ETV Bharat / state

টীয়কৰ জাঁজীমুখত ঐতিহাসিক কীৰ্তিচিহ্ন উদ্ধাৰ

author img

By

Published : Nov 20, 2020, 11:02 AM IST

পুৰণিকলীয়া ইটাৰে নিৰ্মিত এই গম্বুজটো বিলুপ্তপ্ৰায় বৰআলিৰ ওপৰত অৱস্থিত । কথিত আছে স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্ব কালত নেঘেৰিটিং শিৱ মন্দিৰৰ পৰা ৰজাঘৰলৈ বুলি গড়গাঁৱলৈ নিৰ্মালি আনিছিল বৰআলিয়েদি । এই বৰআলিতে জাঁজীমুখৰ সমীপত আহোম ৰজাৰ নিৰ্দেশত নিৰ্মাণ কৰিছিল এই গম্বুজটো ।

teok-historical-poll-resque
টীয়কৰ জাঁজীমুখত ঐতিহাসিক কীৰ্তিচিহ্ন উদ্ধাৰ

টীয়ক,20নৱেম্বৰঃ মঙলবাৰে নিশা অহা এজাক প্ৰচণ্ড ধুমুহাত টীয়কৰ ঐতিহাসিক জাঁজীমুখৰ চোমনি চাপৰিত এজোপা প্ৰকাণ্ড বৰ গছ উভালি পৰাৰ লগে লগে উন্মোচিত হ'ল পৌৰাণিক এক তথ্য । উভালি পৰা বৰগছ জোপাৰ বক্ষত আহোম যুগৰ এটা গম্বুজ পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে ।

উল্লেখযোগ্য যে, পুৰণিকলীয়া ইটাৰে নিৰ্মিত এই গম্বুজটো বিলুপ্তপ্ৰায় বৰআলিৰ ওপৰত অৱস্থিত । কথিত আছে স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্ব কালত নেঘেৰিটিং শিৱ মন্দিৰৰ পৰা ৰজাঘৰলৈ বুলি গড়গাঁৱলৈ নিৰ্মালি আনিছিল বৰআলিয়েদি । এই বৰআলিতে জাঁজীমুখৰ সমীপত আহোম ৰজাৰ নিৰ্দেশত নিৰ্মাণ কৰিছিল এই গম্বুজটো। কিন্তু কালক্ৰমত উপযুক্ত সংৰক্ষণৰ অভাৱত জহি-খহি যাব ধৰা এই গম্বুজটোৰ গাতে গজি উঠা বৰগছ জোপাই আৱৰি পেলাই গম্বুজটো । পুৰাতত্ব বিভাগৰ চৰম অৱহেলাৰ বাবে ঐতিহাসিক সম্পদৰ জৰাজীৰ্ণ ৰূপ ধাৰণ কৰাৰ অভিযোগ উঠিছে । ইপিনে ঐতিহাসিক গম্বুজটো চাবলৈ অঞ্চলটোৰ বহু লোক সমবেত হৈছে ৷ সম্প্ৰতি অতি শীঘ্ৰে ঐতিহাসিক এই সম্পদ সংৰক্ষণৰ দাবী জনাইছে সচেতন ৰাইজে ।

লগতে পঢ়কঃ মৰিগাঁৱত নকল টকা বনোৱা মেচিনসহ গ্ৰেপ্তাৰ পাঁচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.