ETV Bharat / state

Assam Microfinance News : মাইক্ৰ' ফাইনেঞ্চৰ ঋণ ৰেহাইৰ নামত কোনে কৰিছে প্ৰৱঞ্চনা - ড৹ হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত মাইক্ৰ' ফাইনেঞ্চৰ ঋণ ৰেহাই (Microfinance Loan Waiver in Assam)ৰ নামত বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে কৰিছে নেকি ভেকোভাওনা ? কিয়নো প্ৰকৃত হিতাধীকাৰীয়ে লাভ কৰা নাই মাইক্ৰ' ফাইনেঞ্চৰ ঋণ ৰেহাইৰ সুবিধা ৷ অভিযোগ টীয়কৰ একাংশ ভুক্তভোগী মহিলাৰ ৷

Assam Microfinance News
মাইক্ৰ' ফাইনেঞ্চৰ ঋণ ৰেহাইৰ নামত কোনে কৰিছে প্ৰহসন !
author img

By

Published : Dec 16, 2021, 10:02 AM IST

টীয়ক, 16 ডিচেম্বৰ : আকৌ চৰ্চালৈ আহিছে মাইক্ৰ' ফাইনেঞ্চৰ ঋণৰ প্ৰসংগ (Micro finance company in Assam) ৷ মাইক্ৰ' ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ নামত চৰকাৰে কৰিছে ভেকোভাওনা ৷ কিয়নো চৰকাৰী আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈছে ৰাজ্যৰ একাংশ মহিলা ৷ এই অভিযোগ টীয়কৰ একাংশ ভুক্তভোগী মহিলাৰ ৷

নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰ পুনৰ শাসনৰ গাদীত অধিষ্ঠিত হ'লে সকলোকে মাইক্ৰ' ফাইনেঞ্চৰ ঋণ ৰেহাই (Microfinance Loan Waiver) কৰি দিব বুলি দিছিল প্ৰতিশ্ৰুতি ৷ পৰৱৰ্তী সময়ত চৰকাৰে এই সন্দৰ্ভত ব্যৱস্থাও গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ ইতিমধ্যে ঋণ মাফৰ বিভিন্ন আঁচনি প্ৰস্তুত কৰি ঋণ মাফ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

Assam Microfinance News
মাইক্ৰ' ফাইনেঞ্চৰ ঋণ ৰেহাইৰ নামত কোনে কৰিছে প্ৰহসন !

আনকি যিসকল মহিলাই নিয়মীয়াকৈ ঋণৰ কৃস্তি বিগত ৩১ মাৰ্চ ২০২১ লৈকে পৰিশোধ কৰি আছিল সেইসকল মহিলাক উপহাৰ স্বৰূপে ৰাজ্য চৰকাৰে ২৫০০০ পৰ্যন্ত উপহাৰ দিয়াৰ আঁচনি ৰূপায়ণ কৰিছে । কিন্তু এই ক্ষেত্ৰত নিয়মীয়াকৈ ঋণ পৰিশোধ কৰা টীয়কৰ একাংশ মহিলাই আজিও নাপালে চৰকাৰী উপহাৰ । যাৰ ফলত ক্ষোভিত হৈ পৰিছে টীয়কৰ ভোক্তভোগী মহিলাসকল ৷

মহিলাসকলে দিয়া অভিযোগ কৰা অনুসৰি, ৰাজ্য চৰকাৰৰ ২৫০০০ টকা পৰ্যন্ত উপহাৰ দিয়াৰ আঁচনিৰ প্ৰথম তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত নোহোৱাত মাইক্ৰ' ফাইনেঞ্চ কোম্পানী (Micro finance company in Jorhat)ৰ সৈতে যোগাযোগ কৰিছিল তেওঁলোকে ৷ তেতিয়া মহিলাসকলক তেওঁলোকৰ নাম দ্বিতীয় পৰ্যায়ৰ অন্তৰ্ভুক্ত কৰিব বুলি আশ্বাস দিছিল বিভাগীয় কোম্পানীৰ কৰ্তৃপক্ষই । কিন্তু বৰ্তমানলৈকে তেওঁলোকৰ নাম নহাত নিৰুপায় হৈ পৰিছে টীয়কৰ মহিলাসকল ৷

সেয়ে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত মহিলাসকলে বুধবাৰে মাইক্ৰ' ফাইনেঞ্চৰ কোম্পানীৰ কাৰ্যালয়ত উপস্থিত হৈ বিভাগীয় বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয় ৷ কিন্তু ভুক্তভোগী মহিলাসকলে বিভাগীয় বিষয়াৰ পৰাও কোনো সুদূত্তৰ নাপাই কাষ চাপে সংবাদমাধ্যমৰ ৷ সংবাদমাধ্যমৰ জৰিয়তে ভুক্তভোগী মহিলাসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : গোলাঘাটত মাইক্ৰ’ ফাইনেঞ্চ ঋণ ৰেহাই আঁচনিৰ চেক প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.