টীয়ক,14 আগষ্টঃ অসম চুক্তি ৰূপায়ণৰ ৩৫ বছৰ অতিক্ৰম কৰাৰ পাছতো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে চুক্তি ৰূপায়ণৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ প্ৰতিবাদত আৰু অসমৰ ৰাইজৰ আবেগ অনুভূতিক ভৰিৰে মোহাৰি চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰা কাৰ্যৰ বিৰুদ্ধে,শুকুবাৰে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত টীয়ক আৰু শিমলুগুৰি আঞ্চলিক ছাত্র সন্থাৰ আহ্বানত টীয়কৰ মাজ মজিয়াত অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে ।
এই কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,চুতীয়া জাতি ছাত্ৰ সন্থা,কৰ্মচাৰী পৰিষদকে ধৰি স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। লগতে এই প্ৰতিবাদস্থলীৰ পৰাই অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিবলৈ চৰকাৰক দাবী জনায় ।
লগতে পঢ়কঃ যোগাসনৰ জৰিয়তে বিশ্ব অভিলেখ বাক্সাৰ পুষ্কৰ নেৱাৰৰ