টীয়ক, ১১ জানুৱাৰী: পৰম্পৰাগত খাদ্যৰে ভৰি পৰিছে টীয়কৰ 'অসমী ভোগালী মেলা' । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ অধীনত খণ্ড অভিযান পৰিচালনা শাখাৰ উদ্যোগত টীয়কত সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে তৃতীয় বাৰ্ষিক 'অসমী ভোগালী মেলা' । তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ভোগালী মেলাত খণ্ডটোৰ অধীনস্থ ১০ খন পঞ্চায়তৰ সকলো আত্মসহায়ক গোটৰ মহিলা অংশগ্ৰহণ কৰিছে ।
মহিলাসকলে পৰিষ্কাৰ-পৰিচন্নতা অৱলম্বন কৰি ঘৰতে তৈয়াৰ কৰা বিভিন্ন পিঠা,লাৰু,মুৰি,আখৈ,দৈ,ক্ৰীম উপলব্ধ হৈছে ভোগালী মেলাত । লগতে থলুৱা সাজপাৰ, জৈৱিক শাক-পাচলি কুকুৰা, হাঁহ আদি উভৈনদী হৈ পৰিছে । আনহাতে,উক্ত মেলাতে অস্থায়ী ভোজনালয়ত পিঠা,চুঙা চাউল আদি থলুৱা খাদ্য বিক্ৰী আৰু খোৱাৰ ব্যৱস্থা কৰা হৈছে । উদ্যমী মহিলাসকলৰ এনে কাৰ্যই গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিব বুলি আশা কৰিছে সকলোৱে ।
সোমবাৰে কলিয়াপানী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী পূণ্য কোচে মেলাখন উদ্বোধন কৰে । এই মেলাই মহিলা সবলীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে অনাগত দিনটো এইদৰে প্ৰতিগৰাকী মহিলাক ওলাই আহি স্ব-নিৰ্ভৰশীল হ'বলৈ আহ্বান জনায় পঞ্চায়তৰ সভানেত্ৰীগৰাকীয়ে । গ্ৰাহকসকলেও জুতিলগা থলুৱা খাদ্যসম্ভাৰ এনেদৰে ক্ৰয় কৰিবলৈ পাই আনন্দিত হৈ পৰিছে ।
লগতে পঢ়ক:ভোগালীৰ আনন্দত আত্মহাৰা বঙাইগাঁওবাসী