ETV Bharat / state

Allegation against NHIDCL: NHIDCL ৰ চৰম গাফিলতি; উত্তাল হৈ পৰিল টীয়কৰ মেলেং - Allegation against NHIDCL

NHIDCL ৰ প্ৰৱন্ধকৰ অভব্য আচৰণক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিল টীয়কৰ মেলেং ৷ সংস্থাটোৰ হঠকাৰিতাৰ বাবে একাংশ লোক প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে বছৰ বছৰ ধৰি ৷

Tense Situation at Meleng in Teok For NHIDCL
উত্তাল টীয়কৰ মেলেং
author img

By

Published : Jun 26, 2023, 4:19 PM IST

NHIDCL ৰ চৰম গাফিলতিৰ বাবে প্ৰাপ্যৰ পৰা বঞ্চিত একাংশ

টীয়ক, 26 জুন: ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰে জড়িত তদাৰকী সংস্থা NHIDCL ৰ চৰম গাফিলতি ৷ NHIDCL ৰ প্ৰৱন্ধকৰ অভব্য আচৰণক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিল টীয়কৰ মেলেং ৷ প্ৰাপ্যৰ পৰা বঞ্চিত লোকে জবাবদিহি কৰিলে NHIDCL ৰ বিষয়াক ৷

ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰে জড়িত তদাৰকী সংস্থা NHIDCL ৰ চৰম গাফিলতিৰ বাবে কেৱল নিৰ্মীয়মান পথটো জৰাজীৰ্ণ ৰূপ ধাৰণ কৰাই নহয় তদাৰকী সংস্থাটোৰ হঠকাৰিতাৰ বাবে একাংশ লোক প্ৰাপ্যৰ পৰাও বঞ্চিত হৈ থাকিব লগা হৈছে বছৰ বছৰ ধৰি ৷ প্ৰাপ্যৰ পৰা বঞ্চিত সামগ্ৰী মজুত ৰখা ভূমিৰ গৰাকী ৷ সোমবাৰে পূৰ্বতে পথ নিৰ্মাণত সামগ্ৰী যোগান ধৰা একাংশ ব্যক্তিয়ে সোমবাৰে মেলেংৰ সমীপত মজুত ৰখা পথ নিৰ্মাণত ব্যৱহৃত সামগ্ৰী NHIDCL কৰ্তৃপক্ষই নিবলৈ অহাত বাধা আৰোপ কৰাত এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত চক্ৰ বিষয়া, আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও সমাধান সূত্ৰ উলিওৱাত ব্যৰ্থ হয় ৷ অৱশ্যে সংশ্লিষ্ট পক্ষবোৰৰ মাজত আলোচনাৰ পৰামৰ্শ প্ৰদান কৰি চক্ৰ বিষয়া, আৰক্ষীয়ে উক্ত স্থান ত্যাগ কৰাৰ পাচতে NHIDCL ৰ যোৰহাট কাৰ্যালয়ৰ প্ৰৱন্ধক বুলি চিনাকী দিয়া আনচাৰী নামৰ বিষয়াগৰাকীয়ে এই স্থানত উপস্থিত থকা সাংবাদিকসকলৰ প্ৰতি কেতবোৰ অপমানজনক মন্তব্য প্ৰদান কৰাৰ লগতে ভিডিঅ আদি সংগ্ৰহ কৰাক লৈ বিৰূপ মন্তব্য প্ৰদান কৰে ৷ লগতে বিষয়াগৰাকীয়ে অভব্য আচৰণ প্ৰদৰ্শন কৰাত সংবাদকৰ্মীসকলৰ লগতে উপস্থিত অন্যান্য সকলে প্ৰৱন্ধকগৰাকীৰ এনে আচৰণৰ প্ৰতিবাদ কৰাত অৱশেষত তেওঁ নিজৰ আচৰণৰ বাবে ক্ষমা খোজে ৷

উল্লেখযোগ্য যে, NHIDCL ৰ চৰম গাফিলতি, একাংশ বিষয়াৰ ধনৰ লোভৰ বাবে পূৰ্বতে নিয়োজিত নিৰ্মাণ সংস্থা সমূহক নাকী লগোৱাত ব্যৰ্থ হৈছিল ৷ যাৰ ফল ভোগ কৰিব লগা হৈছে সাধাৰণ জনতাই ৷ ইফালে প্ৰাপ্ত ধন আদায় নিদিয়া পৰ্যন্ত কোনো সামগ্ৰী উলিয়াই নিবলৈ দিয়া নহ’ব বুলি জানিবলৈ দিছে স্থানীয় ভূমি গৰাকীকে ধৰি অনান্য সামগ্ৰী যোগান ধৰা ব্যক্তিসকলে ৷ লগতে এই ক্ষেত্ৰত পুনৰ ন্যায়ালয়ৰ কাষ চপাৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰাপ্যৰ পৰা বঞ্চিত লোকসকলে ৷

লগতে পঢ়ক: Crime news in Dhemaji:চিলাপথাৰত ড্ৰাগছ আসক্তক ৰাইজে গতালে আৰক্ষীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.