টীয়ক, 29 নৱেম্বৰ : মিচিং সাহিত্য সভা(Mishing sahitya sabha Teok) টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত দেওবাৰে মুকলি কৰা হৈছে ছমহীয়া মিচিং ভাষাৰ প্ৰশিক্ষণ শিবিৰ(Six months Mishing language training) মুকলি ৷ মিচিং সাহিত্য সভাই নিজৰ জনগোষ্ঠীয় ভাষাটোৰ প্ৰসাৰ আৰু প্ৰচাৰৰ অৰ্থে (Publicity and expansion of Mishing language) সমগ্ৰ অসমতে মিচিং ভাষা প্ৰশিক্ষণৰ এক ব্যৱস্থা গ্ৰহণ কৰিছে ।
ইয়াৰে অংশ হিচাপে মিচিং সাহিত্য সভা টীয়ক আঞ্চলিক সমিতিয়ে টীয়ক জাতীয় বিদ্যালয়ত মিচিং ভাষা প্ৰশিক্ষণৰ এক শ্ৰেণীকোঠা মুকলি(Classroom opening for Mishing language learning) কৰি পাঠদানৰ শুভাৰম্ভণি কৰে ।
উল্লেখ্য যে, এতিয়ৰে পৰা প্ৰতি দেওবাৰে আগন্তুক ছমাহলৈকে এই পাঠদান অব্যাহত থাকিব আৰু এই শিবিৰত নিজৰ জনগোষ্ঠীয় ভাষা, জনগোষ্ঠীটোৰ ইতিহাস তথা ধৰ্মীয় ৰীতি-নীতিৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷
এই ব্যৱস্থাই অনাগত দিনত মিচিং ভাষাক এক সুকীয়া মৰ্যদা প্ৰদান কৰিব বুলি আশাবাদী উদ্যোক্তাসকল । মতিলাল টায়ে আঁতধৰা আৰু মিচিং সাহিত্য সভা টীয়ক আঞ্চলিকৰ সভাপতি দিলীপ মিলিয়ে সভাপতিত্ব কৰা উক্ত শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে জাতীয় বিদ্যালয়ৰ সঞ্চালক প্ৰদীপ চুতীয়া, সচিব সৌৰভ বৰা, জাঁজী হেমনাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰৱক্তা ড৹ মণ্টু কুমাৰ বৰা, আঞ্চলিকৰ সম্পাদক ভৱকান্ত টাও, কাৰ্তিক পেগু, প্ৰণৱ পায়েঙকে ধৰি ভালেসংখ্যক বিষয়ববীয়া ৷
লগতে পঢ়ক : Makhibaha Library inauguration : ড৹ সমুজ্জ্বল ভট্টাচাৰ্য-জুবিন গাৰ্গৰ উপস্থিতিত মুকলি ৰাজহুৱা পুথিভঁৰাল