ETV Bharat / state

বিনা বেতনে শিক্ষকতাৰ 25 টা বছৰ - mohan das

জাঁজী নদীৰ পাৰত অৱস্থিত ভিতৰুৱা অঞ্চলটোত শিক্ষাৰ পোহৰ বিলোৱাৰ উদ্দেশ্যেৰে 1994 চনত মোহন দাস নামৰ ব্যক্তিজনে বাচি লৈছিল শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তি

বিনা বেতনে শিক্ষকতাৰ 25 টা বছৰ
author img

By

Published : Sep 5, 2019, 1:43 PM IST

যোৰহাট, 5 চেপ্তেম্বৰঃ পৱিত্ৰ শিক্ষকৰ দিনটোতে এজন শিক্ষকৰ দুৰ্বিসহ জীৱন ৷ সুদীৰ্ঘ 25 টা বছৰ বিনা বেতনে শিক্ষকতা কৰা এজন শিক্ষক ৷ যোৰহাট টীয়ক সমষ্টিৰ অন্তৰ্গত এইজন শিক্ষক বনাই পথলিয়ালৰ মোহন দাস । জাঁজী নদীৰ পাৰত অৱস্থিত ভিতৰুৱা অঞ্চলটোত শিক্ষাৰ পোহৰ বিলোৱাৰ উদ্দেশ্যেৰে 1994 চনত মোহন দাস নামৰ ব্যক্তিজনে বাচি লৈছিল শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তি ৷ হাজাৰটা সপোন বাস্তৱায়িত কৰাৰ মানসেৰে 1 নং বনাই পথলিয়াল সত্যজিৎ প্ৰাথমিক বিদ্যালয়ত যোগদান কৰি মোহন দাসে চৰকাৰৰ ঘৰৰ পৰা নাপালে এটকাও। আনহাতে, দাসে শিক্ষকতা কৰা বিদ্যালয়খন 1992 চনত স্থাপন কৰা হৈছিল যদিও বৰ্তমান পৰ্যন্ত প্ৰাদেশীকিত ন'হল । ইপিনে যোৱা দুটা বছৰে দেহৰ জটিল ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছে শিক্ষক মোহন দাস । সুস্থ অৱস্থাত শিক্ষকতাৰ সমান্তৰালকৈ ব্যৱসায় বাণিজ্যৰে পৰিয়াল পোহপাল দিয়া দাস শয্যাশায়ী হোৱাৰ পাচত তেখেতৰ পত্নীয়ে মৎস্য ব্যৱসায়ৰে জড়িত হৈ পৰিয়াল পোহপাল দিয়াৰ লগতে স্বামীৰ চিকিৎসা ব্যয়ৰ যোগান ধৰিব লগা হৈছে ।

Intro:Body:বিনা বেতনে ২৫ বছৰ শিক্ষকতা কৰা মোহন দাস শৰ্যাশায়ী,পত্নীয়ে বাচি লৈছে মৎস্য ব্যৱসায়
TEOK:যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ অন্তৰ্গত এক ভিতৰুৱা অঞ্চল বনাই পথলিয়াল।জাঁজী নদীৰ পাৰত অৱস্থিত এই ভিতৰুৱা অঞ্চলটোত শিক্ষাৰ পোহৰ বিলোৱাৰ উদ্দেশ্যে ১৯৯৪ চনত মোহন দাস নামৰ এজন যুৱকে শিক্ষকতাৰ দৰে পবিত্র বৃ্ৰ্তি বাচি লৈ যোগদান কৰিছিল ১ নং বনাই পথলিয়াল সত্যজিৎ প্ৰাথমিক বিদ্যালয়ত। হাজাৰটা সপোন বাস্তৱায়িত কৰাৰ মানসেৰে এদিন শিক্ষকতাৰ দৰে পবিত্ৰ বৃৰ্তিত যোগদান কৰা মোহন দাসে চৰকাৰৰ ঘৰৰ পৰা নাপালে ফুটাকৰি এটাও।দাসে শিক্ষকতা কৰা বিদ্যালয় খন ১৯৯২ চনতে স্হাপন কৰা হৈছিল যদিও আজি পৰ্যন্ত প্ৰাদেশিকিত নহ'ল বিদ্যালয়খন ।ইপিনে যোৱা দুটা বছৰে দেহৰ জটিল ৰোগত আক্ৰান্ত হৈ শৰ্যাশায়ী হৈ আছে শিক্ষক মোহন দাস ।সুস্থ অৱস্থাত শিক্ষকতাৰ সমান্তৰালকৈ ব্যৱসায় বানিজ্যৰে পৰিয়াল পোহপাল দিয়া দাস শৰ্যাশায়ী হোৱাৰ পাছত এতিয়া তেওঁৰ পত্নীয়ে মৎস্য ব্যৱসায়ৰে জড়িত হৈ পৰিয়াল পোহপাল দিয়াৰ লগতে স্বামীৰ চিকিৎসা ব্যয় যোগাৰ কৰিব লগা হৈছে ।যিজন যুৱকে শিক্ষাৰ পোহৰ বিলাবৰ বাবে শিক্ষকতাৰ দৰে বৃৰ্তি বাছি লৈ জীৱন উৰ্চগা কৰিছিল সেই গৰাকী শিক্ষকক সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰৰ সময় হ 'বনে ?ইপিনে দাসৰ পিতৃয়ে কষ্টেৰে উপাৰ্জিত ধনেৰে সেই সময়ত ইটাৰে বাসগাহটো বনাবলৈ চেষ্টা কৰিছিল, কিন্তু এতিয়া কাল হৈ পৰিছে এই পকী ঘৰটো কিয়নো ঘৰটোৰ বেৰ পকী হোৱাৰ বাবে চৰকাৰৰ আয়ুষমান কাৰ্ডৰ পৰা বঞ্চিত হৈছে পৰিয়ালটো।সেয়ে আজিৰ এই পবিত্ৰ শিক্ষক দিৱসৰ দিনা চৰকাৰক সহায় বিচাৰি কাতৰ আহ্বান জনাইছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.