টীয়ক,1 আগষ্টঃ অসমৰ প্ৰৱজিত শ্ৰমিকসকলক পুনৰ সংস্থাপনৰ বাবে অসম প্ৰদেশ বিজেপিয়ে এটা প্ৰব্ৰজিত শ্ৰমিক জৰীপ কোষ গঠন কৰি সমগ্ৰ অসমতে এক জৰীপ কাৰ্যসূচী আৰম্ভ কৰিছে। তাৰে অংশস্বৰূপে শনিবাৰে টীয়ক সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত সমষ্টিৰ প্ৰভাৰী যুৱনেতা দেৱজিত বৰুৱাৰ নেতৃত্বত কলিয়াপানী মণ্ডল বিজেপিৰ সভাপতি দীপক শইকীয়া,উপসভাপতি অভিজিত বৰুৱা,প্ৰব্ৰজিত শ্ৰমিক জৰীপ কোষৰ মণ্ডল আহ্বায়ক প্ৰদীপ বৰুৱাকে প্ৰমুখ্য কৰি মণ্ডলৰ কেইবাজনো বিষয়ববীয়াৰ সহযোগতত ঘৰে ঘৰে গৈ জৰীপ চলোৱা আৰম্ভ কৰিছে ৷
ইপিনে বহি:ৰাজ্যত সংস্থাপিত হৈ পৰিয়াল পোহপাল দি থকা এইসকল শ্ৰমিক হঠাৎ ক‘ৰণা আতংকৰ বাবে নিজ নিজ গৃহলৈ ঘূৰি অহাত এতিয়া এই পৰিয়ালসমূহৰ আৰ্থিক অৱস্থা শোচনীয় হৈ পৰিছে । নতুনকৈ যিকোনো কৰ্মত নিয়োজিত হ'বলৈ এই শ্ৰমিকসকল যাতে অসুবিধাত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি থলুৱাভাৱে হাঁহ-কুকুৰা-গাহৰি গৰু আদি পালন,ৰেচম অথবা ক্ষুদ্ৰ অন্যান্য ব্যৱসায়ৰ লগত জড়িত কৰাৰ প্ৰয়াসেৰে এই জৰীপ বিজেপি দলে চলাইছে বুলি মন্তব্য কৰে দেৱজিত বৰুৱাই। লগতে আজি পবিত্ৰ ঈদৰ উপলক্ষে টীয়ক অঞ্চলৰ বিশিষ্ট সমাজসেৱক ফৰিদ আহমেদ,সমাজকৰ্মী মহিবুৰ ৰহমান,সংবাদকৰ্মী ইচফাক আলি আহমেদক একোখনকৈ গামোচা প্ৰদান কৰি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে।
লগতে পঢ়কঃ ১ ছেপ্টেম্বৰৰ পৰা খুলিব ৰাজ্যৰ স্কুল-কলেজ: ঘোষণা হিমন্তবিশ্ব শৰ্মাৰ