ETV Bharat / state

যোৰহাটত গড়কাপ্তানী বিভাগৰ লেহেম গতি ! কিন্তু কিয় ?

উল্লেখ্য যে 'নগৰ আন্ত:গাঁঠনি উন্নয়ন পুঁজি'ৰ জৰিয়তে নিৰ্মাণ কৰিব লগীয়া জে.বি ৰোডটো, 2018-19 বৰ্ষতে নিৰ্মাণৰ সময় নিৰ্ধাৰণ কৰা হৈছিল ৷' কিন্তু আজি পৰ্যন্ত পথটো নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাৰ অভিযোগ ৷

যোৰহাটত গড়কাপ্তানী বিভাগৰ কাছ খুজিয়া গতি!
author img

By

Published : May 21, 2019, 1:59 PM IST

যোৰহাট , 21 মে': যোৰহাট নগৰৰ বহু কেইটা গুৰুত্বপূৰ্ণ পথৰ ভিতৰত জে.বি ৰোডটো অন্যতম ৷ কিন্তু এই পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে নগৰবাসীয়ে জীয়াতু ভুগিবলগীয়া হৈছে ৷

যোৰহাটত গড়কাপ্তানী বিভাগৰ কাছ খুজিয়া গতি!

যোৰহাট নগৰৰ এ টি ৰোডৰ পৰা ৰাষ্ট্ৰীয় উপপথলৈকে পথছোৱাত পুখুৰী সদৃশ গাঁত সৃষ্টি হৈছে ৷ যাৰ ফলত এই পথটোত সঘনাই দূৰ্ঘটনাৰ সংঘটিত হোৱাৰ অভিযোগ দিয়ে অঞ্চলবাসীয়ে ৷ উল্লেখ্য যে 'নগৰ আন্ত:গাঁঠনি উন্নয়ন পুঁজি'ৰ জৰিয়তে নিৰ্মাণ কৰিব লগীয়া জে.বি ৰোডটো, 2018-19 বৰ্ষতে নিৰ্মাণৰ সময় নিৰ্ধাৰণ কৰা হৈছিল ৷ প্ৰায় 6 কোটি 56 লাখ টকাৰে নিৰ্মাণ কৰিবলগীয়া পথটোৰ, বৰ্তমান সময়ত মাত্ৰ 20 শতাংশ হে কামৰ অগ্ৰগতি হৈছে ৷ তথ্য অনুসৰি পথটো নিৰ্মাণ কৰিবলৈ আৰু আন এটা বছৰ লাগিব ৷ যিহেতু পথটোৰ দুয়ো ফালে পকা-নলা নিৰ্মাণ হোৱাৰ পাচতহে পথ নিৰ্মাণৰ কামৰ অগ্ৰগতি হ'ব ৷ আনফালে বাৰিষাৰ সময়ত এনেধৰনৰ গুৰুত্বপূৰ্ণ পথ সমূহৰ জৰাজীৰ্ণ ৰূপে জনসাধাৰণক ব্যাপক সমস্যাত পেলাব সেইয়া নিশ্চিত ৷

ধান পকালৈকে টুনিৰ মৰণ।।এই খন্ড বাক্য খাৰি হাতে হাতে ফলিয়াইছে যোৰহাটত।গড়কাপ্টানী মন্ত্ৰী হিচাপে ভাৰ লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিভাগত এতিয়া কাছ খুজিয়া গতি।উন্নয়নৰ এক মাত্ৰ হেঙাৰ বৰুণ দেৱতা।উল্লেখযোগ্য যে যোৰহাট নগৰৰ বহু কেইটা গূৰুত্বপূৰ্ণ পথৰ ভিতৰত জে ৱি ৰোডটো অন্যতম।কিন্তু এই পথটোৰ জৰাজীৰ্ণ অৱস্থাই জীয়াটো ভূগাইছে নগৰ বাসীক।যোৰহাট নগৰ এ টি ৰোডৰ পৰা ৰাষ্ট্ৰীয় উপ পথলৈকে পথচোৱাত এতিয়া পুখুৰী সদৃশ গাত।যাৰ ফলত সঘনাই সংঘটিত হৈছে দূৰ্ঘটনাৰ।উল্লেখযোগ্য যে "নগৰ আন্ত:গাঠনি উন্নয়ন পুজি" জড়িয়তে নিৰ্মাণ কৰিব লগীয়া জে বি ৰোড পথটো নিৰ্মাণ সময় নিৰ্ধাৰণ কৰিছে ২০১৮-১৯ বৰ্ষতে।প্ৰায় ৬ কোটি ৫৬ লাখ টকাৰে নিৰ্মাণ কৰিবলগীয়া পথটোৰ বৰ্তমানৰ সময়ত মাত্ৰ ২০%শতাংশ হে কামৰ অগ্ৰগতি হৈছে।যদি এইদৰে কাছ খুজীয়া গতিৰে গূৰুত্বপূৰ্ণ পথ সমূহৰ উন্নয়ন হয় তেনেহলে সহজে অনুমান কৰিব পাৰি কিমান দিন লাগিব প্ৰকৃত অৰ্থত উন্নয়ন হবলৈ‌।যিহেতু আমাৰ হাতত পৰা তথ্য মতে পথটো নিৰ্মাণ কৰিবলৈ এটা বছৰ লাগিব।যিহেতু পথটোৰ দুয়োটা ফালে পকা-নলা নিৰ্মাণ হোৱাৰ পাছতহে পথৰ কামৰ অগ্ৰগতি হবগৈ।আনফালে বাৰিষাৰ সময়ত এনেধৰনৰ গূৰুত্বপূৰ্ণ পথ সমূহৰ অৱস্থা জৰাজীৰ্ণ ৰূপে জনসাধাৰণক ব্যাপক সমস্যাত পেলাব।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.