ETV Bharat / state

ইতিহাসৰ বুকুত বিলীন ঐতিহ্যমণ্ডিত কাকজান চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়

author img

By

Published : Jan 6, 2021, 2:24 PM IST

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে ইতিহাস বিজৰিত কাকজান চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়লৈ নামিছে ভাবুকি ৷ বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা,জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য,কবি নলিনীধৰ ভট্টাচাৰ্য,বৈষ্ণৱ পণ্ডিত সোনাৰাম চুতীয়াকে আদি কৰি অসমৰ বহু কেইগৰাকী পুৰোধা ব্যক্তিয়ে অধ্যয়ন কৰিছিল এই বিদ্যালয়ত ৷

Teok historical place
ইতিহাসৰ বুকুত বিলীন ঐতিহ্যমণ্ডিত কাকজান চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়

টীয়ক,6জানুৱাৰী : চাৰিলেণ্ডযুক্ত পথ সম্প্ৰসাৰণৰ পৰিণতিত ইতিহাসৰ বুকুত হেৰাই যাব বহু স্মৃতি বিজৰিত কাকজান চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়। বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা,জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য,কবি নলিনীধৰ ভট্টাচাৰ্য,বৈষ্ণৱ পণ্ডিত সোনাৰাম চুতীয়াকে আদি কৰি অসমৰ বহু কেইগৰাকী পুৰোধা ব্যক্তিয়ে অধ্যয়ন কৰিছিল কাকজান চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ত । কিন্তু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে ইতিহাস বিজৰিত বিদ্যালয়খন ভাঙি নতুনকৈ নিৰ্মিত বিদ্যালয় ভৱনলৈ স্থানান্তৰিত কৰা হৈছে ৷

ইপিনে উন্নয়নৰ স্বাৰ্থত প্ৰয়োজন হোৱা এইকাৰ্যৰ লগে লগে বৃহত্তৰ টীয়ক অঞ্চলৰ এক গৌৰৱো হেৰাই যাব। একেদৰেই আহোম ৰাজত্বৰ সাক্ষী বনমালি ছিঙা পুল,বাদুলীপুখুৰীও এতিয়া ইতিহাসৰ বুকুত বিলীন হোৱাৰ দিশত । আনহাতে এইসমূহ ঐতিহ্য নতুন প্ৰজন্মৰ বাবে ফটোগ্ৰাফীৰ যোগেদিয়েই হওক বা অন্যান্য ব্যৱস্থাৰে হওক সজীৱ কৰি ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন লোকে আহ্বান জনাইছে সংশ্লিষ্ট কৰ্তৃপক্ষক । তদুপৰি ঐতিহ্য বহনকাৰী পূব যোৰহাটৰ এনে সম্পদসমূহৰ স্মৃতি সজীৱ কৰাৰ অৰ্থে সমূহ টীয়কবাসীয়ে প্ৰতিটো দল-সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠান তথা বিভাগীয় কৰ্তৃপক্ষক এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈও সংবাদমাধ্যমৰ জৰিয়তে আহ্বান জনায় ।

লগতে পঢ়কঃ গুৰুতৰভাৱে অসুস্থ প্ৰখ্যাত বিজ্ঞানী ডঃ জিতেন্দ্ৰ নাথ গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.