৰাত নদীপৰীয়া ৰাইজে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।উল্লেখ্য যে জাঁজী নদীৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মঠাউৰি সমূহৰ মেৰামতিৰ বাবে flood dril আৰু mnr আঁচনিৰ অধীনত প্ৰায় পয়ত্ৰিছ লাখ টকা আৱন্টন দিছিল যদিও সেই টকাৰে মঠাউৰিৰ কাষৰ বন চিকুনাই আঁচনিৰ সমুদায় ধন একাংশ ঠিকাদাৰৰ নামত বিল বনাই জলসম্পদ বিভাগৰ একাংশ বিষয়াই উদৰস্হ কৰাৰ অভিযোগ উঠিছে । ৰাইজে গাঠিৰ ধন ভাঙি যোৱা দুটা বছৰে মঠাউৰিটো মেৰামতি কৰি কোনোমতে অহা যোৱাৰ পথ সুগম কৰিছে।মুখ্যমন্ত্ৰী আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী গৰাকীৰ নিৰ্দেশনাকো অংগুষ্ঠ প্ৰদৰ্শন কৰা যোৰহাট জিলাৰ জলসম্পদ বিভাগৰ বিষয়াসকলৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত লক্ষ্যণীয় হ'ব।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.