ETV Bharat / state

Namghar looted : যোৰহাটৰ কছাৰী পৰীয়া নামঘৰত চোৰৰ লুটপাত - Theft in Jorhat

যোৰহাটৰ মাজমজিয়াৰ কছাৰী পৰীয়া নামঘৰত চোৰৰ অভিযান (Theft in Jorhat)। চোৰে লৈ গ'ল দানপাত্ৰৰ ধন । চোৰৰ উপদ্ৰৱত অতিষ্ঠ যোৰহাটবাসী ।

Jorhat
যোৰহাটৰ কছাৰী পৰীয়া নামঘৰত চোৰৰ লুটপাত
author img

By

Published : Oct 18, 2022, 5:20 PM IST

যোৰহাট,১৮ অক্টোবৰ : যোৰহাটত চোৰৰ উপদ্ৰৱ ক্ৰমান্বয়ে বৃদ্ধি পাইছে (Thieves activity increased in Jorhat)। চোৰৰ উপদ্ৰৱৰ বাবে চকুত টোপনি নোহোৱা হৈছে যোৰহাটবাসীৰ । প্ৰতিদিনে যোৰহাট নগৰত সংঘটিত হৈছে চুৰিকাণ্ড । মানুহৰ ঘৰটো দূৰৰে কথা আনকি ধৰ্মীয় স্থানটো চলিছে চোৰৰ লুটপাত ।

এইবাৰ যোৰহাটৰ এ টি ৰোডত থকা কছাৰী পৰীয়া নামঘৰত মঙলবাৰে পুৱতি নিশা চোৰে চলালে লুটপাত (Burglary at Namghar in Jorhat)। চোৰে নামঘৰৰ বেৰ কাটি ৰাজহুৱা দানপাত্ৰৰ পৰা প্ৰায় ৪০ হাজাৰ টকা চুৰি কৰি লৈ যায় । পুৱা নামঘৰীয়াই নামঘৰলৈ আহি বিভিন্ন সামগ্ৰী ছেদেলিভেদেলি হৈ থকা দেখা পায় আৰু দানপাত্ৰটো ভাঙি থোৱা অৱস্থাত উদ্ধাৰ কৰে । নামঘৰীয়াই লগে লগে চুৰি হোৱা খবৰ ৰাইজক অৱগত কৰে আৰু নামঘৰত আহি উপস্থিত হয় অঞ্চলটোৰ লোকসকল ।

ইয়াৰ পাছতে কছাৰী পৰীয়া নামঘৰত চুৰি হোৱা সম্পৰ্কে নামঘৰ পৰিচালনা সমিতিকো অৱগত কৰা হয় আৰু ভোগদৈ আৰক্ষী চকীতো এখন এজাহাৰ দাখিল কৰা হয় । ইতিমধ্যে আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰাৰ লগতে চোৰৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ।

উল্লেখ্য যে যোৰহাট চহৰৰ মাজমজিয়া অৱস্থিত ধৰ্মীয় অনুষ্ঠানত এনেদৰে চোৰে লুটপাত চলোৱাৰ লগে লগে আতংকিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল (Namghar looted in Jorhat)। নগৰত তহল দি থকা আৰক্ষীৰ সন্মুখতে এনেদৰে চোৰে অভিযান চলোৱাত নিৰাপত্তাক লৈ শংকিত হৈ পৰে ৰাইজ । ইফালে যোৰহাট আৰু ভোগদৈ আৰক্ষীৰ নিৰাপত্তাৰ দিশটো বিভিন্ন ধৰণৰ প্ৰশ্ন তুলিছে ৰাইজে ।

ৰাইজে অভিযোগ কৰা মতে যোৰহাট নগৰত আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাত সুৰুঙা থকাৰ বাবেই দৈনিক সংঘটিত হ'বলৈ ধৰিছে চুৰিকাণ্ড । ৰাইজে প্ৰশ্ন কৰিছে যদি আৰক্ষী চকুৰ সন্মুখতে এনেদৰে চোৰে লুটপাত চলায় তেনেহ'লে ৰাইজে কাৰ ওপৰত নিৰ্ভৰ কৰিব । ইফালে ধৰ্মীয় অনুষ্ঠানত চোৰে লুটপাত চলোৱা কাৰ্যক সকলোৱে একে মুখে গৰিহণা দিছে ।

লগতে পঢ়ক :Railway officer arrested: উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ ৰে’লৱে বিভাগৰ বিষয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.