ETV Bharat / state

এজাক বৰষুণতে জলমগ্ন যোৰহাটৰ কাকজান স্বাস্থ্য কেন্দ্ৰত

যোৰহাটৰ কাকজান স্বাস্থ্য কেন্দ্ৰত ভিতৰলৈ সোমাব নিবিচাৰে ৰোগীয়ে । এজাক বৰষুণতে স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰতিটো কোঠাত হয় একাঠু পানী। 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা এইখন চিকিৎসালয়ৰ এনে কদৰ্য পৰিৱেশে স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ উদঙাইছে।

author img

By

Published : Apr 30, 2019, 8:44 PM IST

এজাক বৰষুণতে জলমগ্ন যোৰহাটৰ কাকজান স্বাস্থ্য কেন্দ্ৰত

টীয়ক,30 এপ্ৰিলঃ যিসময়ত স্বাস্থ্যমন্ত্ৰীৰ মুখত সভাই সমিতিয়ে ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগৰ অভূতপূৰ্ব পৰিৱৰ্তনৰ কথা শুনিবলৈ পোৱা যায় ঠিক সেই সময়তে 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা এখন চিকিৎসালয়ৰ কদৰ্যময় পৰিৱেশে বিভাগটোৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাইছে। টীয়কৰ কাকজান অঞ্চলৰ ৰাইজৰ একমাত্ৰ চিকিৎসাৰ ভৰসা কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো। এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক আছে, আছে ৰোগীও। কিন্তু এজাক বৰষুণতে হোৱা কদৰ্যময় পৰিৱেশে বিপদত পেলাইছে চিকিৎসাৰ বাবে অহা ৰোগীসকলৰ লগতে পৰিয়ালৰ লোকক ৷ যাৰ বাবে ৰোগীসকলে একাঠু পানীৰ মাজতে চিকিৎসা কৰিবলগীয়া হৈছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত ৷ স্থানীয় ৰাইজে বাৰম্বাৰ অভিযোগ কৰি আহিছে যদিও গা লৰা নাই বিভাগীয় বৰমূৰীয়াসকলৰ ।

এজাক বৰষুণতে জলমগ্ন যোৰহাটৰ কাকজান স্বাস্থ্য কেন্দ্ৰত

লগতে পঢ়ক- ঠিকাদাৰৰ গাঁফিলতিত যমৰ-যাতনা ৰাইজৰ

Intro:Body:এজাক বৰষুণতে বানপানী হয় যোৰহাটৰ কাকজান চিকিৎসালয়ত
TEOK: যোৰহাটৰ এখন আজৱ চিকিৎসালয়। যোৰহাটৰ বৃহত্তৰ কাকজান অঞ্চলৰ ৰাইজৰ একমাত্ৰ চিকিৎসাৰ ভৰষা কাকজান ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ।এই চিকিৎসালয় খনত চিকিৎসক আছে, ৰোগীও আহে। বাৰিষাৰ কালত চিকিৎসালয়খনত ভিতৰলৈহে সোমাব নিবিচাৰে ৰোগী। চিকিৎসালয়খনৰ প্ৰতিটো কোঠাত পানী। এক কদৰ্যময়পৰিবেশ। হয়, বাৰিষা কালত এজাক বৰষুণ দিলেই ২৫/৩০খন গাৱঁৰ ৰাইজৰ একমাত্ৰ চিকিৎসাৰ ভৰষা এইখন চিকিৎসালয়ত দেখিবলৈ পোৱা যায় এই নৰকসদৃশ পৰিবেশ। যি সময়ত ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগৰ অভূতপূৰ্ব পৰিবৰ্তনৰ কথা কৈ আহিছে ,সেই সময়ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা এইখন চিকিৎসালয়ৰ এনে কদৰ্য পৰিবেশে বিভাগটোৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই দিছে। এয়া মাত্ৰ এদিনৰ কথা নহয়, এজাক বৰষুণ দিলেই এই চিকিৎসালয় খনত এই পৰিবেশ সৃষ্টি হোৱা সমস্যাটো দীৰ্ঘদিনীয়া। স্থানীয় ৰাইজে বাৰম্বাৰ অভিযোগ কৰি আহিছে যদিও গা লৰা নাই বিভাগীয় বৰমুৰীয়াসকলৰ । যাৰফলত চিকিৎসালয়খনলৈ ৰোগী আহি নাক কোচাব লগীয়া পৰস্থিতিৰ সৃষ্টি হৈছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.