ETV Bharat / state

চৰকাৰ আহিল আৰু গ'ল, টীয়কৰ মেলেংছিগাত নিৰ্মাণ নহ'ল স্থায়ী দলং

author img

By

Published : Aug 23, 2019, 10:13 AM IST

নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ মাজতেই সীমাবদ্ধ থাকিল টীয়কৰ মেলেংছিগাত স্থায়ী দলং নিৰ্মাণৰ কথা ৷ অতিশীঘ্ৰে অঞ্চলটোত স্থায়ী দলং নিৰ্মাণ নকৰিলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ স্থানীয় ৰাইজৰ ৷

চৰকাৰ আহিল আৰু গ'ল, পিছে টীয়কৰ মেলেংছিগাত নিৰ্মাণ নহ'ল স্থায়ী দলং

টীয়ক, 23 আগষ্টঃ যোৰহাট জিলাৰ অন্তৰ্গত টীয়কৰ মেলেংছিগাত স্থায়ী দলঙৰ অভাৱত বৃহত্তৰ অঞ্চলৰ ৰাইজে টুলুঙা নাৱেৰে মেলেংছিগা নদীৰ ওপৰেৰে বিপদসংকুলভাৱে যাতায়ত কৰিব লগা হৈ আহিছে ৷ অভিযোগ মতে, পূৰ্বতে উক্ত স্থানত এখন কাঠৰ দলং আছিল যদিও নদীৰ বাঢ়নী পানীয়ে প্ৰায় পোন্ধৰ বছৰৰ আগতেই দলং খন উটুৱাই নিয়াৰ পাছত আজি পৰ্যন্ত নতুন দলং নিৰ্মাণ নহ'ল ৷ তাৰ পৰিৱৰ্তে দলং নিৰ্মাণৰ বিষয়টো প্ৰত্যেকটো ৰাজনৈতিক দলৰে কেৱল নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ মাজতেই সীমাবদ্ধ হৈ আহিছে ৷ সেয়ে দলঙৰ অভাৱত দুৰ্ভোগ ভুগি থকা অঞ্চলটোৰ ৰাইজ ক্ষোভিত হৈ পৰাৰ লগতে অতিশীঘ্ৰে মেলেংছিগাত এখন স্থায়ী দলং নিৰ্মাণ নকৰিলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছে ৷

Intro:Body:টীয়কৰ মেলেংছিগাত আজিও নিৰ্মাণ নহ'ল দলং
TEOK:যি সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ডিজিটেল ইণ্ডিয়া, ৱাইফাই জিলা গঢ়াৰ কথা ঘোষণা কৰিছে তেনে সময়ত যোৰহাট জিলাৰ টীয়কৰ মেলেংছিগাত এখন স্হায়ী দলং নথকাৰ বাবে হাতীশাল, বেজৰছিগা, চোমনীচাপৰি,মালাগাঁও আদিকে ধৰি প্ৰায় ১০/১২খন গাঁৱৰ ৰাইজে বিপদ সঙ্কুল ভাৱে মেলেংছিগা পাৰ হ'ব লাগে এখন সাধাৰণ নাঁওৰে। উক্ত স্হানত পূৰ্বতে এখন কাঠৰ দলং আছিল যদিও নদীৰ বাঢ়নী পানীয়ে ১৫/১৬ বছৰ পূৰ্বে উক্ত দলংখন উটুৱাই নিয়াৰ পাছত আজি পৰ্যন্ত দলং নিৰ্মাণ নহ'ল ।সোনৰ অসম,বিকশিত অসম ,পৰিৱৰ্তনৰ শ্ল'গান আওৰাই অগপ,কংগ্ৰেছ আৰু বিজেপিয়ে দিছপুৰত শাসন লোৱাৰ পাছতো, ৰেনুপমা ৰাজখোৱা,মেম্বৰ গগৈয়ে টীয়কক প্ৰতিনিধিত্ব কৰি দিছপুৰ,বিজয় কৃষ্ণ সন্দিকৈ, কামাখ্যা প্ৰসাদ তাছাই যোৰহাট লোক সভা সমষ্টিক প্ৰতিনিধিত্ব কৰি দিল্লীলৈ গ'ল যদিও মেলেংছিগাত দলং নিৰ্মাণৰ বিষয়টো কেৱল নিৰ্বাচনৰ সময়ত ৰাইজক প্ৰতিশ্ৰুতি প্ৰদানতে সীমাবদ্ধ কৰি ৰাখিলে । সেয়ে দলংৰ অভাৱত যাতায়তৰ ক্ষেত্ৰত যমৰ যান্ত্ৰনা ভোগ কৰি অহা অঞ্চবাসীয়ে সুদীৰ্ঘকাল এখন দলং নিৰ্মানত স্হানীয় জনপ্ৰতিনিধিৰ লগতে জিলা প্ৰশাসনে কোনো আন্তৰিতা নেদেখুৱাত ক্ষোভ উজৰাৰ লগতে শীঘ্ৰে মেলেংছিগাত এখন স্হায়ী দলং নিৰ্মাণৰ দাবী জনাইছে।অৱশ্যে জিলা আছুৰ দাবীত তথা মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশ মৰ্মে যোৱা কিছু দিন পূৰ্বে জিলা জলসম্পদ বিভাগে সেই স্হানত এখন শ্লুইচগেট নিৰ্মাণৰ বাবে জৰীপ চলাই যদিও এই সকলোবোৰ ভেকু ভাওনা বুলিহে স্হানীয় ৰাইজে মন্তব্য কৰিছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.