ETV Bharat / state

টীয়কত আহিনৰ বানত বিধ্বস্ত বিস্তীৰ্ণ কৃষিভূমি - আহিন

আহিনৰ ভয়াৱহ বানে নিমিষতে থান-বান কৰিলে টীয়কৰ কেইজনমান উদ্যমী যুৱকৰ সপোন । বহু আশাৰে 25 বিঘা মাটিত মাহৰ খেতি কৰিছিল টীয়কৰ জাঁজীমুখৰ পঞ্চৰত্ন গোটৰ এই 5 জন যুৱকে । প্ৰলয়ংকাৰী বানে বিনষ্ট কৰিলে শস্য । মূৰে-কপালে হাত দিবলগীয়া হৈছে যুৱক কেইজনে ।

টীয়কত আহিনৰ বানত বিধ্বস্ত বিস্তীৰ্ণ কৃষিভূমি

author img

By

Published : Oct 5, 2020, 2:15 PM IST

টীয়ক, ৫ অক্টোবৰ : টীয়কৰ জাঁজীমুখত আহিনৰ বানে সৰ্বস্বান্ত কৰিছে বহু লোকক । ভয়াৱহ বানৰ কবলৰ পৰা সাৰি নগ'ল জাঁজীমুখৰ পঞ্চৰত্ন গোটৰ কৃষিভূমি । বিধ্বংসী বানে বুৰাই পেলালে বিঘাই বিঘাই মাহখেতি । বহু কষ্ট কৰি কৰা খেতি নষ্ট হোৱাত হতাশ হৈ পৰিছে পঞ্চৰত্ন গোট সদস্যসকল । 5 গৰাকী উদ্যমী যুৱকৰ দ্বাৰা গঠিত পঞ্চৰত্ন গোটৰ কামে অঞ্চলটোৰ আন নিবনুৱা যুৱকৰ মাজতো কৰ্মস্পৃহা বৃদ্ধি কৰি আহিছিল । 2016 চনৰে পৰা 25 বিঘা মাটিত বিভিন্ন মাহৰ খেতি কৰি আহিছে যুৱককেইগৰাকীয়ে ।

নিজৰ প্ৰচেষ্টাৰে অনাদৃতভাৱে থকা ব্ৰহ্মপুত্ৰৰ কাষৰ উৰ্বৰা ভূমিত মাহ খেতি কৰি আহিছে । প্ৰতি বছৰে মাহ খেতিৰ পৰা 3 লাখ টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হয় এই যুৱককেইজনে । কিন্তু এইবাৰ বিধ্বংসী বানে বহু শস্য নষ্ট কৰাত উদ্যমী যুৱককেইজনে মূৰে-কপালে হাত দিবলগীয়া হৈছে । তেওঁলোকে ব্যয় কৰা মূলধনো এইবাৰ ঘূৰাই নোপোৱাৰ আশংকাত ভূগিছে । সেয়ে, এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা কৰিবলৈ চৰকাৰলৈ কাতৰ আহ্বান জনাইছে উদীয়মান যুৱ খেতিয়ককেইজনে ।

লগতে পঢ়ক : ভাৰত-ম্যানমাৰৰ আলোচনাৰ মাজতেই বৃদ্ধি বিদ্ৰোহী সংগঠনৰ কাৰ্যকলাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.