ETV Bharat / state

টীয়কত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ - কেলেংকাৰী ৰোধ

যোৰহাট জিলাৰ বিভিন্ন স্থানত থকা বিকল পানী যোগান আঁচনি সমূহ মেৰামতিৰ নামত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ বিষয়া,ঠিকাদাৰে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ৷ টীয়কৰ কাৱৈমাৰী অঞ্চলত ২০০৮ চনতে স্থাপন কৰা পানীযোগান আঁচনিৰ পৰা আজিলৈকে ৰাইজে নাপালে বিশুদ্ধ খোৱাপানী ৷

teok-water-supply-story
টীয়কত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Jan 8, 2021, 6:24 PM IST

টীয়ক,8 জানুৱাৰী : ন-ন আঁচনি গ্ৰহণেৰে চমক সৃষ্টি কৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ বিষয়া,ঠিকাদাৰৰ বাবে খীৰতি গাই হিচাপে পৰিগণিত হৈছে বিভাগটোৰ একাংশ আঁচনি । যোৰহাটত আঁচনি ৰূপায়ণৰ নামত বিভাগটোৰ বিষয়াসকলে কোটি কোটি টকা ধাৰ্য কৰে যদিও আঁচনি ৰূপায়ণৰ নামত সিংহ ভাগ ধন বিভাগটোৰ বিষয়া,ঠিকাদাৰে মিলি উদৰস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

টীয়কত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

যোৰহাট জিলাৰ বিভিন্ন স্থানত থকা বিকল পানী যোগান আঁচনি সমূহ মেৰামতিৰ নামত বিভাগটোৱে লাখ লাখ টকা মুকলি কৰি দিয়ে যদিও ন্যূনতম কাম কৰি সমুদায় ধন বিষয়া,ঠিকাদাৰে উদৰস্থ কৰাৰ অভিযোগ সততে শুনা যায় । টীয়কৰ কাৱৈমাৰী অঞ্চলত ২০০৮ চনতে এটা আঁচনি স্থাপন কৰা হৈছিল কিন্তু বৰ্তমানলৈকে গ্ৰাহকে বিশুদ্ধ খোৱাপানী লাভ কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যে,ভূমিদাতা পৰিয়াললৈও চুক্তি অনুসৰি কোনোধৰণৰ সঁহাৰি সুদীৰ্ঘ দিন প্ৰদান নকৰাৰ অভিযোগ উঠিছে। তাৰ বিপৰীতে মেৰামতিৰ নামত চৰকাৰী ৰাজকোষৰ পৰা বৃহৎ ধন ওলাই যোৱাৰ পাছতো পানী যোগান আঁচনি সমূহৰ পৰা এটুপি খোৱাপানী ৰাইজে লাভ কৰিবলৈ সক্ষম হোৱা নাই । শেহতীয়াকৈ জল জীৱন আঁচনি নামৰ এক আঁচনি ৰূপায়নৰ নামত চৰকাৰী ধন উদৰস্থ কৰাৰ বাবে সকলো পৰিকল্পনা সম্পূৰ্ণ কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱে । সততে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ শাসনকালতো জনস্বাস্থ্য কাৰিকৰী বিভাগটোত সংঘটিত এনে কেলেংকাৰী ৰোধৰ বেলিকা কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।
লগতে পঢ়ক: বগীনদীত ৪০ কোটি টকীয়া চাৰিখন আঁচনিৰ আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.