ETV Bharat / state

টীয়কত পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ

author img

By

Published : Oct 22, 2019, 10:24 PM IST

টীয়ক-বলমা-চেলেংহাট সংযোগী পথ,জগদুৱাৰ-বনাই সংযোগী পথ,মাজগাওঁ-টীয়ক সংযোগী পথ,টীয়ক-জখৰীয়া সংযোগী পথসমূহৰ জৰাজীৰ্ণ অৱস্থাৰ মেৰামতি দাবীত মঙলবাৰে টীয়ক চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷

টীয়কত পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ

টীয়ক,22 অক্টোবৰঃ মঙলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে টীয়কত ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত তথা টীয়কৰ ৰাইজৰ সহযোগত আজি টীয়ক চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে এই ধৰ্ণা কাৰ্যসূচী। টীয়ক-বলমা-চেলেংহাট সংযোগী পথ,জগদুৱাৰ-বনাই সংযোগী পথ,মাজগাওঁ-টীয়ক সংযোগী পথ,টীয়ক-জখৰীয়া সংযোগী পথসমূহৰ জৰাজীৰ্ণ অৱস্থাৰ মেৰামতি দাবীত মঙলবাৰে টীয়ক চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিয়ে। প্রায় অৰ্ধশতাধিক সদস্যই অংশ গ্ৰহণ কৰা ধৰ্ণা কাৰ্যসূচীত গড়কাপ্তানী বিভাগৰ উপ-সংমণ্ডল বিষয়া উদয়ন বৰঠাকুৰে অহা দহ দিনৰ ভিতৰত জৰাজীৰ্ণ পথসমূহ আংশিক মেৰামতি কৰি দিয়া হ'ব বুলি লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰাত সাময়িক ভাৱে ধৰ্ণা কাৰ্যসূচী স্থগিত ৰাখে। ধৰ্ণাৰ অন্তত টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ চক্ৰ বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিয়ে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্ণা

Intro:Body:টীয়কত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্ণা
TEOK:অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত তথা টীয়কৰ ৰাইজৰ সহযোগত আজি টীয়ক চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। টীয়ক-বলমা-চেলেংহাট সংযোগী পথ, জগদুৱাৰ-বনাই সংযোগী পথ, মাজগাওঁ-টীয়ক সংযোগী পথ, টীয়ক-জখৰীয়া সংযোগী পথসমূহৰ জৰাজীৰ্ণ অৱস্থাৰ মেৰামতি দাবীত আজি টীয়ক চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিয়ে। প্রায় অৰ্ধশতাধিক সদস্যই অংশ গ্ৰহণ কৰা ধৰ্ণা কাৰ্যসূচীত গড়কাপ্তানী বিভাগৰ উপ-সংমণ্ডল বিষয়া উদয়ন বৰঠাকুৰে অহা দহ দিনৰ ভিতৰত জৰাজীৰ্ণ পথসমূহ আংশিক মেৰামতি কৰি দিয়া হ'ব বুলি লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰাত সাময়িক ভাৱে ধৰ্ণা কাৰ্যসূচী স্থগিত ৰাখে।এই ধৰ্ণা কাৰ্যসূচীত টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ চক্ৰ বিষয়াক একোখন স্মাৰক পত্ৰও প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিসদৰ টীয়ক আঞ্চলিক সমিতিয়ে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.