ETV Bharat / state

টীয়কত তপন গগৈৰ প্ৰচাৰ অভিযান - jorhat

নিৰ্বাচিত হ'লে টীয়ক তথা যোৰহাট লোকসভা সমষ্টিৰ সৰ্বাংগীন উন্নতিৰ প্ৰতিশ্ৰুতি তপন গগৈৰ ৷ প্ৰাৰ্থীগৰাকীৰ প্ৰচাৰ অভিযানত সংগ দিয়ে টীয়কৰ বিধায়িকা ৰেণুপমা ৰোজখোৱাৰ লগতে কৃষি বিপণন পৰিষদৰ অধ্যক্ষ পালিত বৰাই

টীয়কত প্ৰচাৰ চলালে তপন গগৈয়ে
author img

By

Published : Apr 4, 2019, 6:41 PM IST

টীয়ক, 4 এপ্ৰিলঃ বৃহস্পতিবাৰে টীয়কৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে ৷ চিন্তামণিগড়, মৰিজাঁজী, বামুণপুখুৰী, মধ্য টীয়ক জাঁজীমুখকে ধৰি কেইবাটাও স্থানত প্ৰচাৰ চলায় গগৈয়ে ৷

টীয়কত প্ৰচাৰ চলালে তপন গগৈয়ে
কংগ্ৰেছৰ দিনত সৰ্বস্তৰতে দুৰ্নীতিয়ে ছানি ধৰা বুলি অভিযোগ উত্থাপন কৰি তেওঁ নিৰ্বাচিত হ'লে টীয়ক তথা যোৰহাট লোকসভা সমষ্টিৰ সৰ্বাংগীণউন্নতিৰ প্ৰতিশ্ৰুতি দিয়ে তপন গগৈয়ে ৷ প্ৰাৰ্থীগৰাকীৰ প্ৰচাৰ অভিযানত সংগ দিয়ে টীয়কৰ বিধায়িকা ৰেণুপমা ৰোজখোৱাৰ লগতে কৃষি বিপণন পৰিষদৰ অধ্যক্ষ পালিত বৰাই ৷

Intro:Body:টীয়কত বিজেপি মিত্ৰযোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ মাৰাথান নিৰ্বাচনী সভা
TEOK:যোৰহাট লোকসভা সমষ্টিৰ মিত্ৰযোঁটৰ প্ৰাৰ্থী তপণ গগৈ আজি টীয়ক সমষ্টিৰ চিন্তামণিগড়,মৰিজাঁজী, বামুণপুখুৰী,মধ্য টীয়ক,জাঁজীমুখ,বলমা তিনিআলি,বলমা চাৰিআলি,ৰাজৈ, কাকজান ,মেলেং , হাতীগড়কে ধৰি বিভিন্ন প্ৰান্তত পুৱাৰে পৰা কেইবাখনো নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি আগন্তুক ১১ এপ্ৰিলত প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত বিজেপিৰ সপক্ষে ভোটদান সাব্যস্ত কৰিবলৈ সাধাৰণ জনতাক আহ্বান জনায়।টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা,কৃষি বিপনণ পৰিষদৰ অধ্যক্ষ পালিত বৰাকে প্ৰমুখ্য কৰি অগপ বিজেপিৰ জিলা পৰ্য্যায়ৰ কেইবাজনো নেতাই এই প্ৰচাৰত সহযোগিতা আগবঢ়ায়।অৱশ্যে প্ৰতিখন নিৰ্বাচনী সভাত মিত্ৰযুঁটে আশানুৰূপ জনতাৰ সহাৰি পোৱা নাই যদিও প্ৰাৰ্থীজনে নিৰ্বাচন জয় হ'ব বুলি দৃঢ় বিশ্বাস আছে বুলি মন্তব্য কৰিছে।লগতে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কংগ্ৰেছ দলে ইছু হিচাপে গ্ৰহণ কৰা নাগৰিকত্ব সংশোধন বিধেয়কৰ প্ৰসংগটোৱে এই নিৰ্বাচন কোনো প্ৰভাৱ নেপেলাই বুলি মন্তব্য কৰি বৰ্তমান তেওঁলোকৰ দলে ৰাইজৰ উন্নতিৰ বাবেহে কাম কৰি আছে বুলি কৈ অনাগত দিনত অসমক ভাৰতৰ দহখন ৰাজ্যৰ ভিতৰত স্হান দিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলি মত প্ৰকাশ কৰিছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.