ETV Bharat / state

টীয়কত ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ সাব্যস্ত - Lock Down

টীয়কৰ অন্তৰ্গত চটাইৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত শ শ কুইন্টল কেঁচা চাহপাত পেলাই এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে । লক ডাউনৰ ফলত ৰাজ্যৰ চাহ উদ্যোগটোৰ বহুখিনি ক্ষতি হোৱাৰ পিছত এতিয়া কাৰখানাৰ গেছ নথকাৰ অজুহাতত পাত নোলোৱাত হাহাকাৰৰ সৃষ্টি হৈছে খেতিয়কসকলৰ মাজত ৷

Small tea planter protest teok jorhat assam etv bharat news
ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ সাব্যস্ত
author img

By

Published : Jul 10, 2020, 9:14 PM IST

টীয়ক,10 জুলাই: যোৰহাটৰ টীয়কৰ অন্তৰ্গত চটাইৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত শ শ কুইন্টল কেঁচা চাহপাত পেলাই এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে । দীৰ্ঘদিন ধৰি বিশেষকৈ যোৰহাট জিলাৰ কেইবাটাও চাহ ফেক্টৰীয়ে গেছ নোহোৱাৰ অজুহাতত চাহ খেতিয়কসকলৰ পৰা কেঁচাপাত অনিয়মীয়াকৈ লোৱাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ ৷

টীয়কত ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ সাব্যস্ত

ইতিপূৰ্বে লক ডাউনৰ ফলত ৰাজ্যৰ চাহ উদ্যোগটোৰ বহুখিনি ক্ষতি হোৱাৰ পিচত এতিয়া কাৰখানাৰ গেছ নথকাৰ অজুহাতত পাত নোলোৱাত হাহাকাৰৰ সৃষ্টি হৈছে খেতিয়কসকলৰ মাজত ৷ এই বিষয়ে উত্তৰ-পূৱ চাহ সন্থা চমুকৈ নেটাৰ উপাধ্যক্ষগৰাকীক সোধাত বিগত তিনিটা দিনত গেছৰ যোগান বন্ধ হৈ থকাৰ বাবে এই সমস্যাৰ উদ্ভৱ হোৱাৰ কথা ব্যক্ত কৰে । লগতে অনতিপলমে গেছ যোগান ব্যৱস্থা নিয়মীয়া কৰিবলৈ চৰকাৰ তথা গেছ কোম্পানীক আহ্বান জনোৱাৰ কথাও উল্লেখ কৰে । উল্লেখ্য যে,কাৰখানাৰ স্বত্বাধিকাৰীসকলে অসম গেছ কোম্পানীৰ সৈতে এই বিষয়ত যোগাযোগ কৰাত বাঘজানৰ ঘটনাৰ আলম লৈ গেছ যোগানত ব্যাঘাত জন্মাৰ কথা জানিবলৈ দিয়ে ৷ সম্প্ৰতি যোৰহাট আৰু গোলাঘাটৰ গৰিষ্ঠসংখ্যক কাৰাখানা এই সমস্যাৰ বাবে বন্ধ হৈ আছে ৷ যাৰ ফলত বৃহৎ লোকচানৰ দিশে গতি কৰিছে অসমৰ চাহ উদ্যোগটো ।

লগতে চাওকঃ ডিব্ৰুগড়লৈ ভাবুকি: বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.