ETV Bharat / state

শিক্ষকৰ অভাৱত ব্যাহত পাঠদান, শ্ৰেণীকোঠাত এৰি প্ৰতিবাদত ছাত্ৰ-ছাত্ৰী - টীয়ক

জাঁজীমুখৰ নামনি বৰমথাউৰি প্ৰাথমিক বিদ্যালয়ৰ একমাত্ৰ শিক্ষকজনে অৱসৰ গ্ৰহণ কৰাৰ পাছতো ২০জনকৈ ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত এজনো শিক্ষক নিযুক্তি নিদিয়াত বৰ্তমান চৰম অনিশ্চয়তাৰ দিশে গতি কৰিছে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত

টীয়কৰ জাঁজীমুখত শিক্ষকৰ অভাৱত ব্যাহত পাঠদান
author img

By

Published : Jun 1, 2019, 12:47 PM IST

টীয়ক, 1 জুনঃ যোৰহাট টীয়কৰ জাঁজীমুখৰ নামনি বৰমথাউৰি প্ৰাথমিক বিদ্যালয়ত এজনো শিক্ষক নথকাত নিয়মীয়া পাঠদানৰ পৰা বঞ্চিত হ'ব লগা হৈছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকল । বিদ্যালয় খনৰ একমাত্ৰ শিক্ষকজনে অৱসৰ গ্ৰহণ কৰাৰ পাছতো ২০জন ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত এজনো শিক্ষক নিযুক্তি নিদিয়াৰ ফলত বৰ্তমান চৰম অনিশ্চয়তাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত ৷

টীয়কৰ জাঁজীমুখত শিক্ষকৰ অভাৱত ব্যাহত পাঠদান

শিক্ষক গৰাকীৰ অৱসৰ গ্ৰহণৰ পূৰ্বে বিদ্যালয়খনত শিক্ষক নিযুক্তি দিবৰ বাবে বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো মধ্য যোৰহাট প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া গৰাকীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ঘটনাৰ বিৰোধিতাৰে শনিবাৰে টিএমপিকে য়ে ৰাইজৰ সহযোগত তলা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখযোগ্য যে যি সময়ত ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত মনোনিৱেশ কৰিব লাগিছিল সেই সময়ত প্ৰতিবাদৰ ভাষা বুজি নোপোৱা এজাক শিশুৱে শিক্ষা গ্ৰহণৰ বাবে চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদ কৰিবলগা কাৰ্যসূচীক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে সচেতন মহলে ৷

লগতে পঢ়কঃ 'নাটক কৰিও স্বচ্চল জীৱন যাপন কৰিব পাৰি'

Intro:Body:টীয়কৰ জাঁজীমুখত শিক্ষকৰ অভাৱত পাঠদান ব্যাহত/ প্ৰতিবাদত নামিল কন কন ছাত্ৰ ছাত্ৰী
TEOK:যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখৰ নামনি বৰমথাউৰি প্ৰাথমিক বিদ্যালয়ত এজনো শিক্ষক নথকাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকল নিয়মীয়া পাঠদানৰ পৰা বঞ্চিত হ'ব লগা হৈছে । উল্লেখ্য যে বিদ্যালয় খনৰ একমাত্ৰ শিক্ষকজনে অৱসৰ গ্ৰহণ কৰাৰ পাছতো ২০জন ছাত্র-ছাত্ৰী থকা বিদ্যালয়খনত এজনো শিক্ষক নিযুক্তি প্ৰদান নকৰাত ছাত্ৰ-ছাত্ৰী সকল পাঠদানৰ পৰা বঞ্চিত হ'ব লগা হৈছে ।শিক্ষক গৰাকী ৰ অৱসৰৰ গ্ৰহণৰ পূৰ্বে বিদ্যালয়খনত এগৰাকী শিক্ষক নিযুক্তি দিবৰ বাবে বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো মধ্য যোৰহাট প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া গৰাকীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাত এনে অচলাৱস্হাৰ সৃষ্টি হোৱাত শনিবাৰে টিএম পিকেয়ে ৰাইজৰ সহযোগত তলা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।উল্লেখযোগ্য যে যি সময়ত ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ত পঢ়া-শুনাত ব্যস্ত থাকিব লাগিছিল সেই সময়ত প্ৰতিবাদৰ ভাষা বুজি নোপোৱা এজাক শিশুৱেও নিজৰ শিক্ষা গ্ৰহণৰ বাবে চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদ কৰিবলগীয়া হোৱাতো ভবিষ্যতে ছাত্ৰসমাজত কি প্ৰভাৱ পেলাব সেয়া বৰ্তমান লাখটকীয়া সাথৰ হৈ পৰিছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.