ETV Bharat / state

ইউৰোপত জলবায়ু প্ৰতিৰোধী কৃষি প্ৰশিক্ষণ ; নিৰ্বাচিত অসম কৃষি বিশ্ববিদ্যালয়ৰ 10 গৰাকী গৱেষক শিক্ষাৰ্থী

জলবায়ু প্ৰতিৰোধী কৃষি সম্পৰ্কে প্ৰশিক্ষণৰ উদ্দেশ্যে নিৰ্বাচিত দেশৰ সৰ্বমুঠ 16 গৰাকী ছাত্ৰ-ছাত্ৰী নিৰ্বাচিত হৈছে ৷ ইয়াৰে অসম কৃষি বিশ্ববিদ্যালয়( Assam Agricultural University)ৰ আছে 10 গৰাকী গৱেষক ছাত্ৰ-ছাত্ৰীৰ নাম ৷ ইউৰোপীয় ইউনিয়নৰ ইৰাছমাছ প্ৰাছ আঁচনিৰ অধীনৰ এডাপ্টনেট (Adapt NET) শীৰ্ষক দক্ষতা বৃদ্ধি প্ৰকল্পৰ অধীনত হ’ব এই প্ৰশিক্ষণ শিবিৰ (Agricultural training in Europe) ৷

Agricultural training in Europe
ইউৰোপত জলবায়ু প্ৰতিৰোধী কৃষি প্ৰশিক্ষণ
author img

By

Published : May 3, 2022, 8:07 AM IST

যোৰহাট, 3 মে’ : জলবায়ু প্ৰতিৰোধী কৃষি সম্পৰ্কে প্ৰশিক্ষণৰ উদ্দেশ্যে অসম কৃষি বিশ্ববিদ্যালয়ৰ দহ গৰাকী গৱেষক ছাত্ৰ-ছাত্ৰী ইউৰোপত বিশেষ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে (Ten researcher students of AAU Jorhat selected for climate resistant agricultural training in Europe) । বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত মূল চৌহদৰ উত্তৰ-পূৱ কৃষি জৈৱ প্ৰযুক্তিবিদ্যা কেন্দ্ৰৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ এইসকল গৱেষক ছাত্ৰ-ছাত্ৰীয়ে ইউৰোপত গ্ৰহণ কৰিব তিনিমহীয়া বিশেষ প্ৰশিক্ষণ ।

ইউৰোপীয় ইউনিয়নৰ ইৰাছমাছ প্ৰাছ আঁচনিৰ অধীনৰ এডাপ্টনেট (Adapt NET) শীৰ্ষক দক্ষতা বৃদ্ধি প্ৰকল্পৰ অধীনত নিৰ্বাচিত দেশৰ সৰ্বমুঠ 16 গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত অসম কৃষি বিশ্ববিদ্যালয়( Assam Agricultural University)ৰ এইসকল শিক্ষাৰ্থী নিৰ্বাচিত হৈছে । প্ৰথম পৰ্যায়ত বিশ্ববিদ্যালয়ৰ দুগৰাকী গৱেষক ছাত্ৰ-ছাত্ৰী ইতিমধ্যে ইউৰোপলৈ গৈছে ।

ইউৰোপীয় ইউনিয়নৰ শিক্ষা, দৃশ্য-শ্ৰাব্য আৰু সাংস্কৃতিক কাৰ্যবাহী সংস্থাই পৃষ্ঠপোষকতা কৰা জলবায়ু স্থিতিস্থাপক শস্যৰ শিক্ষা, গৱেষণা আৰু উদ্ভাৱনক শক্তিশালী কৰাৰ সামগ্ৰিক আঁচনিৰ অধীনত আয়োজন কৰা এই প্ৰশিক্ষণত গ্ৰীচৰ এথেন্স কৃষি বিশ্ববিদ্যালয়, একাডেমী অফ এথেন্স, ইটালীৰ মিলান বিশ্ববিদ্যালয় আৰু পলিটেকনিক বিশ্ববিদ্যালয়ে সহযোগ আগবঢ়াব ।

লগতে পঢ়ক : বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশন থলীত মুখ্যমন্ত্ৰী

বহনক্ষম কৃষিৰ বিকাশ তথা প্ৰসাৰৰ বাবে এই বিশেষ কৰ্মসূচীৰ অধীনত ইতিমধ্যে দেশৰ মুঠ ঊনত্ৰিশ গৰাকী গৱেষক বিজ্ঞানীয়ে ইউৰোপত প্ৰশিক্ষণ সমাপ্ত কৰি উভতি আহিছে । এই প্ৰশিক্ষণৰ বাবে যাবলগীয়া গৱেষক ছাত্ৰ-ছাত্ৰী সকলক অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুত চন্দন ডেকাই অভিনন্দন জনায় ৷ লগতে তেওঁ এই প্ৰশিক্ষণে পৰিৱৰ্তিত জলবায়ুত প্ৰেক্ষাপটত দেশৰ কৃষি অৰ্থনীতিৰ বিকাশত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে ।

উত্তৰ-পূৱ কৃষি জৈৱ প্ৰযুক্তিবিদ্যা কেন্দ্ৰৰ সঞ্চালক ড৹ বিদ্যুত কুমাৰ শৰ্মা আৰু এথেন্স কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ এন্দ্ৰিয়াছ ভলুডাকিছে শিক্ষাৰ্থী সকলক অভিনন্দন জনায় ৷ আনকি এই প্ৰশিক্ষণে ইউলোপ আৰু ভাৰতৰ কৃষিৰ সমন্বিত গৱেষণাধৰ্মী কৰ্মসূচীক অধিক আগুৱাই নিব বুলি আশা ব্যক্ত কৰে তেওঁলোকে ।

উত্তৰ-পূৱ কৃষি জৈৱ প্ৰযুক্তিবিদ্যা কেন্দ্ৰৰ সঞ্চালক ড৹ বিদ্যুত কুমাৰ শৰ্মা আৰু এথেন্স কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ এন্দ্ৰিয়াছ ভলুডাকিছে শিক্ষাৰ্থী সকলক অভিনন্দন জনাই আৰু এই প্ৰশিক্ষণে ইউলোপ আৰু ভাৰতৰ কৃষিৰ সমন্বিত গৱেষণাধৰ্মী কৰ্মসূচীক অধিক আগুৱাই নিব বুলিও আশা ব্যক্ত কৰে ।

লগতে পঢ়ক : Yoga Festival in Guwahati : গুৱাহাটীত অনুষ্ঠিত যোগ মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.