ETV Bharat / state

খাদ্যনলীৰ জটিল ৰোগত আক্ৰান্ত কংকনা বৰুৱাক চৰকাৰ সহায়ৰ হাত - teok

অসম চৰকাৰৰ ইতিবাচক পদক্ষেপ ৷ বৃহস্পতিবাৰে উন্নত চিকিৎসাৰ বাবে বাংগালুৰু নাৰায়ণা হৃদয়ালয়লৈ ৰাওনা টীয়কৰ কণমানি কংকনা ৷ বিগত কেইমাহ ধৰি খাদ্যনলীৰ জটিল ৰোগত আক্ৰান্ত হৈ আছে কণমানি কংকনা বৰুৱা ৷

টীয়ক
খাদ্যনলীৰ জটিল ৰোগত আক্ৰান্ত কংকনা বৰুৱাক চৰকাৰ সহায়ৰ হাত
author img

By

Published : Mar 5, 2020, 11:51 PM IST

টীয়ক, 5 মাৰ্চঃ টীয়কৰ বনাইত বিগত কেইবা মাহ ধৰি খাদ্যনলীৰ জটিল ৰোগত আক্ৰান্ত হৈ আছে কণমানি কংকনা বৰুৱা ৷ কণমানি গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে পৰামৰ্শ আগবঢ়াইছিল দিল্লীৰ এমচলৈ প্ৰেৰণ কৰাৰ বাবে ৷ কিন্তু GMCH ৰ এই পৰামৰ্শ পাছতেই হতাশাত ভূগিছিল আৰ্থিকভাৱে দূৰ্বল পৰিয়ালটি ৷

আনহাতে, কণমানি কংকনাৰ চিকিৎসাৰ বাবা অৰ্থিক সমস্যাৰ সন্মুখিন হোৱা এই বাতৰিটো প্ৰকাশ কৰিছিল টীয়ক প্ৰেছ ক্লাৱৰ সাংবাদিকসকলে ৷ তাৰ পাছতেই টীয়ক অঞ্চলৰ বিভিন্নজনে সাধ্য অনুসাৰে আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ সমান্তৰালকৈ অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজৰ উপদেষ্টা মনোজ গগৈয়ে ছ'চিয়েল মাধ্যমৰ যোগেদি ৰাইজলৈ সহায়ৰ হাত বিচাৰি এটা পোষ্ট কৰাৰ লগতে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বাৰ্তা প্ৰেৰণ কৰে ৷

খাদ্যনলীৰ জটিল ৰোগত আক্ৰান্ত কংকনা বৰুৱাক চৰকাৰ সহায়ৰ হাত

মনোজ গগৈৰ পোষ্টৰ প্ৰতি সহাঁৰি জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তদুপৰি উক্ত ফেচবুক পোষ্টতে ডিগবৈৰ বিধায়ক সুৰেন ফুকনে নিজে আগবাঢ়ি আহি কণমানি জনীৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়োৱাৰ বিষয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু তেখেতৰ নেতৃত্বতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক লগত যোগাযোগ কৰি অৱশেষত অসম চৰকাৰে কণমানি জনীৰ চিকিৎসাৰ সৰ্বস্ব খৰছ বহন কৰাৰ দ্বায়িত্ব গ্ৰহণ কৰে ৷

সেই মৰ্মে 5 মাৰ্চ অৰ্থাৎ বৃহস্পতিবাৰে কণমানি কংকনাক উন্নত চিকিৎসাৰ বাবে নিজ গৃহৰ পৰা বাংগালুৰুৰ নাৰায়ণা হৃদয়ালয়লৈ লৈ যোৱা হয় ৷ উক্ত সময়ত টীয়কৰ কেইবাটাও জাতীয় সংগঠনৰ নেতা, সমাজকৰ্মী তথা ৰাইজৰ লগতে টীয়ক প্ৰেছ ক্লাৱৰ সদস্যসকল উপস্থিত হৈ পৰিয়ালটিক সহায়ৰ হাত আগবঢ়াই আৰু কণমানিজনীৰ আৰোগ্য কামনা কৰে আৰু অসম চৰকাৰৰ এই ইতিবাচক পদক্ষেপক আদৰণি জনাইছে টীয়কবাসীয়ে ।

আৰু পঢ়কঃ যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা কৰি গ্ৰেপ্তাৰ হ'ল এম্বুলেঞ্চ চালক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.