- টীয়ক গুৱালগাঁৱৰ মহিলা সমিতি প্ৰেক্ষাগৃহত আয়োজন নাট্য সমাৰোহৰ
- আৱিষ্কাৰ যুৱ মঞ্চ উদ্যোগত আৰু সন্মিলিত যুৱ সমাজৰ সহযোগত আয়োজন নাট্য সমাৰোহৰ
- ৩ জুলাইৰ পৰা আয়োজন কৰা নাট্য সমাৰোহখন সামৰণি পৰিব ১৯ জুলাইত
- নাট্য কৰ্মশালাত অংশগ্ৰহণ প্ৰায় ৭০ জন প্ৰশিক্ষাৰ্থীৰ
- নাট্য জগতৰ কেবাজনো অভিজ্ঞ ব্যক্তিয়ে পাঠদান কৰিছে কৰ্মশালাত
- নাট্য আন্দোলনক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আয়োজন এই কৰ্মশালাৰ
আৱিষ্কাৰ উদ্য়োগত টীয়কত নাট্য কৰ্মশালা - Etv Bharat
নাট্য আন্দোলনক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আৱিষ্কাৰে গাঁৱে গাঁৱে আয়োজন কৰি আহিছে এনে কৰ্মশালাৰ ৷
আৱিষ্কাৰ উদ্য়োগত টিয়কত নাট্য কৰ্মশালা
- টীয়ক গুৱালগাঁৱৰ মহিলা সমিতি প্ৰেক্ষাগৃহত আয়োজন নাট্য সমাৰোহৰ
- আৱিষ্কাৰ যুৱ মঞ্চ উদ্যোগত আৰু সন্মিলিত যুৱ সমাজৰ সহযোগত আয়োজন নাট্য সমাৰোহৰ
- ৩ জুলাইৰ পৰা আয়োজন কৰা নাট্য সমাৰোহখন সামৰণি পৰিব ১৯ জুলাইত
- নাট্য কৰ্মশালাত অংশগ্ৰহণ প্ৰায় ৭০ জন প্ৰশিক্ষাৰ্থীৰ
- নাট্য জগতৰ কেবাজনো অভিজ্ঞ ব্যক্তিয়ে পাঠদান কৰিছে কৰ্মশালাত
- নাট্য আন্দোলনক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আয়োজন এই কৰ্মশালাৰ
Intro:Body:টীয়কত আৱিষ্কাৰৰ নাট্য কৰ্মশালা
TEOK: সমগ্ৰ টীয়ক অঞ্চলতে 'আৱিষ্কাৰ যুৱ মঞ্চ'ই একমাত্ৰ অনুষ্ঠান যি বিগত ২০ টা বছৰে অহৰহ নাট্য আন্দোলন চলাই আহিছে। কোনো ৰাজনৈতিক তথা অনান্য মাধ্যমৰ পৰা বিগত ২০ বছৰে কোনোধৰণৰ সহায় নোলোৱাকৈ আৱিষ্কাৰ যুৱ মঞ্চ নামৰ এই অনুষ্ঠানটি কেৱল সদস্য আৰু শুভাকাংক্ষীৰ সহযোগত চলি আছে।বিগত কেইবছৰমানৰ পৰা টীয়কৰ বিভিন্ন গ্ৰাম্যাঞ্চলৰ শুপ্ত প্ৰতিভা বিকাশৰ অৰ্থে আৱিষ্কাৰে গাঁৱে গাঁৱে সেই অঞ্চলৰ কিছু অনুষ্ঠানৰ সহযোগিতাত নাট্য কৰ্মশালাৰ আয়োজন কৰি আহিছে।এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়। টীয়ক গুৱালগাঁৱত সন্মিলিত যুৱ সমাজ গুৱাল গাঁৱৰ সহযোগত যোৱা ৩ জুলাইৰ পৰা আয়োজন কৰা প্ৰায় ৭০ জন গ্ৰাম্য প্ৰতিভাই অংশগ্ৰহণ কৰা নাট্য কৰ্মশালাৰ অহা ১৯ জুলাইত অন্ত পৰিব।নাট্য জগতৰ কেইবাজনো বিশিষ্ট তথা অভিজ্ঞ ব্যক্তিয়ে পাঠদান কৰিছে এই কৰ্মশালাত।আৱিষ্কাৰে গাঁৱে গাঁৱে চলোৱা এই নাট্য আন্দোলন এইবাৰো আগৰদৰে সফল হৈছে বুলি কৈ লগতে এই কাৰ্যসূচীয়েই আৱিষ্কাৰক আৰু অধিক শক্তিশালী তথা ভৱিষ্যত মধুৰ কৰিছে বুলি সাংস্কৃতিক মহলে মন্তব্য কৰিছে।উল্লেখযোগ্য যে এই মঞ্চতে জীৱন নাটৰ আদিপাঠ শিকি অসমৰ নাট্য,কবিতা, চিনেমা,ভ্ৰাম্যমাণ জগতত কেইবাজনো সদস্যই ইতিমধ্যে নিজৰ চিনাকি দিবলৈ সক্ষম হৈছে।Conclusion: