ETV Bharat / state

Society avoids mortal rituals:শৰণ নোলোৱাৰ বাবেই তিলনীলৈ নাহিল ৰাইজ

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 6:21 PM IST

সমাজৰ অস্পৃশ্যতাৰ বলি হৈছে যোৰহাট জিলাৰ তিতাবৰ নগাবাট শুকানজানৰ এটি দুৰ্ভগীয়া পৰিয়াল ।

society avoids mortal rituals considering deceased family outcast
সমাজৰ অস্পৃশ্যতাৰ বলি
সমাজৰ অস্পৃশ্যতাৰ বলি

তিতাবৰ, 2 ছেপ্টেম্বৰ : সমাজৰ অস্পৃশ্যতাৰ বলি হৈছে যোৰহাট জিলাৰ নগাবাট শুকানজানৰ এটি দুৰ্ভগীয়া পৰিয়াল । এফালে ঘৰখনৰ একমাত্ৰ পুত্ৰক হেৰুওৱাৰ বেদনা, আনফালে পুত্ৰই শৰণ নোলোৱাৰ বাবেই মৃতকৰ পৰিয়ালক এঘৰীয়া । হয়, এনে এক অমানবীয় ঘটনাই সম্প্ৰতি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাবাট অঞ্চলত ৷

অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ পৰিণতিত বহিঃৰাজ্যত মৃত্যু হোৱা যুৱক বসন্ত চুতীয়াৰ মৃতদেহ সৎকাৰৰ বাবে ওলাই নাহিল গাঁৱৰ কোনো লোক । গাঁওখনৰ লিখন চুতীয়া নামৰ ব্যক্তিজনৰ দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী বসন্ত চুতীয়া নামৰ যুৱকজনে বাংগালোৰত কৰ্মৰত অৱস্থাতে যোৱা ২৬ আগষ্টত অকাল মৃত্যুক সাৱটি লয় । তেওঁৰ মৃতদেহ স্ব-গৃহলৈ অহাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল পৰিয়ালটো ৷

কিন্তু অৱশেষত যুৱকজনৰ মৃতদেহ নিজ গৃহত আহি পোৱাৰ পাচতো মৃতদেহ সৎকাৰৰ বাবে ওলাই অহা নাছিল গাঁওখনৰ কোনো লোক । উপান্তৰ হৈ পৰিয়ালৰ লোকেই যুৱকজনৰ সৎকাৰ কাৰ্য সমাপন কৰিছিল যদিও শনিবাৰে অনুষ্ঠিত হ’ব লগা তিলনী দিনটোৰ কৰ্মটো উপস্থিত নহ’ল গাঁৱৰ লোক । ইয়াৰ কাৰণ হিচাপে গাঁওবাসীয়ে যুৱকজন শৰণীয়া নোহোৱাৰ বাবেই বিভিন্ন বৈদিক কৰ্মৰ পৰা বিৰত আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ।

উপায়ন্তৰ হৈ বসন্তৰ পৰিয়ালে সাংবাদিকক নিজ গৃহলৈ আমন্ত্ৰণ কৰি ঘটনাটো দৃষ্টিগোচৰ কৰাৰ পাচতহে সমাজিক ৰোষত পৰাৰ ভয়ত তিলনীৰ কৰ্ম কৰাৰ বাবে উপস্থিত হয় কোনো কোনো লোক। সম্প্ৰতি এই ঘটনাই বিজ্ঞান প্ৰযুক্তিৰ উত্তৰণৰ সময়তো সমাজত মানৱীয় মূল্যবোধৰ অৱক্ষয় ঘটা বুলি প্ৰমাণিত কৰিলে । এজন 21-22 বছৰীয়া যুৱকৰ মৃত্যুৰ পাচতো আমাৰ সমাজত বৰ্তমানেও চলি থকা এনেধৰণৰ পুৰণি কলীয়া পৰম্পৰাই মানৱ সমাজক পুনৰ লজ্জানত কৰিলে ।

লগতে পঢ়ক : Suspicious death of an Assamese boy:বহি:ৰাজ্যত পুনৰ অসমৰ যুৱকৰ অকাল মৃত্যু

A family from Majuli ostracized from society:জাত-পাত আৰু সামাজিক নিয়ম যেতিয়া কাৰোবাৰ বাবে দুৰ্বিসহ হৈ পৰে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.