ETV Bharat / state

মহামাৰী কৰ’ণাৰ পৰিত্ৰাণ সন্দৰ্ভত টীয়কত সজাগতা সভা - সজাগতা

মহামাৰী কৰ’ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ সন্দৰ্ভত টীয়কত আয়োজন কৰা হয় এক সজাগতাৰ সভা ৷ ইফালে টীয়ক সেৱা ভাৰতীৰ উদ্যোগত টীয়কৰ কাকজান সোণাৰী গাঁৱতো প্ৰায় দুই শতাধিক মহিলাৰ মাজত বিনামূলীয়াকৈ ডা: যদুনাথ বুঢ়াগোহাঁইৰ সহযোগত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰা হয় ।

মহামাৰী কৰ’ণাৰ পৰিত্ৰাণ সন্দৰ্ভত টীয়কত সজাগতা সভা

author img

By

Published : Sep 28, 2020, 7:36 AM IST

টীয়ক, 28 ছেপ্টেম্বৰ: টীয়কত মহামাৰী কৰ’ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ সন্দৰ্ভত আয়োজন কৰা হয় এক সজাগতাৰ সভা । এই সজাগতা সভাত টীয়কৰ বিভিন্ন স্থানত মাস্ক, ছেনিটাইজাৰ বিতৰণ কৰা পৰিলক্ষিত হৈছে ৷

মহামাৰী কৰ’ণাৰ পৰিত্ৰাণ সন্দৰ্ভত টীয়কত সজাগতা সভা
মহামাৰী কৰ’ণাৰ পৰিত্ৰাণ সন্দৰ্ভত টীয়কত সজাগতা সভা

উল্লেখ্য যে, 'ৰেঙনি এটি আশা'ৰ উদ্যোগত তথা অৰ্ণদা চছিঅ' ইকনমিক হেলথ এছ'চিয়েছনৰ সহযোগত টীয়কৰ তামূলীচিগা দুলীয়া গাঁৱৰ নামঘৰত আয়োজন কৰা হয় এই সজাগতা সভা । এই সজাগতা সভাত উপস্থিত থাকে কৰ্কট ৰোগ বিশেষজ্ঞ টীয়কৰ সন্তান ডা: যদুনাথ বুঢ়াগোহাঁই, যোৰহাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰিজু কুমাৰ শইকীয়া । ইপিনে উক্ত সভাত দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী বিশেষভাৱে উপস্থিত থাকি আধ্যাত্মিকতা ভাৱধাৰাৰ মাজেৰে স্বাস্থ্য সম্বন্ধীয় সজাগতাৰ ওপৰত মন্তব্য আগবঢ়ায় ।

ইপিনে উদ্যোক্তাসকলে প্ৰতিজন উপস্থিত ৰাইজক এটাকৈ ছেনিটাইজাৰ, একোখনকৈ মাস্ক আৰু সমাজকৰ্মী মনজিৎ শৰ্মাই আগবঢ়োৱা এটাকৈ ভিটামিন ঔষধৰ বটল বিনামূলীয়াকৈ বিতৰণ কৰে । ইফালে টীয়ক সেৱা ভাৰতীৰ উদ্যোগত টীয়কৰ কাকজান সোণাৰী গাঁৱতো প্ৰায় দুই শতাধিক মহিলাৰ মাজত বিনামূলীয়াকৈ ডা: যদুনাথ বুঢ়াগোহাঁইৰ সহযোগত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে । চিকিৎসা সেৱাৰ লগত জড়িত এইগৰাকী ব্যক্তিয়ে দৈনিক ব্যস্ততাৰ মাজতো মহামাৰী তথা দুৰাৰোগ্যৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি তাৰ সজাগতা সন্দৰ্ভত ৰাইজৰ মাজত উপস্থিত হোৱাৰ বাবে বিশিষ্ট চিকিৎসকগৰাকীক সকলোৱে ধন্যবাদ জনাইছে ।

লগতে পঢ়ক :আইপিএল 2020 : চেন্নাইৰ বিৰুদ্ধে 44 ৰাণত জয়ী দিল্লী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.