টীয়ক,18 ফেব্ৰুৱাৰীঃ যি সময়ত চৰকাৰী প্ৰাথমিক বিদ্যালয় সমূহৰ ছাত্র-ছাত্ৰীৰ বাবে যোগান ধৰা সামগ্ৰী একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষকে বজাৰৰ পৰা ক্ৰয় কৰাৰ সময়ত নিম্নমানৰ সামগ্ৰী ক্ৰয় কৰাৰ অভিযোগ সততে শুনিবলৈ পোৱা যায় তেনে সময়ত যোৰহাট জিলাৰ টীয়কৰ এখন চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ । টীয়কৰ মধ্য যোৰহাট প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনস্থ ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়ত ছাত্র-ছাত্ৰীৰ বাবে মধ্যাহ্ন ভোজনৰ বাবে প্ৰয়োজনীয় শাক পাচলি বজাৰৰ পৰা ক্ৰয় কৰাৰ পৰিৱৰ্তে বিদ্যালয়ৰ চৌহদত জৈৱিক সাৰ প্ৰয়োগ কৰি উৎপাদন কৰি আহিছে যোৱা চাৰিটা বছৰে।
![TEOK GOVT IDEAL LP SCHOOL JORHAT ASSAM ETV REPORT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6112396_trok.jpg)
ৰাসায়নিক সাৰ প্ৰয়োগ কৰি উৎপাদন কৰা বজাৰৰ শাক-পাচলিয়ে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ অনিষ্ট সাধন কৰাৰ পৰা হাত সাৰিবৰ বাবে বিদ্যালয়খনৰ পৰিচালনা সমিতি,শিক্ষক সকলৰ প্ৰচেষ্টাত স্থাপন কৰা এই বাগিচাত কাচ কল,আলু,কবি,ভেণ্ডি,ফ্ৰেন্সবিনকে ধৰি বিভিন্ন খেতি কৰি উৎপাদিত সামগ্ৰী মধ্যাহ্ন ভোজনত ব্যৱহাৰ কৰে। তদুপৰি কৃষিকৰ্মৰ প্ৰতি ছাত্ৰাৱস্থাতে যাতে আকৰ্ষিত হয় তথা বছৰৰ কোন সময়ত কি খেতি কৰিব লাগে তাৰ সম্যক আভাস দিয়াৰ উদ্দেশ্যে বিদ্যালয়ৰ পাঠদানৰ অন্তত ছাত্ৰ-ছাত্ৰী সকলকো উক্ত বাগিচাৰ কেতবোৰ কামত নিয়োজিত কৰি এক আদৰ্শ দেখুৱাইছে ।
লগতে চাওকঃ