ETV Bharat / state

২১ ৰ নিৰ্বাচনত বিজেপিক জয়ী কৰোৱাৰ আহ্বান ৰাইজক - Teok

সমাগত বিধানসভা নিৰ্বাচন ৷ টীয়ক সমষ্টিৰ ১৯ খন পঞ্চায়তৰ ভিতৰত ইতিমধ্যে দূৰ্গা পূজাৰ পূৰ্বে গৰিষ্ঠসংখ্যক পঞ্চায়তত সাংগঠনিক সভা অনুস্থিত কৰি তৃণমূল পৰ্যায়ত দলক সবল কৰি তোলাৰ প্ৰয়াসৰ সমান্তৰালকৈ আজি সমষ্টিটোৰ বামুণপুখুৰী,বলমা,ৰাজৈ বাদুলিপুখুৰী পঞ্চায়তত দলীয় সাংগঠিনক সভা অনুস্থিত কৰি অনাগত দিনত দলৰ কৰণীয়ৰ ওপৰত আলোচনা কৰে ।

২১ ৰ বিধানসভাত বিজেপিক জয়ী কৰোৱাৰ আহ্বান ৰাইজক

author img

By

Published : Nov 1, 2020, 8:27 PM IST

টীয়ক,1 নৱেম্বৰ: টীয়কৰ বিভিন্ন পঞ্চায়তত বিজেপিৰ সাংগঠনিক তথা যোগদান সভা ৷ সমাগত বিধানসভা নিৰ্বাচন ৷ ইতিমধ্যে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বিজেপি দলে সাংগঠনিক সভা অনুস্থিত কৰি দলৰ স্থিতি সুদৃঢ় কৰাত ব্যস্ত হৈ পৰিছে । টীয়ক সমষ্টিৰ ১৯ খন পঞ্চায়তৰ ভিতৰত ইতিমধ্যে দূৰ্গা পূজাৰ পূৰ্বে গৰিষ্ঠসংখ্যক পঞ্চায়তত তৃণমূল পৰ্যায়ত দলক সবল কৰি তোলাৰ প্ৰয়াসৰ সমান্তৰালকৈ সমষ্টিটোৰ বামুণপুখুৰী,বলমা,ৰাজৈ বাদুলিপুখুৰী পঞ্চায়তত দলীয় সাংগঠিনক সভা অনুস্থিত কৰি অনাগত দিনত দলৰ কৰণীয়ৰ ওপৰত আলোচনা কৰে ।

২১ ৰ বিধানসভাত বিজেপিক জয়ী কৰোৱাৰ আহ্বান ৰাইজক

দুয়োটা মণ্ডলৰ সভাপতি সম্পাদক প্ৰমুখ্য ৰাজ্যিক তথা জিলা পৰ্যায়ৰ কেইবাগৰাকীও দলীয় কৰ্মী উপস্থিত থকা এই সভাসমূহত প্ৰায় ছয় শতাধিক ব্যক্তিয়ে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। উল্লেখযোগ্য যে, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা কেইবাখনো দলীয় সভাত উপস্থিত হৈ দলৰ নীতি আদৰ্শ আৰু বিগত চাৰে চাৰিটা বছৰত চৰকাৰে ৰাইজৰ বাবে ৰূপায়ণ কৰা প্ৰতিটো আঁচনিৰ ওপৰত আলোকপাত কৰি ২১ত বিধানসভাত বিজেপিৰ আসন ১০০ৰো অধিক হোৱাত সকলোকে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায় ।

সাংসদ গৰাকীয়ে কয় যে বিজেপি দলৰ লগত ৰাইজ আছে আৰু প্ৰকৃতাৰ্থত বিজেপি দলটোহে ৰাইজৰ দল,লগতে বৰ্তমানৰ অন্যতম সফল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যিহেতু আছুৰ মজিয়াৰ পৰাই আহিছে সেয়ে আছুৱে নতুনকৈ ৰাজনৈতিক দল খুলি মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰাৰ কোনো নৈতিক অধিকাৰ নাই আৰু নৱগঠিত ৰাজনৈতিক দলসমূহে আগন্তুক নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলাই বুলি মন্তব্য কৰে।

লগতে পঢ়ক:ভক্তৰ বাবে মুকলি হ'ল গণেশগুৰিৰ গণেশ মন্দিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.